37 C
Guwahati
Thursday, May 16, 2024

আই আই টি গুৱাহাটীৰ সুন্দৰ দৰমহাৰ চাকৰি এৰি আলফা (স্বাধীন)লৈ আমগুৰিৰ গৌতম গগৈ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

এফালে আলফা-চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছে আনফালে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ত যোগদান চলি আছে। কোনো কৰ্ম-সংস্থাপনহীন নিবনুৱা নহয়, এইবাৰ আলফা (স্বাধীন)লৈ গমন কৰিছে আই আই টি গুৱাহাটীৰ এজন কৰ্মচাৰী।

আই আই টি গুৱাহাটীৰ এটা সুন্দৰ দৰমহাৰ চাকৰি এৰি সশস্ত্ৰ সংগ্ৰামৰ দিশত ধাৱমান হোৱা যুৱকজনৰ নাম গৌতম গগৈ। তেওঁৰ বিদ্ৰোহী সংগঠনটোত যোগদানৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই এতিয়া বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আই আই টি গুৱাহাটীত জুনিয়ৰ টেকনিচিয়ান হিচাপে কৰ্মৰত গৌতম গগৈৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ পূব মানটনীয়াত। তেওঁৰ মাহিলী দৰমহা ৫৫ হাজাৰ টকা বুলি জানিব পৰা গৈছে। পূব মানটনীয়াৰ প্ৰয়াত তিলেশ্বৰ গগৈ আৰু নিৰদা গগৈৰ কনিষ্ঠ পুত্ৰ গৌতমে বুধবাৰে নিজা ঘৰৰ পৰা কৰ্মস্থলী গুৱাহাটীলৈ অহাৰ পথৰ পৰাই সন্ধানহীন হয়। পাছত তেওঁ আলফা (স্বাধীন)ৰ শিৱিৰত উপস্থিত হয় বুলি খবৰ পোৱা যায়।

এই খবৰ প্ৰকাশৰ পাছতেই তেওঁৰ ঘৰত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এই পৰ্যন্ত আৰক্ষী সূত্ৰই স্পষ্টকৈ কোনো কথা প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে নাহৰকটীয়াৰ বিদ্যুত মহন্ত নামৰ এজন সাংবাদিকে আলফা (স্বাধীন)ত যোগদান কৰাৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছিল। চৰকাৰী পক্ষ তথা আৰক্ষীয়ে একাংশ কৰ্ম-সংস্থাপনহীন যুৱকে বিপথে পৰিচালিত হৈ আলফা (স্বাধীন)লৈ যায় বুলি দাবী কৰি থকাৰ সময়তে এটা লোভনীয় দৰমহাৰে চাকৰি কৰি থকা যুৱকে কিয় এইদৰে জংঘলমুখী হৈছে সেয়া এটা চিন্তনীয় বিষয়।

একেদৰে, ভাৰত চৰকাৰ তথা অসম চৰকাৰে আলফাৰ সৈতে চুক্তি স্বাক্ষৰ কৰি দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটোৱাৰ চেষ্টা চলাইছে। আলফা (স্বাধীন) তথা মুৰব্বী পৰেশ অসমকো আলোচনাৰ মজিয়ালৈ অহাৰ এৰিবেশ গঢ়াৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে, তেনে সময়তে এইদৰে কৰ্মঠ যুৱকৰ আলফা (স্বাধীন)লৈ গমনৰ বাতৰি অতিকৈ চিন্তনীয়।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -