25 C
Guwahati
Monday, May 20, 2024

Nalbari Murder: লোমহৰ্ষক! বিজেপি নেতাই হত্যা কৰিলে বিজেপি নেত্ৰীক; সম্বন্ধত দুয়ো স্বামী-স্ত্ৰী, ৰাইজৰ অভিযোগ- স্বামীৰ আছিল পৰ স্ত্ৰীৰে আৰু পত্নীৰ আছিল পৰপুৰুষৰে সম্পৰ্ক…

Nalbari Murder Case: মঙলবাৰে সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ'ল নলবাৰী চহৰ

Must Read

Nalbari Murder Case: মঙলবাৰে সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই (Horrific Murder Case) জোকাৰি গ’ল নলবাৰী চহৰ (Nalbari)। নলবাৰীৰ ইছলাম চুপাত সংঘটিত হ’ল এই হত্যাকাণ্ডটো (Nalbari Murder Case)।

বিজেপি নেতাই হত্যা কৰিলে পত্নী তথা বিজেপি নেত্ৰীক (Husband Killed Wife)। পাৰিবাৰিক সংঘাতৰ ফলতেই সংঘটিত হ’ল এই হত্যাকাণ্ড।

স্বামী আৰু শাহুৱেকে মিলি হত্যা কৰাৰ অভিযোগ বোৱাৰী চামচিয়াৰা বেগমক ৷ আজি পুৱা স্বামী মঞ্জুৰ আলমৰ সৈতে চামচিয়াৰা বেগমৰ কোনো কথাক লৈ কাজিয়াৰ সুত্ৰপাত হৈছিল আৰু এই কাজিয়াই লৈছিল হত্যাৰ ৰূপ (Nalbari Murder Case)

স্বামীৰ প্ৰহাৰত মৃত্যু হয় পত্নী চামচিয়া বেগমৰ ৷ উল্লেখ্য নলবাৰী পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি মঞ্জুৰ আলম আৰু নলবাৰী জিলা বিজেপিৰ (Husband And Wife BJP Workers) নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী চামচিয়াৰা বেগমৰ মাজত প্ৰায়ে সংঘটিত হৈছিল কাজিয়া-মাৰপিট ৷

Nalbari Murder
স্বামী আৰু মৃত পত্নী
স্বামী আৰু মৃত পত্নী

মৃত পত্নী

আজি পুৱাও স্বামী আৰু স্ত্ৰীৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল ৷ পিছত স্বামীৰ হাতত মৃত্যুক সাৱটি লয় বিজেপি নেত্ৰী চামিচয়াৰা বেগমে (Nalbari Murder Case)। তাৰ পিছত মজিয়াত পৰি থাকিল চামিচয়াৰ নিথৰ দেহ ৷

ইফালে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে মৃত পত্নী চামচিয়াৰ স্বামী মঞ্জুৰ আলমৰ আছে আন মহিলাৰে সম্পৰ্ক ৷ মঞ্জুৰে ড্ৰাগছ সেৱনো কৰে। আৰু এই কথাতে পত্নী চামচিয়াৰা বেগমে বিৰোধিতা কৰাত আজি স্বামী মঞ্জুৰ আৰু তেওঁৰ মাতৃয়ে মিলি চামচিয়াক হত্যা কৰে বুলি অভিযোগ উত্থাপন কৰে ৷

ইফালে কোনো কোনো লোকে পত্নী চামচিয়াৰাৰো পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ তোলে (Husband And Wife Has Extramarital Affairs)

পত্নীক হত্যা কৰি স্বামী মঞ্জুৰ আলমে নলবাৰী সদৰ থানাত (Nalbari Sadar Police) আত্মসমৰ্পণ কৰে ৷ স্থানীয় ৰাইজে মঞ্জুৰ আলমৰ মাতৃ এই হত্যাকাণ্ডত (Nalbari Murder Case) জড়িত বুলি অভিযোগ কৰে যদিও আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনাৰ কথা পোহৰলৈ আহিব ৷ সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত ৷

Photo: Batori24

লগতে পঢ়কঃ Himachal Pradesh Accident: ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে গাড়ী; স্বামী-স্ত্ৰীসহ ৪জনৰ কৰুণ মৃত্যু, সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ বাহনখন

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -