25 C
Guwahati
Sunday, May 19, 2024

এইবাৰ পত্নীয়ে ২২ টুকুৰা কৰিলে স্বামীক, মৃতদেহ সোমাৱাই ৰাখিছিল ফ্ৰীজত

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

শ্ৰদ্ধা হত্যাকাণ্ড মাৰ নাযাওতে পুনৰ আন এক হত্যাকাণ্ডই জোকাৰিছে ৰাজধানী চহৰ দিল্লী। এইবাৰৰ ঘটনা দিল্লীৰ পাণ্ডৱ নগৰত। এইবাৰৰ অপৰাধত জড়িত এগৰাকী পত্নী আৰু পুত্ৰ। মাতৃ-পুত্ৰ মিলি পিতৃ তথা স্বামীক হত্যা কৰি মৃতদেহ সোমাৱাই ৰাখিছিল ফ্ৰীজত। শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ দৰে একেই ঘটনা সংঘটিত কৰিছে মাতৃ-পুত্ৰই।

দিল্লী অপৰাধ শাখাই জনোৱা অনুসৰি, স্বামী অঞ্জন দাসক টোপনি ঔষধ দি হত্যা কৰাৰ পিছত প্ৰায় ২২ টুকুৰা কৰি ফ্ৰীজত সোমাৱাই ৰাখিছিল মৃতদেহ। আৰু সেই একেই শ্ৰদ্ধা ৱালকাৰৰ হত্যাকাণ্ডৰ দৰে মৃতদেহৰ অংশবোৰ অলপ অলপকৈ ঘন অৰণ্যৰ মাজত পেলাই দিছিল মাতৃ-পুত্ৰই। চিচি টিভিৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে।

 

View this post on Instagram

 

A post shared by Batori24 (@batori24news)

অভিযুক্ত জনৰ দিল্লীৰ ত্ৰিলোকপুৰী বাসগৃহত তেওঁৰ স্বামী অঞ্জন দাসক হত্যা কৰে পত্নী পুনম আৰু পুত্ৰ দীপকে।

তথ্য অনুসৰি, অঞ্চলটোত টহল দি থকা আৰক্ষী বিষয়াসকলে পি এছ পাণ্ডৱ নগৰ অঞ্চলৰ কল্যাণপুৰীৰ ২০ টা খণ্ডৰ সন্মুখত ৰামলীলা খেলপথাৰৰ জোপোহাৰ ওচৰৰ পৰা এটা দুৰ্গন্ধ ওলোৱাত সন্দেহ উপজিছিল। তথ্যবোৰ তৎক্ষণাৎ স্থানীয় আৰক্ষী থানা, পাণ্ডৱ নগৰলৈ প্ৰেৰণ কৰা হৈছিল। তথ্যানুসৰি এছএইচঅ’ আৰু কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হৈছিল আৰু এটা মোনাত ভৰাই থোৱা কটা মৃতদেহৰ অংশ থকা এটা মোনা উদ্ধাৰ কৰা হয়।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -