32 C
Guwahati
Thursday, May 16, 2024

বিতৰ্কিত ‘কা’ বলৱৎ কৰিবলৈ সাজু মোদী চৰকাৰ; ভিত্তিবৰ্ষ ২০১৪ সলনি কৰাৰো চলিছে যো-জা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ ক লৈ পুনৰ তত্পৰ হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰ। ‘কা’ প্ৰণয়নৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পাছত বলৱৎ কৰিবলৈ সাজু হৈছে চৰকাৰ। লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই ‘কা’ বলৱৎ কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

কেৱল এই আইনখন বলৱতেই নহয়, বিজেপি চৰকাৰে ইয়াৰ পুনৰ সংশোধনীও আনিব বিচাৰিছে। চলিত জানুৱাৰী মাহৰ ভিতৰতে চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। অৱশ্যে এই সংশোধনী সংসদত বিধেয়ক উত্থাপনৰ জৰিয়তে কৰিব নে অন্য উপায় ল’ব সেয়া এতিয়াও জানিব পৰা হোৱ নাই।

নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ অনুসৰি ২০১৪ চনৰ ৩১ ডিছেম্বৰ পৰ্যন্ত চুবুৰীয়া আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ধৰ্মীয় উত্পীড়নৰ বলি হৈ ভাৰতলৈ অহা ৬ টা বিশেষ ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা ৰখা আছে। ৬ টা ধৰ্ম ক্ৰমে- হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চি আৰু খ্ৰীষ্টান। কিন্তু আইন অনুসৰি থকা ভিত্তিবৰ্ষ ২০১৪ চনৰ সলনি ২০১৯ চন কৰাৰ বাবে বিজেপি চৰকাৰে কুচকাৱাজ চলাই থকা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে।

প্ৰৱল গণতান্ত্ৰিক প্ৰতিবাদক নস্যাত কৰি ২০১৯ চনৰ ডিছেম্বৰ মাহত সংসদৰ উভয় সদনত নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৯ গৃহীত হৈছিল। পৰৱৰ্তী সময়ত তাতক্ষণিক ভাৱে এই বিধেয়কক ৰাষ্ট্ৰপতিৰ অনুমোদনৰ জৰিয়তে আইনলৈ ৰূপান্তৰিত কৰা হৈছিল।

নিয়ম অনুসৰি কোনো এখন আইন প্ৰণয়নৰ ছমাহৰ ভিতৰত ইয়াৰ বিধি প্ৰস্তুত কৰাতো বাঞ্চনীয়। কিন্তু ‘কা’ প্ৰণয়নৰ ৪ বছৰ সম্পূৰ্ণ হ’ল যদিও এতিয়ালৈ ইয়াৰ বিধি প্ৰস্তুত হোৱা নাই।

ছমাহৰ ভিতৰত বিধি প্ৰস্তুত কৰিব নোৱাৰিলে সংসদৰ চাবঅৰ্ডিনেট লেজিচলেচন কমিটীৰ ওচৰত সময়সীমা বৃদ্ধিৰ বাবে উপযুক্ত কাৰণ দৰ্শাই আবেদন কৰিব লাগে।

ইতিমধ্যে বিজেপি চৰকাৰে যোৱা চাৰি বছৰত চাবঅৰ্ডিনেট লেজিচলেচন কমিটীৰ ওচৰত ৮ বাৰ আৱেদন কৰি ‘কা’ৰ বিধি প্ৰস্তুতৰ সময়সীমা বৃদ্ধিৰ কৰিছে। অহা ৩১ জানুৱাৰীত অষ্টমবাৰৰ সময়সীমা উকলি যাব। গতিকে তাৰ পূৰ্বেই এই বিধি প্ৰস্তুত কৰি ইয়াক বলৱৎ কৰাৰ সম্ভাৱনা আছে।

ইপিনে, লোকসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বলৱৎ কৰাৰ বাবে বিজেপি চৰকাৰ তত্পৰ হোৱাৰ আন এটা কাৰণো আছে বুলি চৰ্চা চলিছে। সেয়া হৈছে পশ্চিমবংগৰ বাংলাদেশমূলীয় মাতুৱা নামৰ হিন্দু জনগোষ্ঠীটো। মাতুৱা জনগোষ্ঠীক বিজেপিয়ে ভোটবেংক হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাই আছে বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে, ২০১৯ চনৰ ডিছেম্বৰ মাহত বিজেপি চৰকাৰে সংসদত সংখ্যা বলৰ জৰিয়তে নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰি আইনত পৰিণত কৰিছিল। ইয়াক কেন্দ্ৰ কৰি অসম, দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱল গণ আন্দোলনে গা কৰি উঠিছিল। এই আন্দোলনত অসমত পাঁচজনকৈ ছহিদ হৈছিল। সেই আন্দোলন এতিয়া স্তিমিত যদিও ইয়াক বলৱৎ কৰাৰ যো-জা চলিলে দেশত কেনে প্ৰতিক্ৰিয়া হয় সেয়া সময়তহে লক্ষণীয় হ’ব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -