26 C
Guwahati
Saturday, May 4, 2024

Himanta Biswa On Junmoni: “মই ইমান খবৰ লোৱা নাই; এইবোৰ SP, DC-এ জানিব”- ইমান এক ডাঙৰ ঘটনা, কিন্তু কিয় এগৰাকী মুখ্যমন্ত্ৰী হৈয়ো এনে গা এৰা মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ?

Himanta Biswa On Junmoni: সোমবাৰে মাজনিশা সংঘটিত হৈছিল SI জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনা

Must Read

Himanta Biswa On Junmoni: সোমবাৰে মাজনিশা সংঘটিত হৈছিল SI জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনা (Junmoni Rabha Died Case)। তাৰ পিছত সময় যিমানে গৈছে সিমানে এই ঘটনাই লৈছে নতুন নতুন মোৰ।

ঘটনাটোৰ গতি ধুমুহাৰ দৰে সলনি হৈ আছে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই কাণসাৰ (Himanta Biswa On Junmoni)। ঘটনাটো ঘটাৰ ইতিমধ্যে ৩ দিন সম্পূৰ্ণ হ’ল। ৩ দিনৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে দিলে প্ৰতিক্ৰিয়া। তাকো এনে গা এৰা প্ৰতিক্ৰিয়া যি হয়তো এগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব থকা লোক হিচাপে কাম্য নহয়।

সাংবাদিকসকলে জোনমণি ৰাভাৰ মৃত্যু হোৱা ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন সোধাত তেওঁ সাধাৰণভাবে কয় যে (Himanta Biswa On Junmoni)

“মই ইমান খবৰ লোৱা নাই, এইবিলাক SP, DC-এ জানিব।” শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো।

জোনমণি ৰাভাৰ নতুন নতুন মোৰ এনেধৰণৰ-

জোনমণিৰ মৃত্যুৰ পিছত তাইৰ পৰিয়ালৰ লোকে এই ঘটনাক দুৰ্ঘটনা নহয় বুলি দাবী কৰি পৰিকল্পিত হত্যাকাণ্ড বুলিহে অভিযোগ উত্থাপন কৰিছে। মাতৃয়ে দাবী কৰিছে যে তাইক SP, OC, DSP-এ মাতি নি মানুহ লগাই ৰডেৰে মৰিয়াই মৰিয়াই হত্যা (Murder) কৰিছে।

ইফালে এই ঘটনাৰ পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এখন বিশেষ এজাহাৰৰ কপী। আমিনা খাতুন নামৰ এগৰাকী মহিলাই মৃত্যুৰ পূৰ্বে লখিমপুৰ থানাত এজাহাৰখন দাখিল কৰিছিল। এজাহাৰখনত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিস্ফোৰক অভিযোগ। মৃত্যুৰ পূৰ্বে জোনমণি ৰাভাৰ বিৰুদ্ধে ৬ লাখ টকা ধন দাবীৰ গোচৰ ৰুজু হৈছিল।

লগতে এই ৰহস্যঘন ঘটনাৰ মাজতে জোনমণি ৰাভাৰ ঘটনাক (Junmoni Rabha Died Case) লৈ মুখ খোলা হাচিনা বেগমৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে। তাৰে এটা ফোন কল ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। ফোনকল ভাইৰেল হোৱাৰ পিছতে ৰুণা নেওগক বদলি কৰা হৈছে।

জোনমণিৰ মাতৃ-মাহীয়েক ভগ্নীয়ে অভিযোগ উত্থাপন কৰিছিল যে- দুৰ্ঘটনাৰ নিশা প্ৰায় ৩ বজাত আৰক্ষীৰ এটা দল জোনমণি ৰাভাৰ ঘৰত আহি তালাচী চলাইছিল আৰু লৈ গৈছিল ১ লাখ টকা। মাতৃয়ে কোৱা অনুসৰি এই টকা আধা জোনমণিৰ আৰু আধা তেওঁৰ তামোল-পাণ বিক্ৰী কৰা টকা আছিল।

 

Photo: Batori24

লগতে পঢ়কঃ Karnataka New CM: কিমান শিক্ষিত কৰ্ণাটকৰ হ’বলগীয়া মুখ্যমন্ত্ৰী সিদ্বাৰমায়া? মাতৃ-পিতৃয়ে বিচাৰিছিল তেওঁ ডাক্তৰ হোৱাটো; তেওঁ বাচি ল’লে আইন বৃত্তি, তাৰ পিছত ভৰি দিলে ৰাজনীতিত..

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -