30 C
Guwahati
Thursday, April 25, 2024

Karnataka Election 2023: আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ; ৭ বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ, নৱপ্ৰজন্মক ভোটদান কৰিবলৈ বিশেষ অনুৰোধ প্ৰধানমন্ত্ৰী মোদীৰ

Karnataka Election 2023: আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

Must Read

Karnataka Election 2023: আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ (karnataka Assembly Election 2023)। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।

পুৱাৰে পৰা প্ৰায় প্ৰতিটো ভোটকেন্দ্ৰৰ সন্মুখত ভোটাৰৰ দীঘলীয়া শাৰী। শাসনত আহিবলৈ ৰাজ্যখনৰ প্ৰধান ৰাজনৈতিক দল- বিজেপি (BJP), কংগ্ৰেছ (Cogress) আৰু জেডিএছে (JDS) নিজৰ সমস্ত শক্তি লগাই দিছে।

অৱশ্যে পোনপটীয়া যুঁজ বিজেপি আৰু কংগ্ৰেছৰ মাজতে বুলিহে জনা গৈছে (Karnataka Election 2023)। পুনৰ শাসনত থাকিবলৈ বিজেপিয়ে এইবাৰ সম্পূৰ্ণ শক্তি প্ৰদৰ্শন কৰিছে, ইফালে বিজেপিক বেদখল কৰি চৰকাৰ বনোৱাৰ সপোন ৰচি কংগ্ৰেছেও ভোটাৰসকলক টোপ দিবলৈ যথেষ্ট চেষ্টা কৰিছে। জেডিএছে এইবাৰো নিজকে কিংমেকাৰ বুলি ভাবি লৈছে।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ দলে প্ৰচাৰ চলাই আহিছে। যোৱা দেওবাৰে বেংগালুৰুত নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) মেগা ৰোড শ্ব’ কৰিছিল অমিত শ্বাহেও (Amit Shah) প্ৰচাৰ কৰে। বহু দিনৰ মূৰত কৰ্ণাটকৰ প্ৰচাৰ সভাত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীকো (Sonia Gandhi) দেখা গ’ল, পিছ পৰি নাথাকিল ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খৰ্গে।

এই পৰ্যায়ত মুঠ ২২৪টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব (Karnataka Election 2023)। ভোটগণনা হ’ব ১৩ মে’, শনিবাৰে। এইবাৰ কৰ্ণাটকত মুঠ ভোটাৰৰ সংখ্যা ৫ কোটি ৩০ লাখ। ইয়াৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকৰ সংখ্যা হৈছে ১১ লাখ ৭১ হাজাৰ। মুঠ ভোটাৰৰ ভিতৰত প্ৰায় ২ কোটি ৬৬ লাখ পুৰুষ আৰু ২ কোটি ৬২ লাখ মহিলা (Karnataka Election 2023)

আজি পুৱা ৬:৫৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট (PM Narendra Modi Tweet) কৰি কৰ্ণাটকৰ জনসাধাৰণক গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। নৱপ্ৰজন্ম আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা সকললৈ বিশেষ আহ্বান কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও টুইট কৰে।

অহা শনিবাৰে ভোট গণনা ২২৪ আসনৰ বিধানসভাত সংখ্যাগৰিষ্ঠ আসনৰ সংখ্যা ১১৩।

Photo: Google

লগতে পঢ়কঃ Imran Khan Arrested: গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন PM ইমৰান খান; ইফালে এই গ্ৰেপ্তাৰক অপহৰণ বুলি কয় ইমৰান খানৰ সমৰ্থকে!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -