25.1 C
Guwahati
Wednesday, April 24, 2024

Karnataka New CM: কিমান শিক্ষিত কৰ্ণাটকৰ হ’বলগীয়া মুখ্যমন্ত্ৰী সিদ্বাৰমায়া? মাতৃ-পিতৃয়ে বিচাৰিছিল তেওঁ ডাক্তৰ হোৱাটো; তেওঁ বাচি ল’লে আইন বৃত্তি, তাৰ পিছত ভৰি দিলে ৰাজনীতিত..

Karnataka New CM: কৰ্ণাটকৰ হ'বলগীয়া মুখ্যমন্ত্ৰী সিদ্বাৰমায়াই প্ৰথমে University Of Mysoreৰ পৰা বিএছচিত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত ওকালতিৰ বৃত্তি বাছনি কৰে।

Must Read

Karnataka New CM: কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ঐতিহাসিক জয়ৰ পিছত এতিয়া দলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম ফাইনেল কৰিছে (Karnataka New CM)।

সূত্ৰ অনুসৰি, দলে পুনৰবাৰ সিদ্বাৰমায়াৰ (Siddaramaiah) ওপৰত আত্মবিশ্বাস প্ৰকাশ কৰিছে।

ৰাজ্যখনৰ হ’বলগীয়া মুখ্যমন্ত্ৰী সিদ্বাৰমায়াৰ (Siddaramaiah) শিক্ষাগত অৰ্হতাৰ বিষয়ে কথা কও যদি তেওঁ University Of Mysore পৰা বিএছচিত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত ওকালতিৰ বৃত্তি বাছনি কৰে। ইফালে সিদ্বাৰমায়াৰ বিৰুদ্ধে মুঠ ১৩টা গোচৰ ৰুজু হৈ আছে।

লগতে পঢ়কঃ Karnataka Election Results 2023 Winner: কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডিকে শিৱকুমাৰৰ জয়লাভ; লগতে কোন জিকিলে আৰু কোন হাৰিলে, জানক সৱিশেষ…

কৰ্ণাটকৰ হ’বলগীয়া মুখ্যমন্ত্ৰী সিদ্বাৰমায়াৰ জন্ম মেছুৰৰ এখন গাঁৱত ১৯৪৭চনৰ ৩ আগষ্টত হৈছিল। তেওঁৰ পিতৃ সিদ্বাৰমে গোড়া বৰুনা হোবেলীত খেতিৰ কাম কৰিছিল। ইফালে তেওঁৰ মাতৃয়ে ঘৰ-গৃহস্থী চাইছিল। ৫ গৰাকী ভাতৃ-ভগ্নীৰ মাজত সিদ্বাৰমায়া দ্বিতীয় নম্বৰত আছে আৰু তেওঁলোক কুৰুৱা গোড়া সম্প্ৰদায়ৰ হয়।

ৰাজনৈতিক কেৰিয়াৰৰ বিষয়ে কথা কও যদি সিদ্বাৰমায়াই (Siddaramaiah) ১৯৭৮ চনত ৰাজনীতিত খোজ দিছিল। ইয়াৰ পিছত সিদ্বাৰমায়া বিভিন্ন পদত আছিল। কৰ্মীৰ পৰা আৰম্ভ কৰি বিধায়ক আৰু উপ-মুখ্যমন্ত্ৰী হোৱাৰ পিছত ২০১৩ত সিদ্বাৰমায়াক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছিল আৰু ২০১৩ৰ পৰা ১৮লৈ তেওঁ এই পদতে আছিল।

কৰ্ণাটক বিধানসভা নিৰ্বাচন (Karnataka Assembly Election) ২০২৩ত সিদ্বাৰমায়াই কৰ্ণাটকৰ মেছুৰ (Mysore) অঞ্চলত বৰুণা আসনৰ পৰা জয়ী হয় (Karnataka New CM)। ইয়াৰ লগতে সিদ্বাৰমায়াৰ বিৰুদ্ধে মুঠ ১৩টা গোচৰ ৰুজু হৈ আছে।

সিদ্বাৰমায়াৰ শিক্ষাগত অৰ্হতা (Karnataka New CM)

সিদ্বাৰমায়াৰ (Siddaramaiah) প্ৰাৰম্ভিক শিক্ষাৰ বিষয়ে ক’বলৈ গ’লে তেওঁ দহ বছৰ বয়সলৈকে গাঁওখনৰে এখন বিদ্যালয়ত পঢ়া-শুনা কৰিছিল। পিছত তেওঁ বিএছচি ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত মেছুৰ বিশ্ববিদ্যালয়ৰ পৰা llb অধ্যয়ন কৰে।

অৱশ্যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁ চিকিৎসক হোৱাটো বিচাৰিছিল, কিন্তু তেওঁ ওকালতিৰ বৃত্তি বাছনি কৰিছিল। সিদ্বাৰমায়া মেছুৰৰ এজন প্ৰখ্যাত অধিবক্তা চিক্কাবোৰেয়াৰ জুনিয়ৰ আছিল আৰু পিছত কিছু সময়ৰ বাবে তেওঁ আইন বৃত্তিতে আছিল। ওকালতি ত্যাগ কৰাৰ পিছত সিদ্বাৰমায়াই ৰাজনীতিত ভৰি দিছিল।

Photo: Google

লগতে পঢ়কঃ Junmoni Rabha Died Case: কোন সঁচা, কোন মিছা? “SP, OC, DSP-এ মাতি নি মোৰ ছোৱালীজনীক মাৰি পেলালে; তাইক ৰডেৰে কোবাই কোবাই মাৰিছে”- জোনমণিৰ মৃত্যুক “পৰিকল্পিত হত্যা” বুলি কান্দি কান্দি দাবী মাতৃৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -