35 C
Guwahati
Thursday, May 16, 2024

Women Died Food Poisoning: সাৱধান! Garlic Bread Sandwich খাই মৃত্যু মহিলাৰ; ৩ গৰাকী অসুস্থ…

Women Died Food Poisoning In Golaghat: লখিমপুৰৰ নাৰায়ণপুৰস্থিত নয়নতৰা ৰেষ্টুৰেণ্টত খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত ৪ গৰাকী মহিলা

Must Read

Women Died Food Poisoning In Golaghat: লখিমপুৰৰ নাৰায়ণপুৰস্থিত নয়নতৰা ৰেষ্টুৰেণ্টত খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত ৪ গৰাকী মহিলা।

একেটা পৰিয়ালৰ ৪ মহিলাৰ ভিতৰত দুগৰাকী গোলাঘাটৰ। তাৰে এগৰাকীৰ মৃত্যু সোমবাৰে নিশা (Women Died Food Poisoning)

১৬ জুলাইত লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰ দৰ্শনৰ বাবে গৈছিল গোলাঘাটৰ দুই মহিলা ক্ৰমে লাবণ্য তামুলী, বিনু বৰাসহ তেওঁ কন্যা অলংকৃতা বৰা (১৪) আৰু একে পৰিয়ালৰে দুই লখিমপুৰৰ নিৱাসী ক্ৰমে ধিচা নেওগী (৩২) আৰু সুভ্ৰজিত নেওগী (৩০)।

নাবালিকাগৰাকীৰ বাদে বাকী চাৰিওগৰাকীয়ে মাধৱদেৱ কলাক্ষেত্ৰৰ সমুখৰ নয়নতৰা নামৰ ৰেষ্টুৰেন্টখনত খাইছিল Garlic Bread Sandwich। ছেণ্ডবিচটো খোৱাৰ কিছুসময়ৰ পাছতেই নিজ নিজ ঘৰলৈ উভতে সকলো।

তাৰ পাছতেই চাৰিওগৰাকী আক্ৰান্ত হয় বিষক্ৰিয়াত। আক্ৰান্ত সকলৰ দুগৰাকী ভৰ্তি হয় লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰু গোলাঘাটৰ দুই মহিলাই নিশা ভৰ্তি হয় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।

আক্ৰান্ত লাৱণ্য তামুলী নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে ততাতৈয়াকৈ প্ৰেৰণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। কিন্তু সোমবাৰে নিশা তাতেই মৃত্যুক সাৱটে লাৱণ্য তামুলীয়ে (Women Died Food Poisoning)

আনহাতে,আনগৰাকী মহিলা অৰ্থাৎ বিনু বৰা বৰ্তমানেও চিকিৎসাধীন গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত (Women Died Food Poisoning)

দৈৱক্ৰমে আক্ৰান্ত বিনু বৰাৰ কন্যা অলংকৃতা বৰাই খোৱা নাছিল সেই গাৰ্লিক ব্ৰেড ছেণ্ডবিচটো। মৃত লাৱণ্য তামুলীৰ নশ্বৰদেহ আজি অনা হয় গোলাঘাটৰ (Golaghat) বাসগৃহলৈ।

সমগ্ৰ ঘটনাক লৈ শোকাকুল পৰিৱেশ মৃত মহিলাগৰাকীৰ বাসগৃহত। গোলাঘাটৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত কণিষ্ঠ সহায়ক হিচাপে কৰ্মৰত আছিল মহিলাগৰাকী (Women Died Food Poisoning)

Photo & Input: অভিজিত শিৱম

লগতে পঢ়কঃ Guwahati 2 Guards Suspended: পাইয়ো হেৰুৱালে! জেলৰ কয়দীক ভাং, চাধা-বিড়িৰ যোগান ধৰি চাকৰি হেৰুৱালে ২ নৱনিযুক্ত গাৰ্ডে; ১ জুনত চাকৰিত যোগদান কৰিছিলহে…কিন্তু ডেৰ মাহতে হ’ল নিলম্বন

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -