24 C
Guwahati
Monday, April 29, 2024

3 Questions To Modi: লোকসভাত অনাস্থা প্ৰস্তাৱক লৈ আলোচনা; গৌৰৱ গগৈয়ে “মণিপুৰ ঘটনা”ক লৈ PM নৰেন্দ্ৰ মোদীক সুধিলে ৩টাকৈ ডাঙৰ প্ৰশ্ন, পিছে মোদীয়ে উত্তৰ দিব নে?

Must Read

3 Questions To Modi On Manipur: অনাস্থা প্ৰস্তাৱক লৈ লোকসভাত আলোচনা আৰম্ভ হৈ গৈছে, যিটো ১০ আগষ্টলৈ চলিব। আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) নিজৰ উত্তৰ দিব।

ইয়াৰ পূৰ্বে অনাস্থা প্ৰস্তাৱক লৈ আজি (৮ আগষ্ট) দুপৰীয়া ১২ বজাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi) আলোচনা আৰম্ভ কৰে, যাৰ পিছত বিজেপিয়ে (BJP) ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

3 Questions To Modi

সংসদীয় কাৰ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ক’লে যে আমি ৰাহুল গান্ধীক শুনিবলৈ আহিছিলো (3 Questions To Modi)

গৌৰৱ গগৈয়ে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী মোদীক (PM Narendra Modi) লক্ষ্য কৰি লয়

অনাস্থা প্ৰস্তাৱক লৈ লোকসভাত চলা আলোচনাৰ সময়ছোৱাত গৌৰৱ গগৈয়ে (Gaurav Gogoi) পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Narendra Modi) লক্ষ্য কৰি লয় আৰু কয় যে অনাস্থা প্ৰস্তাৱ অনাটো আমাৰ বাধ্যবাধকতা আছিল।

আমি মণিপুৰৰ ন্যায়ৰ বাবে অনাস্থা প্ৰস্তাৱ লৈ আহিছো। আমি কেৱল মণিপুৰৰ ওপৰতে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য বিচাৰো। তেওঁ লগতে ক’লে যে, ‘প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগিব যে মণিপুৰত তেওঁৰ ডাবল ইঞ্জিন চৰকাৰ বিফল হৈছে (3 Questions To Modi)

যাৰ বাবে তাত ১৫০ গৰাকী লোকৰ মৃত্যু হৈছে, প্ৰায় ৫ হাজাৰ ঘৰ জ্বলাই দিয়া হ’ল, প্ৰায় ৬০ হাজাৰ লোক সাহাৰ্য শিবিৰত আছে, আনহাতে ৬৫০০ গোচৰ ৰুজু কৰা হৈছে।’

গৌৰৱ গগৈয়ে লগতে ক’লে, ‘মুখ্যমন্ত্ৰীয়ে কথাবতৰাৰ, শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰিব লাগিছিল, কিন্তু তেওঁ বিগত ২-৩ দিনত উচতনিমূলক পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে সমাজত উত্তেজনাৰ সৃষ্টি কৰিছে।’

গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী মোদীক সুধিলে ৩টা প্ৰশ্ন (3 Questions To Modi)

লোকসভাত অনাস্থা প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ সময়ছোৱাত গৌৰৱ গগৈয়ে (Gaurav Gogoi) প্ৰধানমন্ত্ৰী মোদীক (Narendra Modi) সুধিলে ৩টা প্ৰশ্ন (Loksabha Congress Ask 3 Questions On Manipur To Pm Modi)

তেওঁ সুধিলে- ১. প্ৰধানমন্ত্ৰী মোদী আজিলৈ মণিপুৰলৈ কিয় নগ’ল?
২. মণিপুৰৰ ওপৰত মাত মাতিবলৈ ৮০ দিন কিয় লাগিল আৰু যেতিয়া ক’লে সেয়াও মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে?
৩. এতিয়ালৈ মণিপুৰৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কিয় কৰা নাই?

Photo: Google

লগতে পঢ়কঃ Guwahati Drunk Couple Fight: এয়াই নেকি আমাৰ যুৱ-প্ৰজন্ম? লাজ-সন্মান পাহৰি ৰাস্তাৰ মাজতে “সুৰামত্ত” যুৱক-যুৱতীৰ WWE; প্ৰথমে যুৱকে হেলমেটেৰে মাৰিলে, তাৰ পিছত…Watch Viral Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -