24 C
Guwahati
Monday, April 29, 2024

Dog biscuit row: মোক গান্ধী পৰিয়ালে বিস্কুট খুৱাব নোৱাৰিলে: ৰাহুল গান্ধীৰ কুকুৰক দিয়া বিস্কুটক লৈ আকৌ চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Dog biscuit row: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া এটা ভিডিঅ’কলৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। এটা কুকুৰক বিস্কুট খুওৱা মুহূৰ্তৰ ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ৰ সৈতে সাঙোৰ খাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে ৰাহুল গান্ধীয়ে এটা কুকুৰক বিস্কুট খুৱাবলৈ চেষ্টা কৰা দেখা গৈছে। পাছত বিস্কুটখন তেওঁ এজন সমৰ্থকলৈ আগবঢ়াই দিছে। এই ভিডিঅ’টোক লৈ একাংশ বিজেপি কৰ্মীয়ে ৰাহুল গান্ধীয়ে কুকুৰক দিয়া বিস্কুট কংগ্ৰেছ কৰ্মীক খাবলৈ দিয়ে বুলি প্ৰচাৰ চলোৱা দেখা গৈছে। 

মুম্বাই বিজেপিৰ আই টি আৰু ছ’চিয়েল মিডিয়া চেলৰ সহ-আহ্বায়ক হিচাপে পৰিছয় উল্লেখ থকা পল্লৱী চি টি নামৰ এগৰাকী য়ুজাৰে ‘এক্স’ত ভিডিঅ’টো পোষ্ট কৰিছে। পোষ্টটোত তেওঁ লগতে লিখিছে, “ কিমান নিৰ্লজ্জ।  প্ৰথমে ৰাহুল গান্ধীয়ে তেওঁৰ পোহনীয়া কুকুৰ পিডিৰ সৈতে হিমন্ত বিশ্ব শৰ্মাক একেখন প্লেটৰ পৰা বিস্কুট খাবলৈ দিছিল। তাৰ পিছত কংগ্ৰেছৰ সভাপতি খৰ্গেজীয়ে দলীয় কৰ্মীক কুকুৰৰ লগত তুলনা কৰে আৰু এতিয়া, শ্বেহজাদাই এটা কুকুৰে প্ৰত্যাখ্যান কৰা বিস্কুট এজন দলীয় কৰ্মীক দিয়ে। এইটোৱেই তেওঁলোকৰ দলৰ কৰ্মী, সমৰ্থক আৰু ভোটাৰৰ প্ৰতি সন্মান নেকি?”

ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই পোষ্টটো ৰিপোষ্ট কৰি লিখিছে, “পল্লৱ জী, কেৱল ৰাহুল গান্ধীয়েই নহয় গোটেই পৰিয়ালটোৱে মোক সেই বিস্কুটটো খাবলৈ দিব নোৱাৰিলে। মই এজন গৌৰৱান্বিত অসমীয়া আৰু ভাৰতীয় ৷ খাবলৈ অস্বীকাৰ কৰি কংগ্ৰেছ ত্যাগ কৰিলোঁ।”

উল্লেখযোগ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকা শেষৰ সময়খিনিত এবাৰ ৰাহুল গান্ধীক সাক্ষাত কৰিবলৈ যাওতে ঘটা এনে এক ঘটনাৰ কথা ড০ শৰ্মাই কেইবাবাৰো প্ৰকাশ কৰিছে। ৰাহুল গান্ধীৰ বাসগৃহত তেওঁক চাহ খাবলৈ দিয়া হৈছিল। চাহৰ লগত এখন প্লেটত বিস্কুট দিয়া হৈছিল। ৰাহুল গান্ধীয়ে সেই বিস্কুট হিমন্ত বিশ্ব শৰ্মাৰ লগতে একেখন প্লেটৰ পৰা পোহনীয়া কুকুৰটোকো খাবলৈ দিছিল। 

হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা এই ঘটনা পাছলৈ ৰাষ্ট্ৰীয় ৰাজনীতিত সকলোৰে জনাজাত হৈ পৰিছিল। এতিয়া এই ভিডিঅ’টোৰ জৰিয়তে অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি হোৱা বুলি বিজেপি নেতা-কৰ্মীয়ে দাবী  কৰিছে। 

কিন্তু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজত ঘটা এই ঘটনাটো বিজেপি নেতা-কৰ্মীয়ে প্ৰচাৰ কৰা ধৰণে নহয় বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে। তেওঁ এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ইয়াৰ স্পষ্টীকৰণো দিছে।

ৰাহুল গান্ধীয়ে কৈছে, “এজন লোকে কুকুৰটো লৈ আহিছিল। মই কুকুৰটোক বিস্কুট খাবলৈ দিছিলো, কিন্তু সি ভয় কৰি আছিল। মই তেতিয়া বিস্কুটখন কুকুৰটোৰ মালিকক তাক খুৱাবলৈ দিছিলো। মালিকে দিয়া সি বিস্কুটখন খাইছিল। কথা ইমানেই, ইয়াত ইছ্যু কিহৰ।”

তেওঁ লগতে প্ৰশ্ন কৰে যে বিজেপিৰ লোকসকলৰ কুকুৰক লৈ ইমান অসুবিধা কিয়, কুকুৰে তেওঁলোকৰ কি ক্ষতি কৰিলে। তেওঁ লগতে কুকুৰটোৰ মালিক কোনো কংগ্ৰেছ কৰ্মী নাছিল বুলিও দাবী কৰে।  

লগতে পঢ়ক: Anti-cheating bill in Assam: প্ৰশ্নকাকত ফাদিলত ১০ বছৰৰ জে’ল, নকল কৰিলেও খাব লাগিব জে’লৰ ভাত

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -