22 C
Guwahati
Monday, May 6, 2024

জনতাৰ মূৰত Double মাধমাৰ! ১ এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ ফিক্সড চাৰ্জ (Fixed Charge) আৰু ৭খন টোলগে’টৰ টোল টেক্স (Toll Tax); পিছে কিমান বাঢ়িব জানেনে? আহক জানি লওক…

জনতাৰ মূৰত Double মাধমাৰ! ৰাজ্যবাসীক কোঙা কৰিবলৈ পুনৰ সাজু হৈছে অসম চৰকাৰ (Assam Govt)। বিদ্যুতৰ লগতে বাঢ়িব টোলগে'টৰো টেক্স (Electricity Fixed Charge And Tollgate Tax Hike)

Must Read

জনতাৰ মূৰত Double মাধমাৰ! ৰাজ্যবাসীক কোঙা কৰিবলৈ পুনৰ সাজু হৈছে অসম চৰকাৰ (Assam Govt)। বিদ্যুতৰ লগতে বাঢ়িব টোলগে’টৰো টেক্স (Electricity Fixed Charge And Tollgate Tax Hike)। জনতাৰ মূৰত আকৌ মাধমাৰ শোধালে বিদ্যুৎ বিভাগে (Power Department) আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highways Authority Of India)। ১ এপ্ৰিলৰ পৰা বৃদ্ধি হ’ব বিদ্যুতৰ ফিক্সড চাৰ্জ আৰু ৭খন টোলগে’টৰ টোল টেক্স (Electricity Fixed Charge And Tollgate Tax Hike From 1 April)

প্ৰতিমাহে kw/kvত বিদ্যুতৰ ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি কৰিলে বিদ্যুৎ বিভাগে। কাইলৈৰ পৰা ৰাজ্যত কাৰ্যকৰী হোৱাকৈ অসম বিদ্যুৎ নিয়ামক আয়োগে নিৰ্ধাৰণ কৰিছে এই নতুন মাচুল। ফিক্সড চাৰ্জৰ বাবদ ১২০ টকাকৈ পৰিশোধ কৰি আহিছিল জনতাই। আৰু এতিয়াৰে পৰা ১৩০ টকাকৈ ভৰিব লাগিব এই চাৰ্জ। ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে অসম বিদ্যুৎ নিয়ামক আয়োগে বৃদ্ধি কৰিছে ফিক্সড চাৰ্জ।

বৃহস্পতিবাৰে জাৰি কৰা এক জাননী অনুসৰি আয়োগে এপিজিচিএল (APGCL),এইজিচিএল (AEGCL) আৰু এপিডিচিএলৰ (APDCL) বিদ্যুৎ নিৰিখ অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰে। ইয়াৰ ফলত এতিয়া সাধাৰণ জনতাই পূৰ্বতকৈ ১০ টকা বেছিকৈ বিদ্যুতৰ ফিক্সড চাৰ্জ ভৰিব লাগিব।

বিদ্যুৎ গ্রাহকে পূর্বে ফিক্সড চাৰ্জৰ বাবদ প্ৰায় ১২০ টকা পৰিশোধ কৰি আহিছিল আৰু এতিয়াৰে পৰা প্ৰতি kw/kvত ১০ টকাকৈ প্ৰায় ৪০টকা অতিৰিক্ত মাচুল আদায় দিব লাগিব।

উল্লেখ্য যে, APDCLএ তেওঁলোকৰ আবেদনত ফিক্সড চার্জ প্রতি মাহে প্রতি kw/kv ১৫ টকাৰ পৰা ৭৫ টকা পর্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। কোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকলৰ বাবে বৰ্তমান প্রযোজ্য হৈ থকা FPPPA চার্জকে ধৰি এনার্জি চার্জ প্রতি ইউনিটত ১ টকাৰ পৰা ৩ টকাপর্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু নিয়ামক আয়োগে আবেদনকাৰীৰ নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰাহ্য নকৰি তাৰ পৰিবৰ্তে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ চনৰ নিৰিখ প্রায় ১.২ শতাংশ হ্রাস কৰাৰহে অনুমোদন জনাইছে।

সেই একেদৰে ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৭খন টোলগে’টত বাঢ়িব টোল টেক্স (Toll Tax Increase)
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। জাননী অনুসৰি, এতিয়াৰে পৰা যান-বাহনৰ পাৰ হোৱাৰ বিনিময়ত ৫ৰ পৰা ১০ শতাংশ অধিক মাচুল পৰিশোধ কৰিব লাগিব।

জাননী অনুসৰি, ব্যক্তিগত চাৰিচকীয়া বাহন এবাৰ টোলগে’ট (Tollgate) পাৰ হ’লে সৰ্বাধিক ১৩৫ টকা ভৰিব লাগিব। ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে পৰিশোধ কৰিব লাগিব ২০০ টকা। সোণাপুৰৰ নাজিৰাখাটৰ (Sonapur Naziraghat Tollgate) টোলগে’টখন ৰাজ্যৰ আটাইতকৈ ব্যয়বহুল টোল প্লাজা (Toll Plaza) হিচাপে চিহ্নিত হৈছে।

কামৰূপৰ মদনপুৰত থকা টোলগে’টত (Tollgate) এবাৰ যাতায়াত কৰা কাৰ, জীপ, ভেন বা লঘু যান-বাহনে ১ এপ্ৰিলৰ পৰা আদায় দিব লাগিব ১৩০ টকা। ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাৰ বাবে এইধৰণৰ বাহনৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা হৈছে ১৯৫ টকা। তদুপৰি একেখন টোল প্লাজাৰে কাৰ, জীপ, ভেন অথবা লঘু যান-বাহন এটা মাহত ৫০টা দৈনিক এবাৰৰ ভ্ৰমণৰ বাবে ৪,৩৩০ টকা আদায় দিব লাগিব।

অৱশ্যে কামৰূপ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক যান-বাহনসমূহৰ ক্ষেত্ৰত এটা ভ্ৰমণত নতুন মাচুল ৬৫ টকা ধাৰ্য কৰা হৈছে। নতুন নিৰিখ মতে, লঘু বাণিজ্যিক-সামগ্ৰী পৰিবাহী-মিনিবাছসমূহে এটা ভ্ৰমণত ২১০ টকা, ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাত ৩১৫ টকা, মাহিলী ৫০টা এবাৰৰ যাত্ৰাত ৬,৯৯৫ টকা আৰু কামৰূপত পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনসমূহে এবাৰৰ যাত্ৰাত আদায় দিব লাগিব ১০৫ টকা। ইফালে, নাজিৰাখাট (Naziraghat Tollgate) টোল প্লাজাতো বৃদ্ধি কৰা হৈছে টেক্স।

সেইদৰে ৰহা টোলগে’ট (Raha Tollgate), মান্দেৰডিছা টোলগে’ট (Manderdisa Toll Gate), মিকিৰআটি হগাঁও টোল প্লাজা (Mikirati Hawgaon Toll Plaza), বালাচেৰা টোল প্লাজা (Balachera Toll Plaza) আৰু গলিয়া টোল প্লাজাতো (Galia Toll Plaza) বৃদ্ধি কৰা হৈছে টোল কৰ। পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।

Photo: Google

লগতে পঢ়কঃ Son Killed Father| আচলতে কোন অশিক্ষিত? ‘মই ভুল কৰিছো; মই জীয়াই জীয়াই মৰি গৈছো, দৰমহা পাও মাত্ৰ ১৬ হাজাৰ, কিন্তু পিতাৰ মতে মই সকলো কৰিব লাগে, খঙতে দাৰে ঘপিয়াই দিলো পিতাক’- কেমেৰাৰ সন্মুখত হত্যাকাৰী শিক্ষক পুত্ৰৰ স্বীকাৰোক্তি

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -