29 C
Guwahati
Wednesday, May 15, 2024

Anti-cheating bill in Assam: প্ৰশ্নকাকত ফাদিলত ১০ বছৰৰ জে’ল, নকল কৰিলেও খাব লাগিব জে’লৰ ভাত

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Anti-cheating bill in Assam: পৰীক্ষাত নকল কৰি ধৰা পৰিলে যাব লাগিব জে’ললৈ। অসম চৰকাৰে এই আইন প্ৰণয়নৰ বাবে পদক্ষেপ হাতত লৈছে। ইয়াৰ বাবে অসম বিধান সভাত ইতিমধ্যে বিধেয়ক উত্থাপন হৈছে।

সোমবাৰে, অসম বিধান সভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই এই বিধেয়কখন সদনত উত্থাপন কৰিছে। বিধেয়কখনৰ নাম- অসম ৰাজহুৱা পৰীক্ষা (নিযুক্তিৰ ক্ষেত্ৰত অন্যায় উপায় প্ৰতিৰোধৰ ব্যৱস্থা) বিধেয়ক, ২০২৪ (Assam Public Examination (Measures for Prevention of Unfair Means in Recruitment) Bill, 2024)। 

এই বিধেয়খনৰ জৰিয়তে অসমত নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল, নকল কৰা আদি অসৎ কাৰ্যৰ বিৰুদ্ধে প্ৰতিৰোধ অনা হৈছে আৰু শাস্তি তথা জৰিমণা আৰোপ কৰাৰ ব্যৱস্থা ৰখা হৈছে। 

Anti-cheating bill: অসম ৰাজহুৱা পৰীক্ষা (নিযুক্তিৰ ক্ষেত্ৰত অন্যায় উপায় প্ৰতিৰোধৰ ব্যৱস্থা) বিধেয়ক ২০২৪ ত কি আছে?

বিধেয়কখনৰ খচৰাত কোৱা হৈছে, “আইনখনত স্পষ্টকৈ কোৱা হৈছে যে প্ৰাৰ্থীসকলক সঠিক অনুমোদন অবিহনে প্ৰশ্নকাকত ৰখাটো নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও, বিধেয়কখনে প্ৰশ্নকাকত বিক্ৰী কৰা, পৰীক্ষাৰ সময়ত প্ৰাৰ্থীসকলক সহায় কৰা, এনে কাৰ্য্যৰ বাবে জৰিমনা আৰোপ কৰাকে ধৰি বিভিন্ন অসদাচৰণৰ সমাধান কৰা।”

ইয়াৰ জৰিয়তে অসমত পৰীক্ষাত নকল কৰি ধৰা পৰিলে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ লাখ টকাৰ জৰিমণা বিহাৰ ব্যৱস্থা আছে। একেদৰে, আইনখনত প্ৰশ্নকাকত ফাদিল কৰা অপৰাধীৰ ক্ষেত্ৰত ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ লাখ টকাৰ জৰিমণাৰ ব্যৱস্থা সন্বিবিষ্ট হ’ব। 

এই বিধেয়খন সন্দৰ্ভত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, “বৰ্তমানৰ চৰকাৰখনে নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰু ইয়াৰ এটা অংশ হিচাপে এই বিধেয়কখন অনা হৈছে। এই বিধেয়কখন ৰাজ্যত সোনকালেই  বলৱৎ হ’ব।”

লগতে পঢ়ক: Citizenship Amendment Act 2019: হাতত প্লেকাৰ্ড লৈ বাজেট অধিবেশনৰ প্ৰথম দিনাই ‘কা’ৰ বিৰোধিতাৰে সৰৱ অখিল গগৈ

যোৱা ২২ জানুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰক্ৰিয়াৰ অসৎ উপায়সমূহ প্ৰতিৰোধ কৰাৰ বাবে আইন প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ পাছতেই বিধানসভাত অসম ৰাজহুৱা পৰীক্ষা (নিযুক্তিৰ ক্ষেত্ৰত অন্যায় উপায় প্ৰতিৰোধৰ ব্যৱস্থা) বিধেয়ক, ২০২৪ উত্থাপন হৈছে। 

উল্লেখযোগ্য যে, বিগত সময়ত অসমত কেইবাটাও নিযুক্তি পৰীক্ষাত ধনৰ লেন-দেন, প্ৰশ্নকাকত ফাদিল আদিৰ অভিযোগত কেইবাটাও গোচৰ সম্প্ৰতি বিচাৰাধীন হৈ আছে। অতি শেহতীয়াকৈ ইন্দ্ৰানী তহবিলদাৰ নামৰ এগৰাকী বিজপি নেত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ পাছতেই তেনে অভিযোগ পোহৰলৈ আহিছিল। সেই ঘটনাত দিবন ডেকা, অনুৰাগ চলিহাকে ধৰি কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছিল।  

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -