30 C
Guwahati
Friday, April 26, 2024

Odisha Train Accident: ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত মুখামুখি খুন্দা, ৫০ জন লোকৰ মৃত্যু, ৩৫০ আহত

Odisha Train Accident: ওড়িশাত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা, কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে'লৰ মাজত মুখামুখি খুন্দা

Must Read

Odisha Train Accident: ওড়িশাত বালাচোৰত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা (Odisha Train Accident) বালাচোৰৰ বাহনাগা ষ্টেচনৰ সমীপত কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত খুন্দা।

Odisha Train Accident

এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে যাত্ৰীবাহী কৰমণ্ডল এক্সপ্ৰেছ (১২৮৪১)ৰ ৫টা দবা লাইনচ্যুত হয়। PTIৰ বাতৰি অনুসৰি এই দুৰ্ঘটনাত এতিয়ালৈকে ৩৫০ জন লোক আহত হোৱাৰ লগতে ৫০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

অৱশ্যে এতিয়ালৈকে ৰে’ল বিভাগৰ তৰফৰ পৰা কোনো অফিচিয়েল তথ্য প্ৰকাশ কৰা নাই। আহতসকলক সোৰো চি এইচ চি, গোপালপুৰ চি এইচ চি আৰু খানতাপাডা পি এইচ চিত ভৰ্তি কৰোৱা হৈছে।

অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে স্থানত উপস্থিত হৈছে NDRF দল। ওড়িশা অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ ২৬ জনীয়া অতিৰিক্ত উদ্ধাৰকাৰী দলো প্ৰেৰণ কৰা হৈছে।

Odisha Train Accident

ওড়িশাৰ মুখ্য সচিবে জনোৱা মতে, মানুহ নিবলৈ প্ৰায় ৫০খন এম্বুলেন্স নিয়োগ কৰা হৈছে।

আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰিত কৰিবলৈ বৃহৎ সংখ্যক বাছ মোতায়েন কৰা হৈছে।

SRCয়ে জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ: 06782262286 জাৰি কৰিছে
জৰুৰীকালীন হেল্পলাইন নম্বৰ জাৰি কৰা হৈছে-
হাওৰা হেল্পলাইন : 033-26382217
খৰগপুৰ হেল্পলাইন: 8972073925, 9332392339
বালাচোৰ হেল্পলাইন: 8249591559, 7978418322
শালিমাৰ হেল্পলাইন: 9903370746

Photo: Google

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -