32 C
Guwahati
Saturday, May 18, 2024

Youth Suicide For Money: আত্মহত্যাই জানো শেষ উপায়! “টকা” ধাৰে লৈছিল বহু মানুহৰ পৰা; ঘূৰাই দিব নোৱাৰাত পাইছিল হত্যাৰ ভাবুকি, উপায় নাপায় কৰিলে “আত্মহত্যা”

Youth Suicide For Money At Jorhat: যোৰহাটত এজন যুৱকৰ আত্মহত্যা (Jorhat Commits Suicide)। এই খবৰৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি

Must Read

Youth Suicide For Money At Jorhat: যোৰহাটত এজন যুৱকৰ আত্মহত্যা (Jorhat Commits Suicide)। এই খবৰৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি।

আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা যুৱকজনৰ নাম ২৮ বছৰীয়া প্ৰজ্ঞান জ্যোতি হাজৰিকা (28 Years Old Boy Commits Suicide)। প্ৰজ্ঞানৰ এই সিদ্ধান্তই কন্দুৱাছে এতিয়া পৰিয়ালৰ লগতে অঞ্চলবাসীকো।

Youth Suicide For Money

উত্তৰ পশ্চিম যোৰহাটৰ কমলাবৰীয়া অঞ্চলৰ নিবাসী আছিল প্ৰজ্ঞান। পিতৃৰ কামৰ বাবে যোৰহাটৰ মুকলি কাৰাগাৰৰ কোৱাৰ্টাৰত মাকৰ সৈতে বাস কৰিছিল যুৱকজন। এই কোৱাৰ্টাৰতে মঙলবাৰে বিয়লি এই চৰম পথ বাচি লয়।

যোৰহাটৰ এটা গাড়ী ডিলাৰত কাম কৰিছিল প্ৰজ্ঞানে। যোৰহাটৰ বহুকেইজন মানুহৰ পৰা প্ৰজ্ঞানে টকা ধাৰলৈ লৈছিল। এই কথা জানিবলৈ দিয়ে পৰিয়ালৰ লোকে (Youth Suicide For Money)

Youth Suicide For Money
মৃত যুৱকজনৰ মাতৃ

পৰিয়ালৰ লোকৰ অভিযোগ যে, বিগত কেইবাদিনো ধৰি এই টকা ধাৰে লোৱা মানুহখিনিৰ চৰম অত্যাচাৰত মানসিকভাবে ভাগি পৰিছিল প্ৰজ্ঞান। বাবু, মইনা আৰু মঞ্জিত নামৰ ৩জন লোকৰ পৰা যুৱকজনে সুতত টকা ধাৰলৈ লৈছিল।

মঙলবাৰে সেই লোককেইজনৰ হত্যাৰ ভাবুকিৰ বাবে বিয়লি যোৰহাটৰ মুকল কাৰাগাৰৰ কোৱাৰ্টাৰত আত্মহত্যা কৰে যুৱকজনে (Youth Suicide For Money At Jorhat)

সন্ধিয়া মৃত যুৱকজনৰ মাতৃয়ে নামঘৰৰ পৰা আহি পুত্ৰৰ মৃতদেহ দেখা পাই পৰিয়ালৰ বাকী মানুহখিনিক খবৰ দিয়ে। পৰিয়ালৰ মানুহে আৰক্ষীক এই খবৰ দিয়াত আৰক্ষী আহি যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে (Youth Suicide For Money)

এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত (Jorhat Sadar Police) সুদখোৰ কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

Photo: Batori24

লগতে পঢ়কঃ Maligaon Flyover Inauguration: মুকলিৰ পূৰ্বে হঠাৎ সলনি হ’ল ‘মালিগাঁও উৰণ সেঁতু’ৰ নামফলক! কালি নিশাই সলনি কৰি “নাম” দিলে এয়া…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -