25 C
Guwahati
Sunday, May 19, 2024

Son Killed Father| আচলতে কোন অশিক্ষিত? ‘মই ভুল কৰিছো; মই জীয়াই জীয়াই মৰি গৈছো, দৰমহা পাও মাত্ৰ ১৬ হাজাৰ, কিন্তু পিতাৰ মতে মই সকলো কৰিব লাগে, খঙতে দাৰে ঘপিয়াই দিলো পিতাক’- কেমেৰাৰ সন্মুখত হত্যাকাৰী শিক্ষক পুত্ৰৰ স্বীকাৰোক্তি

Son Killed Father Nalbari: শিক্ষক পুত্ৰৰ বৰ্বৰ আক্ৰমণৰ বলি হ'ল কৃষক পিতৃ। দাৰে ঘপিয়াই ঘপিয়াই হত্য়া কৰিলে পিতৃক। নলবাৰীৰ নমাটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বৰ্তমান হাস্পতালত মৃত্যুৰ ক্ষণ গণিছে ভুক্তভোগী পিতৃয়ে।

Must Read

Son Killed Father Nalbari: শিক্ষক পুত্ৰৰ বৰ্বৰ আক্ৰমণৰ বলি হ’ল কৃষক পিতৃ (Teacher Son Killed Farmer Father)। দাৰে ঘপিয়াই ঘপিয়াই হত্য়া কৰিলে পিতৃক। আজি পুৱা নলবাৰীৰ নমাটিত (Nalbari Namati) সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো।

বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (Guwahati Medical College Hospital) জীৱন-মৃত্যুৰে যুঁজ দি আছে ভুক্তভোগী পিতৃয়ে। নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক টুটুমণি দাসে (Murderer Tutumoni Das) সংঘটিত কৰিলে এই জঘন্য কাণ্ড। বৰ্তমান আৰক্ষীৰ জিম্মাত হত্য়াকাৰী পাষণ্ড পুত্ৰ (Son Arrest By Police)

ইফালে বৃদ্ধ পিতৃক দাৰে ঘপিয়াই আঘাতপ্ৰাপ্ত কৰা শিক্ষক পুত্ৰৰ অন কেমেৰা স্বীকাৰোক্তি-‘মই ভুল কৰিছো! এতিয়া অনুতপ্ত! মই জীয়াই জীয়াই মৰি গৈছো! দৰমহা পাও মাত্ৰ ১৬ হাজাৰ ৷ পিতাৰ মতে মই সকলো কৰিব লাগে ৷ ঘৰ,নামঘৰকে ধৰি সকলো বনাব লাগে মই ৷ খঙৰ ভমকত দাৰে ঘপিয়াই দিলো পিতাক! কেই ঘাপ মাৰিলো মনত নাই। কিন্তু পিতাক ঘপিয়াইছো মই!

ঘটনাটোত গুৰুতৰভাবে আহত হৈ হাস্পতালত চিকিৎসাধীন হৈ থকা কৃষক পিতৃৰ নাম অৰুণ দাস। পিতৃ অৰুণ দাসক নৃশংসভাবে ঘপিয়াই ঘপিয়াই গুৰুতৰভাবে আহত কৰিলে পুত্ৰ শিক্ষক টুটুমণি দাসে (Son Killed Father)। পিতৃৰ সৈতে কোনো কথাক লৈ প্ৰথমতে তৰ্ক বিতৰ্কত লিপ্ত হয় আৰু পিছত খঙত অগ্নিশৰ্মা হৈ পুত্ৰ টুটুমণিয়ে দাৰে ঘপিয়াই পিতৃক আহত কৰে। পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পিতৃক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে দানৱৰূপী পুত্ৰক আটক কৰিছে বাটাবাৰী আৰক্ষীয়ে (Batabari Police)। এই ঘটনাই নলবাৰীৰ নমাটিত (Nalbari Namati) চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Photo & Input: Batori24

লগতে পঢ়কঃ Vastu Tips For Money: এই ৩ বিধ সামগ্ৰী কেতিয়াও ঘৰৰ মাটিত নথ’ব; যদি থয় তেন্তে অভাৱে লগ এৰা নিদিব, পিছে জানো আহক কি কি সামগ্ৰী?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -