22.2 C
Guwahati
Saturday, May 4, 2024

Dr Sangeeta Dutta Case: তোলনীয়া কন্যাক নিৰ্যাতন! চিকিৎসক স্বামী ৱালিউল ইছলাম আৰু বনকৰা মহিলাক গ্ৰেপ্তাৰ, পলাতক পত্নী মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তই এয়া ষড়যন্ত্ৰ বুলিহে কৰে দাবী…

Dr Sangeeta Dutta Case Minor Abuse: নিজৰ তোলনীয়া শিশু কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত পল্টন বজাৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিলে গুৱাহাটীৰ চিকিৎসক ডাঃ ৱালিউল ইছলামক

Must Read

Dr Sangeeta Dutta Case Minor Abuse: নিজৰ তোলনীয়া শিশু কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত পল্টন বজাৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিলে গুৱাহাটীৰ চিকিৎসক ডাঃ ৱালিউল ইছলামক (Waliul Islam And Servent Arrested By Paltanbazar Police) ।

ৱালিউল ইছলামৰ লগতে চিকিৎসক দম্পতীৰ ঘৰৰ বন কৰা মহিলাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা বনকৰা মহিলাগৰাকীক লক্ষ্মী নাথ বুলি জানিব পৰা গৈছে।

পল্টন বজাৰ থানাত 193/2023 নম্বৰৰ গোচৰ পঞ্জীয়ন হৈছে। বিয়লি আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ ৱালিউল ইছলাম আৰু বন কৰা মহিলাগৰাকীক (Dr Sangeeta Dutta Case Minor Abuse)। আনহাতে, ধৃত ৱালিউল ইছলামৰ পত্নী মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত এতিয়াও পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Dr Sangeeta Dutta Case
চিকিৎসক স্বামী ৱালিউল ইছলাম আৰু পত্নী মনোৰোগ বিশেষজ্ঞ সংগীতা দত্ত

১৯৩/২৩ নম্বৰৰ গোচৰত শিশু নিৰ্যাতনৰ অভিযুক্ত ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলাগৰাকীৰ বিৰুদ্ধে সন্নিৱিষ্ট হৈছে ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা ৷ ইয়াৰ উপৰি দুয়োৰে ওপৰত আৰোপ কৰা হৈছে RW sec 75 Juvenile Justice Act। উল্লেখযোগ্য যে আজি পুৱা ডাঃ ৱালিউল ইছলাম আৰু কেয়াৰটেকাৰগৰাকীক আটক কৰিছিল আৰক্ষীয়ে।

Dr Sangeeta Dutta Case

উল্লেখ্য যে, চিকিৎসক ডাঃ ৱালিউল ইছলামৰ উপৰি তেওঁৰ পত্নী মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তও এই নিৰ্যাতনৰ গোচৰৰ অন্যতম মূল অভিযুক্ত (Psychiatrist Dr Sangeeta Dutta And Her Dr Husband Waliul Islam Assaulting Minor Daughter)। সম্প্ৰতি ডাঃ সংগীতা দত্ত পলাতক অৱস্থাত আছে। গ্ৰেপ্তাৰৰ ভয়তে তেওঁ আত্মগোপন কৰি আছে বুলি সন্দেহ কৰা হৈছে।

Dr Sangeeta Dutta Case

ঘটনাটো জানিবলৈ দিয়া অনুসৰি, গুৱাহাটীৰ মণিপুৰী বস্তিত থকা নিজা বাসগৃহৰ পৰা এজন চিকিৎসকক তেওঁ আৰু তেওঁৰ পত্নীয়ে নাবালিকা কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে (Dr Sangeeta Dutta Case Minor Abuse)। এই চিকিৎসক দম্পতী হৈছে ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত। দুয়োজনেই প্ৰসিদ্ধ চিকিৎসক আৰু গুৱাহাটীত নিজৰ ক্ষেত্ৰখনত যথেষ্ট পৰিচিত।

চিকিৎসক দম্পতীয়ে অমানৱীয়ভাৱে তোলনীয়া কন্যাগৰাকীক নিৰ্যাতন চলোৱাৰ তথ্য শুকুৰবাৰে পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি শুকুৰবাৰৰ নিশাই চিকিৎসক ৱালিউল ইছলামক আটক কৰিছিল।

শিশু অধিকাৰ কৰ্মী তথা শিশু অধিকাৰ সংগঠন উৎসাহৰ (UTSAH) মুৰব্বী মিগেল দাস কুৱেহে কয় যে, ইয়াৰ পূৰ্বে তেওঁ একাধিক অভিযোগ লাভ কৰিছিল যদিও বিষয়টোৰ সৈতে তেওঁক পোনপটীয়াকৈ সমৰ্থন কৰিব পৰা কোনো ‘সাক্ষ্য’ নাছিল।

মিগেলে আৰু কয় যে তীব্ৰ গৰমত চিকিৎসক দম্পতীহালে নিয়মিতভাৱে নিজৰ সৰু ছোৱালীজনীক নিজৰ ছাদত বান্ধি ৰখাৰ বিষয়ে একাধিক অভিযোগ পাইছিল। তেওঁ লগতে কয়, “এই কণমানি ৫ বছৰীয়া ছোৱালী শিশুটিৰ গোটেই শৰীৰত ঘাঁৰ চিন আছে।” এই সন্দৰ্ভত তেওঁ শিশু কল্যাণ সমিতিকো আপডেট দিছিল।

কিন্তু শুকুৰবাৰে অৱশেষত চুবুৰীয়াই আৰক্ষীৰ কাষ চপাৰ পিছতে দম্পতীহালক আৰক্ষীৰ দৃষ্টিগোচৰ কৰোৱা হয় (Dr Sangeeta Dutta Case Minor Abuse)

গুৱাহাটীৰ মণিপুৰ বস্তিত বাস কৰা দম্পতীহালে নাবালিকাগৰাকীক প্ৰহাৰ কৰাৰ লগতে প্ৰায়ে শাস্তি হিচাপে তেওঁলোকে বাস কৰা এপাৰ্টমেণ্ট কমপ্লেক্সৰ ছাদত বান্ধি ৰাখিছিল বুলি অভিযোগ উত্থাপন হৈছে। লগতে নাবালিকাগৰাকীৰ ওপৰত চলাইছিল শাৰীৰিক-মানসিক নিৰ্যাতন (Dr Sangeeta Dutta Case Minor Abuse)

এই ঘটনাৰ পিছতে ফেচবুকত সংগীতা দত্তই এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই অভিযোগ অস্বীকাৰ কৰি ইয়াক এক ষড়যন্ত্ৰ বুলি দাবী কৰে (Dr Sangeeta Dutta Facebook Video Post)

পিছে আৰক্ষীৰ তদন্তহে ওলাব আচলতে কোন সঁচা, কোন মিছা?

Photo: Google

লগতে পঢ়কঃ Arunachal Massive Landslide: অৰুণাচলত ভয়ংকৰ ভূমিস্খলন; ৪জন অসমৰ শ্ৰমিকৰ কৰুণ মৃত্যু, শুই থকা অৱস্থাতে সমাধিস্থ হয় শ্ৰমিককেইজন

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -