26 C
Guwahati
Monday, May 20, 2024

Woman Levelling False Charge: পুৰুষৰ সমানে শাস্তি পাব মহিলায়ো! পুৰুষৰ বিৰুদ্ধে যিসকল মহিলাই “বলাৎকাৰ” কৰাৰ মিছা অভিযোগ আনে; সেইসকল মহিলাৰ হ’ব যাবজ্জীবন কাৰাদণ্ড…

Woman Levelling False Charge: এতিয়াৰে পৰা পুৰুষৰ বিৰুদ্ধে বলাৎকাৰৰ ভুৱা অভিযোগ আনিলে মহিলাৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থাপনা

Must Read

Woman Levelling False Charge Of Rape: ভাৰতীয় ইতিহাসত পোনপ্ৰথমবাৰ “বলাৎকাৰ”ৰ মিছা অভিযোগ অনা মহিলাৰ বিৰুদ্ধে আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰিছে।

আইপিছিৰ ধাৰা ১৯৪ৰ আধাৰত মিছা প্ৰমাণ দিয়াক লৈ এটা গোচৰৰ শুনানি গ্ৰহণ কৰা হয়, যাক যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰা হয় (Sec 194 Of IPC Which Is Punishable With Imprisonment For Life)

Woman Levelling False Charge

বুধব‍াৰে অৰ্থাৎ ৯ আগষ্টত উচ্চতম ন্যায়ালয়ে দিলে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা পুৰুষৰ বিৰুদ্ধে বলাৎকাৰৰ ভুৱা অভিযোগ আনিলে মহিলাৰ বিৰুদ্ধেও লোৱা হ’ব কঠোৰ ব্যৱস্থাপনা (Woman Levelling False Charge Of Rape)

উচ্চতম ন্যায়ালয়ৰ (Supreme Court) ন্যায়াধীশ বি আৰ গোভাই (Bhushan Ramkrishna Gavai) আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ (J.B. Pardiwala) বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি, গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

বিচাৰপীঠে কয় যে, মহিলাৰ বিৰুদ্ধে কৰা কু-কাৰ্যৰ সৈতে জড়িত থকা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো যিমান জৰুৰী, তেনেদৰে ভুৱা ধৰ্ষণৰ গোচৰত অভিযুক্ত পুৰুষক দোষমুক্ত কৰাটোও সমানেই জৰুৰী।

গতিকে বিচাৰপীঠে সকলো আদালতক নিৰ্দেশ প্ৰদান কৰে যে পুৰুষৰ বিৰুদ্ধে ৰুজু হোৱা ধৰ্ষণৰ (Fraud Rape Case) গোচৰবোৰ ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি বিচাৰ প্ৰক্ৰিয়া চলাবলৈ।

লগতে বিচাৰপীঠে কয় যে, পুৰুষৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱা মহিলাই যিমান মানসিক কষ্ট আৰু অপমান সহ্য কৰিবলগীয়া হয়, ঠিক তেনেদৰে পুৰুষৰ বিৰুদ্ধে উঠা ধৰ্ষণৰ ভুৱা অভিযোগৰ বাবেও পুৰুষে সমানে অপমান সহ্য কৰিবলগীয়া হয়। গতিকে আদালত আৰু আৰক্ষীৰ দায়িত্ব হৈছে এনে লোকক বচাবলৈ চেষ্টা কৰা (Woman Levelling False Charge Of Rape)।

ইফালে যিসকলে মহিলাই ধৰ্ষণৰ ভুৱা অভিযোগ আনে তেওঁলোকক জামিনবিহীন আৰু আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ব। লগতে ১০ বছৰতকৈ কম নহ’ব শাস্তি।

Photo: Google

লগতে পঢ়কঃ Astro Tips For Money: “মানীবেগত” টকা নিটিকে নেকি; সদায় হয় নেকি অভাৱ? তেন্তে আজিয়েই মানীবেগৰ পৰা আঁতৰাওক এইবোৰ বস্তু…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -