32 C
Guwahati
Friday, May 17, 2024

‘‘এক দেশ এক নিৰ্বাচন’’ সন্দৰ্ভত ৰাইজৰ পৰামৰ্শ আহ্বান: ইচ্ছুক ব্যক্তিয়ে ১৫ জানুৱাৰীৰ ভিতৰত পঠিয়াব পাৰে পৰামৰ্শ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

‘‘এক দেশ এক নিৰ্বাচন’’ বিষয়ক উচ্চস্তৰীয় সমিতিয়ে দেশৰ জনতাৰ পৰা পৰামৰ্শ আহ্বান কৰিছে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত এই সমিতিখনে ‘দেশত একেলগে নিৰ্বাচন সম্ভৱপৰ কৰিবলৈ বৰ্তমানৰ আইনী তথা প্ৰশাসনিক কাঠামোত উপযুক্ত পৰিৱৰ্তন কৰাৰ বাবে’ এই পৰামৰ্শ বিচাৰিছে।

এই সন্দৰ্ভত সমিতিখনে এক ৰাজহুৱা জাননী জাৰি কৰি কয় যে ১৫ জানুৱাৰীৰ ভিতৰত লাভ কৰা পৰামৰ্শসমূহ বিবেচনাৰ বাবে গ্ৰহণ কৰিব।

এই পৰামৰ্শসমূহ সমিতিৰ ৱেবছাইট onoe.gov.in ত পোষ্ট কৰিব পাৰিব বা ই-মেইলযোগে sc-hlc@gov.in লৈ প্ৰেৰণ কৰিব পাৰিব বুলি জাননীখনত উল্লেখ আছে।

‘এক দেশ এক নিৰ্বাচন’ৰ বিষয়টো পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে যোৱা ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত এখন উচ্চস্তৰীয় সমিতি গঠন হৈছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত সমিতিখনত সদস্য হৈছে- গৃহ মন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী দলপতি গোলাম নৱী আজাদ, ১৫সংখ্যক বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন সচিব প্ৰধান সুভাষ চি কাশ্যপ, জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে, প্ৰাক্তন মুখ্য নিৰীক্ষণ আয়ুক্ত সঞ্জয় কোঠাৰি। এই সমিতিখনে এতিয়ালৈ দুবাৰ বৈঠক অনুষ্ঠিত কৰিছে।

শেহতীয়াভাৱে এই সমিতিখনে ‘এক দেশ এক নিৰ্বাচন’ সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ পৰা মতামত তথা এটা ‘পৰস্পৰ সন্মত তাৰিখ’ সম্পৰ্কে মন্তব্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল। দেশৰ ছটা ৰাষ্ট্ৰীয় দল, ৩৩টা আঞ্চলিক দল আৰু ৭টা পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত দললৈ সমিতিখনে পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰিও একসময়তে নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত সমিতিখনে আইন আয়োগৰো মতামত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত সমিতিখনে পুনৰ আইন আয়োগৰ সৈতে মিলিত হ’ব পাৰে।

উল্লেখযোগ্য যে, বিশ্বৰ সৰ্ববৃহত গণতন্ত্ৰ ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে বিজেপি চৰকাৰে ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থা প্ৰণয়নৰ বাবে চেষ্টা চলাই আছে। এই বিষয়ত পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এই উচ্চস্তৰীয় সমিতিখন গঠন কৰা হৈছিল। এই সমিতিখনে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিত্তীয়, প্ৰশাসনিক, আইনগত সকলো দিশ চালিজাৰি চাই আছে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -