34 C
Guwahati
Saturday, May 4, 2024

Deven Dutta Passes Away: দেৱেন দত্তৰ মৃত্যুৱে উদঙালে GMCHৰ ফোপোলা স্বৰূপ! “এবটল তেজ” নোপোৱাৰ বাবে মৃত্যু হ’ল বিশিষ্ট শিক্ষাবিদজনৰ; শেষ মুহূৰ্তত হাস্পতালখনত নাপালে তেজ, এই অভিযোগ প্ৰয়াত দত্তৰ কেয়াৰ টেকাৰৰ

Deven Dutta Passes Away: জানিব পৰা অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ দেৱেন দত্তৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ

Must Read

Deven Dutta Passes Away In Guwahati: অসমৰ শিক্ষাবিদ, বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, অসমীয়া ভাষাৰ অনন্য সাধক তথা কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ (Former Cotton University Professor Deven Dutta Passes Away)।

বৃহস্পতিবাৰে নিশা ১২ বাজি ১০ মিনিটত GMCHত সকলোকে কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে। কটন কলেজৰ প্ৰাক্তন অধ্যাপক দত্তৰ বিয়োগ অসমৰ বাবে, অসমৰ সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি (Deven Dutta Passes Away)

Deven Dutta Passes Away

জানিব পৰা অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ দেৱেন দত্তৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। দত্তক ১১ আগষ্টত স্বাস্থ্যজনিত কাৰণত GMCHত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে তেওঁৰ চিকিৎসা আৰম্ভ হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ দেহত তেজৰ প্ৰয়োজন হৈছিল (Deven Dutta Passes Away)

Deven Dutta Passes Away

ইফালে বিশিষ্ট চিন্তাবিদ দেৱেন দত্তৰ বিয়োগৰ ঘটনাই যেন উদঙালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (Gauhati Medical College Hospital) নগ্ন স্বৰূপ (GMCH Authorities)। তেওঁৰ বিয়োগৰ পাছতে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ।

অভিযোগ উত্থাপন হৈছে যে এবটল তেজৰ অভাৱত দেৱেন দত্তই মৃত্যুক সাৱটি লয়। এই অভিযোগ উত্থাপন কৰিছে তেওঁৰ কেয়াৰ টেকাৰে (Deven Dutta Died As He Did Not Receive The Required Blood At The Right Time)

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই দেৱেন দত্তই মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি অভিযোগ উত্থাপন কৰিছে কেয়াৰ টেকাৰজনে (Deven Dutta Caretaker)

দেৱেন দত্তৰ কেয়াৰ টেকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি, এবটল তেজৰ অভাৱতে মৃত্যু হ’ল দেৱেন দত্তৰ। নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল কেয়াৰ টেকাৰজনে (Deven Dutta Passes Away)

এটা ইউনিট জমা দিয়াৰ পিছতো নাপালে প্ৰয়োজনীয় তেজ। বৃহস্পতিবাৰে দিনতো তেজ বিচাৰিছিল চিকিৎসকে। কিন্তু নিশা ৯ বজাতহে দেৱেন দত্তক দিবলৈ পালে তেজ। ১২ ঘণ্টাৰ পিছত তেজ পালে যদিও কামত নাহিল।

কেয়াৰ টেকাৰজনৰ এই গুৰুতৰ অভিযোগৰ পাছতে আৰু GMCHত সৃষ্টি হোৱা এনে গাফিলতিৰ পাছতে এতিয়া সৰ্বত্ৰে সমালোচিত হৈছে চিকিৎসালয় কৰ্তৃপক্ষ। যাৰ বাবে এতিয়া গা লৰিছে GMCH কৰ্তৃপক্ষৰ। যাৰ বাবে ৪ গৰাকী চিকিৎসক, অধ্যাপকক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য দেৱেন দত্ত কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল। তেওঁ কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষও আছিল (Former Vice Principal Of Cotton University)। ২০০১ চনত তেওঁৰ উপাধ্যক্ষ পদলৈ পদোন্নতি হৈছিল।

তেওঁলৈ যোৰহাটৰ গতি সাংস্কৃতিক গোষ্ঠীয়ে ৰেণু কলিতা সোঁৱৰণী ২০২২ বৰ্ষৰ ‘অসম গৈৰৱ বঁটা’ আগবঢ়ায়। ‘চিৰ এলাগী মোৰ ভাষা ফেদেলী’ শীৰ্ষক গ্ৰন্থখন তেওঁৰ অন্যতম লেখা।

তেওঁৰ বহুতো তত্বগধূৰ লেখা অসমৰ বাতৰি কাকতসমূহত প্ৰকাশ পাইছিল। তেওঁ ‘অকুতা ভয়’ শিৰোনামেৰে শৃংখলাবদ্ধভাৱে বিভিন্ন বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। লগতে তেওঁ ৰাজনৈতিক বিচাৰ ধাৰাও সংবাদ মাধ্যত ব্যক্ত কৰা দেখা গৈছিল (Deven Dutta Passes Away)

সুন্দৰপুৰস্থিত তেওঁৰ বাসগৃহত বিশিষ্ট শিক্ষাবিদগৰাকীক শেষ শ্ৰদ্ধা জনায় গুণমুগ্ধসকলে (Deven Dutta Passes Away)

Photo: Google

লগতে পঢ়কঃ Jagiroad Tragic Accident: কৰুণ ক’ব নে ভয়ংকৰ! গৈ থাকোতে ৰাস্তাতে খুলিল ইন’ভা গাড়ীৰ চকা; এজন অভিযন্তাই অকালতে হেৰুৱালে প্ৰাণ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -