25 C
Guwahati
Monday, May 20, 2024

Panchayat Election in Assam: ছমাহৰ ভিতৰতে হ’ব পঞ্চায়ত নিৰ্বাচন, বিধান সভা-লোকসভাৰ দৰে পঞ্চায়তৰো হ’ব পুনৰ গঠন

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

আগন্তুক ছমাহৰ ভিতৰত অসমত পঞ্চায়ত নিৰ্বাচন (Panchayat Election in Assam) অনুষ্ঠিত হ’ব। লোকসভা নিৰ্বাচনৰ পাছতেই হ’ব গাঁও পঞ্চায়তৰ নিৰ্বাচন। 

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা সংবাদ মাধ্যমক জানিবলৈ দিছে। তেওঁ কৈছে যে বিধান সভা আৰু লোকসভাৰ সমষ্টিসমূহৰ পুনৰ্নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত এতিয়া পঞ্চায়তসমূহ পুনৰ গঠন কৰিবলগীয়া হৈছে। গতিকে  পঞ্চায়তসমূহৰ পুনৰ গঠনৰ পাছতহে নিৰ্বাচন অনুষ্ঠিত হ’ব।

“বিধান সভা আৰু লোকসভাৰ সমষ্টিসমূহৰ পুনৰ্নিৰ্ধাৰণৰ পাছত স্বাভাৱিকতে বহু গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ সীমাসমূহৰ সলনি হৈছে। কিছুমান পঞ্চায়ত হয়তো পূৰ্বতে দুটা ব্লকৰ অধীনত আছিল, এতিয়া এটা ব্লকৰ অধীনলৈ আহিছে। এনেধৰণৰ সালসলনিৰ বাবে পঞ্চায়তসমূহৰ পুনৰ গঠনৰ প্ৰয়োজন আছে”, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়।

তেওঁ লগতে কয় যে  পঞ্চায়তসমূহৰ পুনৰ গঠনৰ বাবে ইতিমধ্যে জিলাসমূহৰ আয়ুক্তসকলক অধ্যক্ষ আৰু জিলা পৰিষদসমূহৰ কাৰ্যবাহী বিষয়াসকলক সদস্য সচিব হিচাপে লৈ চৰকাৰে সমিতি গঠন কৰি দিছে। এইদৰে পঞ্চায়তসমূহৰ পুনৰ গঠনৰৰ পাছতহে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব। 

যিহেতু এতিয়া লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, গতিকে এই নিৰ্বাচনৰ পাছতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মন্ত্ৰী দাসে স্পষ্ট কৰি দিয়ে।

লগতে পঢ়ক: Ajit Pawar faction is real NCP: অজিত পাৱাৰ গোটেই হৈছে প্ৰকৃত এন চি পি; নিজে জন্ম দিয়া দল আৰু প্ৰতীকৰ অধিকাৰ হেৰুৱালে শাৰদ পাৱাৰে 

নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত পঞ্চায়তৰ সা-সম্পত্তিসমূহ জিলা আয়ুক্তৰ অধীনত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে। লগতে পৰৱৰ্তী কেবিনেটত এটা প্ৰস্তাৱ লৈ, নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত বা গাঁও পঞ্চায়তৰ কামকাজসমূহ অভিভাৱক মন্ত্ৰী, বিধায়ক বা বিশিষ্ট সমাজকৰ্মীক লৈ চলাই নিয়াৰ ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা চলি থকা বুলিও তেওঁ উল্লেখ কৰে। 

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে লগতে কয় যে পঞ্চায়তসমূহ পুনৰ গঠন হ’ব যদিও চৰকাৰে পঞ্চায়তৰ সংখ্যা বৃদ্ধি বা কমোৱাৰ কোনো সিদ্ধান্ত লোৱা নাই। ইয়াৰ বিপৰীতে জনসংখ্যাৰ ঘনত্বৰ ওপৰত ভিত্তি কৰি চৰকাৰে পঞ্চায়তসমূহক A, B আৰু C এই তিনিটা শ্ৰেণীত ভাগ কৰাৰ ব্যৱস্থা হাতত লৈছে। 

উল্লেখযোগ্য় যে, ২০১৮ চনৰ ডিছেম্বৰ মাহত নিৰ্বাচনৰ জৰিয়তে গঠন হোৱা পঞ্চায়তসমূহৰ পাঁচবছৰীয়া কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈছে। বিধি অনুসৰি কাৰ্যকাল অন্ত পৰাৰ ছমাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। অন্যথা পঞ্চদশ বিত্তীয় আয়োগৰ অনুদান বন্ধ হৈ যায়। গতিকে এই সময়ছোৱাৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পৰ্যাপ্ত সময় আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -