31 C
Guwahati
Saturday, May 18, 2024

1000 Crore North Cachar Hills Scam: দোষমুক্ত হ’ল উত্তৰ কাছাৰৰ ১০০০ কোটিটকীয়া কেলেংকাৰীত জড়িত ১১জন অভিযুক্ত; ২০১৭তে হৈছিল এই কেলেংকাৰী!

1000 Crore North Cachar Hills Scam: দোষমুক্ত হ'ল আৰ এইছ খান, মোহিত হোজাইকে ধৰি ১১জন অভিযুক্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই গোচৰটোৰ ওপৰত ৰায়দান কৰিছে

Must Read

1000 Crore North Cachar Hills Scam: অৱশেষত উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাচাওৰ হাজাৰ কোটিটকীয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ১১জন অভিযুক্তকে দোষমুক্ত ঘোষণা।

দোষমুক্ত হ’ল আৰ এইছ খান (RH Khan), মোহিত হোজাইকে ধৰি ১১জন অভিযুক্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati High Court) আজি এই গোচৰটোৰ ওপৰত ৰায়দান কৰিছে।

বহু চৰ্চিত ১০০০ কোটীটকীয়া কেলেংলকাৰীত (1000 Crore North Cachar Hills Scam) যিসকলক অভিযুক্ত কৰা হৈছিল অথবা গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল সেইসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়াত প্ৰতিয়নযোগ্য তথ্য, প্ৰমাণ দাখিলত তদন্তকাৰী সংস্থা ব্যৰ্থ হোৱাৰ বাবেই উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষমুক্ত ঘোষণা কৰে।

উল্লেখ্য যে, উত্তৰ কাছাৰত সংঘটিত হোৱা এহেজাৰ কোটি টকীয়া কেলেংকাৰীয়ে (1000 Crore North Cachar Hills Scam) জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য।

এই কেলেংকাৰীৰ সৈতে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত হোজাই (Mohit Hojai), সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালক আৰ এইছ খান, উগ্ৰপন্থী সংগঠন ডি এইছ ডিৰ নেতা জুৱেল গাৰ্লোচা (Jewel Garlosa), নিৰঞ্জন হোজাইকে (Niranjan Hojai) ধৰি মুঠ ১১ জনক নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল।

ইয়াৰে ৮ জন অভিযুক্ত জামিনত আছিল যদিও নিৰঞ্জন হোজাই মোহিত হোজাই আৰু জুৱেল গাৰ্লোচাক নিয়াৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল (1000 Crore North Cachar Hills Scam)

উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এই এহেজাৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত নিয়াত (National Investigation Agency) NIA1/2009 নম্বৰত ৰুজু হোৱা গোচৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে তদন্ত চলাইছিল। ইয়াৰ পাছতে নিয়াৰ আদলতে মুঠ ১১জনক দোষী সাব্যস্ত কৰাৰ লগতে ৩জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

নিয়া আদালতৰ সেই ৰায়কে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati High Court) খাৰিজ কৰে। ফলত নিয়াৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা মোহিত হোজাই, নিৰঞ্জন হোজাই আৰু জুৱেল গাৰ্লোচাৰ মুকলি আকাশৰ তললৈ অহাৰ বাট মুকলি হ’ল।

Photo: Google

লগতে পঢ়কঃ Woman Levelling False Charge: পুৰুষৰ সমানে শাস্তি পাব মহিলায়ো! পুৰুষৰ বিৰুদ্ধে যিসকল মহিলাই “বলাৎকাৰ” কৰাৰ মিছা অভিযোগ আনে; সেইসকল মহিলাৰ হ’ব যাবজ্জীবন কাৰাদণ্ড…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -