27 C
Guwahati
Saturday, May 18, 2024

Guwahati Youth Dies: কাৰো কথা নামানে বিষয়া-ঠিকাদাৰে! গেছ পাইপ পুতিবলৈ খন্দা গাঁতত সোমাল এজন ২৮ বছৰীয়া যুৱক; জন্মদিনৰ উপহাৰ কিনিবলৈ গৈ পুনৰ ঘৰলৈ নাহিল উভতি, মুখ্যমন্ত্ৰীয়ে ৰাস্তাৰ গাঁতবোৰ বন্ধ কৰি দিয়াৰ নিৰ্দেশনাৰ পিছতো নলৰিল গা

Guwahati Youth Dies Falling Into Pit: উন্নয়নৰ নামত ৰাস্তাত খন্দা গাঁতে প্ৰাণ ল'লে এজন যুৱকৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ মঠঘৰীয়াত

Must Read

Guwahati Youth Dies Falling Into Pit: উন্নয়নৰ নামত ৰাস্তাত খন্দা গাঁতে প্ৰাণ ল’লে এজন যুৱকৰ। এই কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে গুৱাহাটীৰ মঠঘৰীয়া স্থানীয় গেট হাস্পতালৰ সমীপত থকা পথত (Near Gate Hospital In Mathgharia, Guwahati)।

মহানগৰীৰ মঠঘৰীয়া স্থানীয় গেট হাস্পতালৰ (Gate Hospital) সমীপত পূৰ্বভাৰতী গেছ লিমিটেড নামৰ গেছ যোগানৰ বাবে খন্দা উন্মুক্ত গাঁতত পৰি প্ৰাণ হেৰুৱালে ২৮ বছৰীয়া সৌৰভ দাস নামৰ এজন যুৱ অভিযন্তাই (Guwahati Youth Saurav Das Dies Falling Into Pit)

গাঁতত পৰাৰ পিছত ৯ দিন ধৰি হাস্পতালৰ বিছনাত জীৱন-মৃত্য়ুৰে যুঁজ দি দেওবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে ২নং মঠঘৰীয়াৰ প্ৰগতি নগৰৰ যুৱ অভিযন্তা সৌৰভ দাসে (Saurav Das)

একাংশ বিষয়া-ঠিকাদাৰৰ চৰম মইমতালি, জিলা-প্ৰশাসন GMC-GMDAৰ চূড়ান্ত কাণ্ডজ্ঞানহীনতাই প্ৰাণ ল’লে সম্ভাৱনাপূৰ্ণ যুৱকজনৰ (Guwahati Youth Dies Falling Into Pit)

মৰণফান্দস্বৰূপ এই গাঁতত পৰি এতিয়ালৈ বহুকেইজন লোকে প্ৰাণ হেৰুৱালে কিন্তু এতিয়াও গা লৰা নাই দায়িত্বজ্ঞানহীন বিষয়া-ঠিকাদাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুওৱাই নিজৰ কাম কৰি গৈয়ে আছে।

৮ জুনত গণেশগুৰিত মেধাৱী ছাত্ৰী প্ৰিয়া কুমাৰীৰ (Priya Kumari) মৃত্যুৰ পিছত মুখ্যমন্ত্ৰীয়ে উন্মুক্ত গাঁত বন্ধ কৰাৰ নিৰ্দেশনা দিছিল কিন্তু সলনি নহ’ল একাংশ বিষয়া-ঠিকাদাৰৰ মানসিকতা।

এওঁলোকৰ হঠকাৰিতাৰ বাবে গুৱাহাটীৰ ৰাজপথত খন্দা মৰণফান্দে পুনৰ প্ৰাণ ল’লে এইজন যুৱ অভিযন্তাৰ। এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Guwahati Youth Dies)

উল্লেখ্য যোৱা বছৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (Jorhat Engineering College) পৰা অভিযন্তাৰ স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি চাকৰিৰ সন্ধান কৰি আছিল সৌৰভ দাসে।

Guwahati Youth Dies

ঘটনাৰ দিনাখন ১৪ জুলাইৰ দিনা ঘৰৰ ওচৰৰে কোনো সম্পৰ্কীয় লোকৰ জন্মদিনৰ বাবে উপহাৰ আনিবলৈ ঘৰৰ পৰা নিজৰ আপাচি বাইকখন লৈ জুৰোড অভিমুখে গৈছিল।

কিন্তু উপহাৰ লৈ ঘৰ অভিমুখে আহি থাকোতে নিশা প্ৰায় ১১.৩০ বজাত মঠঘৰীয়া গেট হাস্পতালৰ সমীপত থকা এটা উন্মুক্ত গাঁতত পৰি যায়। গাঁত থকা বুলি কোনোধৰণৰ ছাইনবৰ্ড নাছিল।

লগে লগে স্থানীয় লোকে গেট হাস্পতালত ভৰ্তি কৰোৱায় কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত ততালিকে ছয়মাইলস্থিত GNRCত ভৰ্তি কৰোৱায় (Guwahati Youth Dies)

৯ দিনে জীৱন-মৃত্যুৰে যুঁজি অৱশেষত কালি কৰুণ মৃত্যুক (Tragic Died) সাৱটি লয় যুৱকজনে।

কেইবাদিনো গাঁতটো খোলা থকাৰ সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতহে জিলা প্ৰশাসনে গাঁতটো মাৰি দিয়ে।

গুৱাহাটীত চৰকাৰে উন্নয়নৰ নামত কৰা ৰাস্তা-ঘাটৰ কামবোৰত সংশ্লিষ্ট কৰ্তৃপক্ষই অতি বেপেৰোৱাভাৱে গাঁত খান্দি সেইবোৰ মুকলিকৈ ৰখাৰ ফলত যান-বাহনৰ লগতে পথাচাৰীৰ বাবে অতি বিপজ্জনক হৈ পৰিছে (Guwahati Youth Dies)

Photo: Batori24

লগতে পঢ়কঃ Astro For Money: “লক্ষ্মী মা”ৰ কৃপা পাবলৈ কৰক এইকেইটা কাম…টকা-পইচাৰে ভৰি পৰিব আপোনাৰ ঘৰ, পিছে জানি লওক কি কি কাম?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -