29 C
Guwahati
Wednesday, May 8, 2024

Ajit Pawar faction is real NCP: অজিত পাৱাৰ গোটেই হৈছে প্ৰকৃত এন চি পি; নিজে জন্ম দিয়া দল আৰু প্ৰতীকৰ অধিকাৰ হেৰুৱালে শাৰদ পাৱাৰে

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Ajit Pawar faction is real NCP: মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ দৰে দশা হ’ল বৰ্ষীয়ান ৰাজনীতিক শাৰদ পাৱাৰৰ। ভতিজাক তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মাজত চলা দল তথা প্ৰতীককেন্দ্ৰীক যুঁজখনত অৱশেষত পৰাজিত হ’ল শাৰদ পাৱাৰ। নিৰ্বাচন আয়োগে ভতিজাক অজিত পাৱাৰৰ গোটক প্ৰকৃত ‘ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি (এন চি পি)’ বুলি ঘোষণা কৰিলে (Ajit Pawar faction is real NCP)।

নিজে জন্ম দিয়া দল তথা দলৰ ‘ঘড়ী’ৰ প্ৰতীকটো হেৰুৱাবলগীয়া হ’ল শাৰদ পাৱাৰ। অজিত পাৱাৰ গোটক দিলে ‘ঘড়ী’ প্ৰতীক ব্যৱহাৰৰ অধিকাৰ। আনহাতে, শাৰদ পাৱাৰ গোটক আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে এটা নতুন নাম ল’বলৈ নিৰ্দেশ দিয়ে।  

এন চি পি দুটা গোটত বিভক্ত হোৱাৰ পাছত দলটোৰ আভ্যন্তৰীণ দিশসমূহ পৰ্যবেক্ষন কৰা সংস্থাই এই সন্দৰ্ভত কয়, “বিধান সভাত সংখ্যাগৰিষ্ঠতাৰ প্ৰমানে দলীয় প্ৰতীক লাভ কৰাত আজিত পাৱাৰ গোটক সহায় কৰিলে।”

ইপিনে, শাৰদ পাৱাৰৰ নেতৃত্বত গঠিত গোটটোক নিৰ্বাচন আয়োগে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে বিয়লিৰ ভিতৰত নিজৰ ৰাজনৈতিক গোটটোৰ নাম দাবীৰে তিনিটা পছন্দ প্ৰদান কৰাৰ বাবে “এককালীন বিকল্প” প্ৰদান কৰে।

 নিৰ্বাচন আয়োগে প্ৰদান কৰা ৰায়ত সন্তুষ্টি প্ৰদান কৰি উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে কয়, “ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ আমি বিনম্ৰভাৱে গ্ৰহণ কৰিছোঁ। আমাৰ অধিবক্তাই দিয়া দাখিল নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে আৰু আমি নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছো।”

মহাৰাষ্ট্ৰত চলি থকা কংগ্ৰেছ, এনচিপি আৰু শিৱসেনা (উদ্ধৱ থাকৰে গোট)ৰ মিত্ৰজোঁট মহাৰাষ্ট্ৰ বিকাশ আঘাদী (এমভিএ)ত আঘাত হানি যোৱা বছৰৰ জুলাই মাহত অজিত পাৱাৰে এনচিপিৰ অধিকাংশ বিধায়কক লগত লৈ একনাথ শিন্দে নেতৃত্বাধীন বিজেপি-শিৱসেনা চৰকাৰত যোগদান কৰিছিল। সেই সময়ত তেওঁ বিৰোধী দলপতি আছিল। চৰকাৰী পক্ষত চামিল হোৱাৰ পাছত অজিত পাৱাৰে পঞ্চমবাৰৰ বাবে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত অজিত পাৱাৰে খুড়াক শাৰদ পাৱাৰক দলৰ সভাপতি পদৰ পৰা অপসাৰণ কৰি নিৰ্বাচন আয়োগলৈ পত্ৰ কৰি নিজৰ গোটটোক প্ৰকৃত এন চি পি হিচাপে স্বীকৃতিৰ দাবী কৰিছিল।

লগতে পঢ়ক: Dog biscuit row: মোক গান্ধী পৰিয়ালে বিস্কুট খুৱাব নোৱাৰিলে: ৰাহুল গান্ধীৰ কুকুৰক দিয়া বিস্কুটক লৈ আকৌ চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ইয়াৰ পূৰ্বে শিৱসেনাতো অনুৰূপ ঘটনা ঘটিছিল। বালাচাহেব থাকৰেই গঠন কৰা শিৱসেনাত বিভাজন ঘটি দুটা গোটত বিভক্ত হৈছিল। শিৱসেনাৰ নেতা একনাথ সিন্ধেৰ নেতৃত্বত অধিকাংশ বিধায়কে বিজেপিৰ সৈতে চামিল হোৱাত ৰাজ্যখনৰ তদানীন্তন উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ পতন ঘটিছিল। লগতে উদ্ধৱ থাকৰে নেতৃত্বাধীন গোটে দলীয় প্ৰতীক হেৰুৱাবলগীয়া হৈছিল।

ইপিনে, নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত সমালোচনা কৰিছে এন চি পিৰ শাৰদ পাৱাৰ গোটৰ জ্যেষ্ঠ নেতা অনিল দেশমুখে। তেওঁ কয়, “এন চি পি প্ৰতিষ্ঠা কৰিছিল শাৰদ পাৱাৰে। বছৰ বছৰ ধৰি তেওঁ দলৰ সভাপতি আছিল। হেঁচাত পৰি নির্বাচন আয়োগ লোৱা সিদ্ধান্ত গণতন্ত্রৰ হত্যা৷ এয়া দুৰ্ভাগ্যজনক।”

উল্লেখযোগ্য যে, ১৯৯৯ চনত ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি চমুকৈ এন চি পি গঠন হৈছিল। দলটোৰ প্ৰতিষ্ঠাপক আছিল ক্ৰমে- শাৰদ পাৱাৰ, পি এ চাংমা আৰু তাৰিক আনোৱাৰ।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -