30 C
Guwahati
Saturday, April 27, 2024

Pig Kidney Transplanted: চিকিৎসা বিজ্ঞানত নতুন সফলতা! এতিয়াৰে পৰা “জন্তুৰ অংগও” হ’ব ট্ৰান্সপ্লাণ্ট; মানুহৰ শৰীৰত কাম কৰিছে গাহৰিৰ কিডনী…

Pig Kidney Transplanted In Human Body: নিউয়ৰ্কত চিকিৎসকৰ এটা দলে গাহৰিৰ বৃক্ক মানুহৰ শৰীৰত সংৰোপণ কৰিছে, যিটো বিগত এমাহ ধৰি সামান্যভাবে কাম কৰি আছে। ইয়াৰ দ্বাৰা চিকিৎসা বিজ্ঞানত এক নতুন ক্ৰান্তিৰ আশা উৎপত্তি হৈছে।

Must Read

Pig Kidney Transplanted In Human Body: ভৱিষ্যতত জন্তুৰ অংগও মানুহৰ শৰীৰত সংৰোপণ কৰিব পৰা যাব? সংৰোপণৰ বাবে অংগৰ অভাৱক দেখা পাই প্ৰায়ে এই প্ৰশ্নটো সোধা হয় যে আৰু ইয়াৰ উত্তৰ ‘হয়’ও হ’ব পাৰে।

শেহতীয়াকৈ নিউয়ৰ্কত চিকিৎসকৰ এটা দলে গাহৰিৰ বৃক্ক মানুহৰ শৰীৰত সংৰোপণ কৰিছে, যিটো বিগত এমাহ ধৰি সামান্যভাবে কাম কৰি আছে (Pig kidney Transplanted In Human Body Continues To Function, Scientists Call It A Breakthrough)। ইয়াৰ দ্বাৰা চিকিৎসা বিজ্ঞানত এক নতুন ক্ৰান্তিৰ আশা উৎপত্তি হৈছে।

এই সংৰোপণ “ব্ৰেইন ডেড” (Brain Dead Human Body) শৰীৰত কৰা হৈছে। জন্তুৰ অংগৰে মানুহৰ জীৱন ৰক্ষা কৰাৰ চেষ্টাৰ আধাৰত এইটো এটা ডাঙৰ কৃতিত্ব বুলি গণ্য় কৰা হৈছে।

Pig Kidney Transplanted

বুধবাৰে নিউয়ৰ্ক বিশ্ববিদ্যালয়ে (New York University) এই Experimentৰ বিষয়ে জানিবলৈ দিয়ে। গৱেষকসকলে কোৱা অনুসৰি তেওঁলোকে আৰু এমাহলৈ চাব যে আচলতে অলবেল্ট (Albeit) নামৰ মৃত লোকজনৰ শৰীৰত এই গাহৰিৰ কিডনীটো কেনেদৰে কাম কৰে।

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ট্ৰান্সপ্লাণ্ট ইনষ্টিটিউটৰ পৰিচালক ডাঃ ৰৱাৰ্ট মণ্টগোমৰীয়ে (Dr. Robert Montgomery’s Research) ক’লে,

“কি ই মানুহৰ অংগৰ দৰে কাম কৰি আছে? বৰ্তমানলৈ এইটোৱে লাগি আছে।’ তেওঁ ক’লে ক’ব গ’লে গাহৰিৰ লগোৱা কিডনীটো মানুহৰ অংগতকৈও বেছি ভালদৰে কাম কৰি আছে।

চিকিৎসকসকলে কয় যে ১৪ জুলাইত লোকজনৰ শৰীৰৰ পৰা তেওঁৰ আচল কিডনী উলিয়াই গাহৰিৰ কিডনী সংৰোপণ কৰা হৈছিল (Gene-Edited Pig Kidney Has Functioned In A Human)। ইয়াৰ কিছু সময়ৰ পিছতে দেখা গ’ল যে এই কিডনীটোৱে কাম কৰি আছিল আৰু ইউৰিনৰ প্ৰছেছ যেনেকুৱা আছিল তেনেকুৱাই আছে।

ইয়াৰ দ্বাৰা এইটো সম্ভাৱনা আছে যে সংৰোপণৰ বাবে মানুহৰ অংগৰ অভাৱ গাহৰিৰ কিডনীৰে সম্পূৰ্ণ কৰিব পাৰি (Pig Kidney Transplanted In Human Body)

মৃত লোকজনৰ ভগ্নীয়ে কয় যে- মোৰ ভাতৃয়ে বিচাৰিছিল যে তেওঁ সকলোকে সহায় কৰাটো। যাৰ বাবে আমি তেওঁৰ ইচ্ছাৰ সন্মান ৰাখি তেওঁৰ শৰীৰটো ব্যৱহাৰৰ বাবে দান কৰিলো। তেওঁ ক’লে যে মোৰ ভাতৃ এতিয়া মেডিকেলৰ কিতাপত স্থান পাব আৰু সদায় জীয়াই থাকিব।

দশক দশক ধৰি বিজ্ঞানীসকলে জন্তুৰ অংগসমূহ মানুহৰ শৰীৰত সংৰোপণ কৰাৰ চেষ্টা চলাই আছিল, কিন্তু বিফল হৈছিল। কিন্তু এই সফলতাৰে তেওঁলোকে আশাৰ পোহৰ দেখিছে (Pig Kidney Transplanted In Human Body)

বৰ্তমান আমেৰিকাত ১ লাখ ৩০ হাজাৰ লোকক অংগ সংৰোপণৰ প্ৰয়োজন। ইয়াৰে ৮৮ হাজাৰ লোকক কিডনীৰ প্ৰয়োজন (88,000 Are Waiting For A Kidney)। এই অংগসমূহ লাভ কৰিবলৈ অপেক্ষা কৰি থাকোতেই বহুতৰে মৃত্যু হৈছে।

Photo: Google

লগতে পঢ়কঃ Deven Dutta Passes Away: দেৱেন দত্তৰ মৃত্যুৱে উদঙালে GMCHৰ ফোপোলা স্বৰূপ! “এবটল তেজ” নোপোৱাৰ বাবে মৃত্যু হ’ল বিশিষ্ট শিক্ষাবিদজনৰ; শেষ মুহূৰ্তত হাস্পতালখনত নাপালে তেজ, এই অভিযোগ প্ৰয়াত দত্তৰ কেয়াৰ টেকাৰৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -