30 C
Guwahati
Saturday, May 4, 2024

Jalukbari Accident: “Dont Drink And Drive” বুলি এনেই কোৱা নহয়; শুনিলে হয়তো এই ৭জন ছাত্ৰই প্ৰাণ নেহেৰুৱালে হয়, মদে ধ্বংস কৰিলে ৭টা পৰিয়ালৰ সপোন…একেদিনাই কৰুণ মৃত্যুক সাৱটে AECৰ ৭ ছাত্ৰই

Jalukbari Accident 7 AEC Students Died: মাজনিশা মহানগৰীৰ জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

Must Read

Jalukbari Accident 7 AEC Students Died: মাজনিশা মহানগৰীৰ জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident At Guwahati)।

Jalukbari Accident
অৰিন্দম ভোৱাল
ডিব্ৰুগড়ৰ ইমন বৰুৱা
মঙলদৈৰ কৌশিক বৰুৱা
শিৱসাগৰৰ কৌশিক মোহন
গুৱাহাটীৰ নিয়ৰ ডেকা
মাজুলীৰ ৰাজ কিৰণ ভূঞা
নগাঁৱৰ উপাংশু শৰ্মা

এখন দ্ৰুতবেগী মহিন্দ্ৰা স্কৰপিঅ’ৰ প্ৰচণ্ড খুন্দা ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিক আপ ভানত।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে একেলগে প্ৰাণ হেৰুৱালে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (Assam Engineerning College) ৭জন ছাত্ৰই (Jalukbari Accident)

নিহত যুৱককেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ (AEC Students Died) আৰু ৭নং হোষ্টেলৰ আৱাসী বুলি চিনাক্ত কৰা হৈছে।

নিহত ছাত্ৰ কেইজনৰ নাম ক্ৰমে মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভোৱাল, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ নিয়ৰ ডেকা (7 Students Spot Died)

Jalukbari Accident Jalukbari Accident

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মৃণ্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা নামৰ আন তিনিজন ছাত্ৰ (3 Students Critically Injured)। এই দুৰ্ঘটনাটোত বলেৰ’ পিক আপ ভানখনত থকা মোজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী নামৰ তিনিজন লোকো গুৰুতৰভাৱে আহত হয়।

জানিব পৰা অনুসৰি সাতমাইলৰ দিশৰ পৰা আহি থকা স্কৰপিঅ’ বাহনখনে প্ৰথমে খুন্দা মাৰে ডিভাইডাৰত। তাৰ পিছত গাড়ীখনৰ স্পীড ইমানেই ভয়ংকৰ আছিল যে ই বিপৰীত লেনত থকা বলেৰ পিক আপ বাহনখনত প্ৰচণ্ড খুন্দা মাৰে (Scorpio Colided With Bolero Pikup Van)। ঘটনাস্থলীত নিশাই উপস্থিত হয় যান-বাহন আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ NDRFৰ দল।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুয়োখন গাড়ীয়ে চূৰ্ণ-বিচূৰ্ণ হয় যায় (Jalukbari Accident)। ফটো চালে বুজিব যে কিমান ভয়ংকৰ আছিল এই দুৰ্ঘটনা (Horrific Road Accident)। ইফালে ছাত্ৰকেইজনে আহি থকা গাড়ীখনৰ পৰা উদ্ধাৰ কৰে কেইবাটাও মদৰ বটল। অত্যাধিক সুৰাপান (Alcohol) কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

জানিবলৈ দিয়া অনুসৰি চানডুবিলৈ গৈছিল ছাত্ৰকেইজন। নিশা চানডুবিৰ পৰা উভতি আহি আছিল
উভতি অহাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয়।

Photo: Batori24

লগতে পঢ়কঃ Child Died Wall Collapsed: মৰ্মান্তিক! খেলি থাকোতেই গাৰ ওপৰত ভাঙি পৰে পকী দেৱাল; কৰুণ মৃত্যু ঘৰৰ একমাত্ৰ কণমানি সন্তানৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -