26 C
Guwahati
Sunday, May 5, 2024

Mother And Son Died: খুবেই দুখলগা! পুত্ৰৰ মৃত্যুৰ দুখ সহিব নোৱাৰি মাতৃৰো কৰুণ মৃত্যু; একেটা দিনতে জ্বলিল মাতৃ আৰু পুত্ৰৰ চিতা

Mother And Son Died At Tezpur: এক হৃদয় বিদাৰক (Tragic Incident) ঘটনা সংঘটিত হৈছে তেজপুৰৰ মণিঝাৰণিত

Must Read

Mother And Son Died At Sonitpur: এক হৃদয় বিদাৰক (Tragic Incident) ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ মণিঝাৰণিত (Sonitpur Manijharni)।

বহিঃৰাজ্যত পুত্ৰৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকদগ্ধ মাতৃয়েও হেৰুৱালে প্ৰাণ (Mother And Son Died Together)। মাতৃ-পুত্ৰৰ মৃত্যুৰ খবৰে শোকাকুল কৰি তুলিছে সমগ্ৰ অঞ্চল। শোকস্তব্ধ কৰি তুলিছে সকলোকে।

Mother And Son Died
মাতৃ-পুত্ৰৰ একেলগে মৃত্যু

একেটা দিনতেই মাতৃৰ চিতাৰ লগতে পুত্ৰৰ চিতা জ্বলাৰ (Mother And Son Died) এই কৰুণ দৃশ্যই চকু সেমেকাই তুলিছে উপস্থিত লোকসকলৰ।

ঘটনাটো জানিবলৈ দিয়া অনুসৰি, গাঁওখনৰ বাবুল বড়ো আৰু চম্পা বড়োৰ মাজু পুত্ৰ বকুল বড়োই (Died Son Bakul Boro) কৰ্মসূত্ৰে দুবছৰ ধৰি চেন্নাইৰ তিৰোপুৰত আছিল।

তিৰোপুৰৰ মাদাথুকোলামত এটা পুখুৰীত মাছ ধৰা অৱস্থাত লগৰ ২ বন্ধু পানীত ডুব যোৱাত বচাবলৈ গৈছিল শোণিতপুৰৰ বকুল বড়োই। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস সেই পানীতে ডুব গৈ অকালতে মৃত্যুক সাৱটিলে বকুলে (Son Drowned Into Water)

দেওবাৰে সংঘটিত হোৱা এই ঘটনাৰ খবৰ পৰিয়ালে সোমবাৰে লাভ কৰে। ইয়াৰ পিছতে বকুলৰ এনে আকস্মিক মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰে তেওঁৰ পৰিয়াল (Mother And Son Died)। পুত্ৰৰ মৃত্যুৰ খবৰে ভাগি পেলোৱা মাতৃ চম্পা বড়োৰ কালি পুৱতি নিশা ২ বাজি ৩০ মিনিটত আকস্মিকভাৱে মৃত্যু ঘটে।

ইফালে, বকুলৰ মৃতদেহ বিশেষ বিমানেৰে বেংগল বিমান বন্দৰৰ পৰা কালি গুৱাহাটীলৈ অনা হয় আৰু তাৰ পিছত নিজ গৃহলৈ অনা হয়। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ এজন মাত্ৰ উপাৰ্জনকাৰী বকুলৰ আকস্মিক বিয়োগে হঠাৎ পৰিয়ালটোলৈ নমাই আনিলে ঘোৰ অমানিশা।

ৰাইজৰ দান-বৰঙণি আৰু বকুলৰ দুই বন্ধু ৰাহুল বড়ো আৰু ৰাজেচ মেচৰ নিজা খৰচত মৃতদেহ ঘৰ আহি পোৱাৰ পিছতে অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। কান্দি কান্দি বাট নেদেখা হয় যাই পৰিয়ালৰ লগতে অঞ্চলটোৰ লোকসকলো।

পুৱা মাতৃৰ চিতা আৰু বিয়লিলৈ মাতৃৰ চিতাৰ কাষতে পুত্ৰৰ চিতা জ্বলোৱা হয় (Mother And Son Died)। গাঁওবাসীয়ে মাতৃ-পুত্ৰৰ দুখনকৈ চিতা জ্বলাই মানসিকভাৱে দুখত ভাগি পৰিছে।

Photo: Batori24

লগতে পঢ়কঃ Karnataka Election 2023: আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ; ৭ বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ, নৱপ্ৰজন্মক ভোটদান কৰিবলৈ বিশেষ অনুৰোধ প্ৰধানমন্ত্ৰী মোদীৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -