26.3 C
Guwahati
Saturday, May 4, 2024

Junmoni Rabha Died Case: কোন সঁচা, কোন মিছা? “SP, OC, DSP-এ মাতি নি মোৰ ছোৱালীজনীক মাৰি পেলালে; তাইক ৰডেৰে কোবাই কোবাই মাৰিছে”- জোনমণিৰ মৃত্যুক “পৰিকল্পিত হত্যা” বুলি কান্দি কান্দি দাবী মাতৃৰ

Junmoni Rabha Died Case: অতি ৰহস্যঘন হৈ পৰিছে জোনমনি ৰাভাৰ মৃত্যু। এয়া দুৰ্ঘটনা, পৰিকল্পিত হত্যা নে অইন কিবা ইয়াক লৈ সৰ্বত্ৰ সৃষ্টি হৈছে বহু প্ৰশ্নৰ

Must Read

Junmoni Rabha Died Case: অতি ৰহস্যঘন হৈ পৰিছে জোনমনি ৰাভাৰ মৃত্যু। এয়া দুৰ্ঘটনা, পৰিকল্পিত হত্যা নে অইন কিবা ইয়াক লৈ সৰ্বত্ৰ সৃষ্টি হৈছে বহু প্ৰশ্নৰ।

বিভিন্ন সংবাদ মাধ্যমত জোনমণিৰ পৰিয়ালৰ লোকে তাইৰ মৃত্যুক পৰিকল্পিত হত্যা বুলি অভিযোগ উত্থাপন কৰিছে।

মঙলবাৰে মৃত জোনমণিৰ ভাতৃয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে- জোনমণিক SP-এ মাতিছিল বুলিও খবৰ পাইছিলো আমি। কিন্তু কিয় ইমান ৰাতি জখলাবন্ধালৈ অকলেই ওলাই গৈছিল জোনমণি?

Junmoni Rabha Died Case Junmoni Rabha Died Case

যদি কিবা অপাৰেচন আছিলে তেন্তে তাই অফিচৰ গাড়ী নিব লাগিছিল। নিজৰ ব্যক্তিগত গাড়ী কিয় লৈ যাব। তাইৰ মৃত্যুত কিবা চক্ৰান্ত আছে। এনেকৈ আৰু দুৰ্ঘটনা হয় নেকি? গাড়ীখনৰ অৱস্থায়ে নাই, ইয়াতে বুজিব পাৰি কাৰোবাৰ ষড়যন্ত্ৰ আছে (Junmoni Rabha Died Case)

Junmoni Rabha Died Case Junmoni Rabha Died Case

ইফালে কান্দি কান্দি ভাগৰি পৰিছে জোনমণিৰ মাতৃ। সংবাদ মাধ্যমত মাতৃয়ে দাবী কৰে যে জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাই। এয়া পৰিকল্পিত হত্যাকাণ্ডহে (Junmoni Mother says “A Case Of Pre-Planned Murder”)।

মাতৃয়ে সংবাদ মাধ্যমত কান্দি কান্দি কয় যে-

”ইমান সাহসী ছোৱালী, ইমান কাম কৰা ছোৱালী। সত্য বিচাৰ কৰক, মোৰ টকা পইচা নাই মই যুঁজিব নোৱাৰো, SP, OC, DSPয়ে মাতি নি মানুহ লগাই মোৰ ছোৱালীজনীক মাৰি পেলালে। মোৰ ছোৱালীজনীয়ে উচিত বিচাৰ পাব লাগে।”

”মোক গাড়ীলৈ টানি টানি লৈ গৈছিল, মোক একো কথা ক’ব নিদিয়ে। জোনমণিৰ মাতৃয়ে SP লীনা দলেৰ নাম স্পষ্টভাবে উল্লেখ কৰি কৈছিল যে- তেওঁ মোক টানি লৈ যাব কৈছিল। মিডিয়াৰ আগত একো ক’ব দিয়া নাছিল (Junmoni Rabha Died Case)।

‘OCয়ে কৈছিল আপুনি মিডিয়াৰ আগত একো নক’ব। মই তাৰ পিছত মিডিয়াক একো নক’লো। ৰিজাৰ্ভত যেতিয়া গৈছো মোৰ বাচাৰ ডেডবডি পৰি আছে।”

লগতে পঢ়কঃ Junmoni Rabha Accident Update: ‘তাইৰ মৃত্যুত কিবা চক্ৰান্ত আছে; SP-এ মাতিছিল বুলি খবৰ পাইছিলো, কিন্তু জখলাবন্ধালৈ ইমান ৰাতি কিয় অকলে ওলাই গৈছিল, যদি কিবা কাম আছিল অফিচৰ গাড়ী কিয় লৈ যোৱা নাছিল’- জোনমণিৰ মৃত্যুত প্ৰশ্ন জ্যেষ্ঠ ভাতৃ কৰুণা ৰাভাৰ

লগতে মাতৃয়ে অভিযোগ উত্থাপ কৰে যে-

‘তাইক ৰডেৰে কোবাই কোবাই মাৰিছে। সৰ্বশৰীৰত তাইক ৰডেৰে কোবাইছে। মোবাইলকেইটা লুকাই দিছে। মোবাইলেৰে কথা বিলাক ধৰা পৰিব না। এটা মোবাইল পাইছে। ফোন লগা মোবাইলটো লুকাই দিছে। তাই সদায় লগত দুটা মোবাইল ৰাখে। পুলিছে মিছা কথা কয় এটা মোবাইল থকা বুলি (Junmoni Rabha Died Case)।

উল্লেখ্য জখলাবন্ধা সৰুভগীয়াত (Sarubhagia Jakhalabandha) ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু ঘটে (Junmoni Rabha Died In Horrific Road Accident)। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় জোনমণি ৰাভাৰ মাৰুতি বাহনৰ (Container Truck Colided With Maruti Car)

জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰিছিল জোনমণিৰ বাহনখনে। নিশা প্ৰায় ২ বজাত সংঘটিত হয় দুৰ্ঘটনাটো (Junmoni Rabha Accident Update)।

প্ৰচণ্ড খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ (Junmoni Rabha Died In Horrific Road Accident)। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

এতিয়া সময়তহে স্পষ্ট হ’ব যে কোন সঁচা, কোন মিছা? সঁচাকৈয়ে জোনমণিৰ মৃত্যু দুৰ্ঘটনা আছিল নে অইন কিবা?

Photo: Batori24

লগতে পঢ়কঃ Dr Sarita Toshniwal Murder Case: ৮ বছৰৰ মূৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়; ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত, ডাঃ দীপমণি শইকীয়াক দোষমুক্ত…হত্যাকাণ্ডটো হৈছিল ২০১৪তে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -