31 C
Guwahati
Saturday, May 18, 2024

মূল্যবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্যঃ জনসাধাৰণক অপেক্ষা কৰিবলৈ অহ্বান মুখ্যমন্ত্ৰীৰ

Must Read

মূল্যবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্যঃ জনসাধাৰণক অপেক্ষা কৰিবলৈ অহ্বান মুখ্যমন্ত্ৰীৰ

মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক। পেট্ৰ’লজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি পাকঘৰৰ সকলো বস্তুতে এতিয়া ব্যাপক মূল্যবৃদ্ধি। ঠাই বিশেষে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৭, ১০৮ টকা পৰ্যন্ত হৈছেগৈ। ফলত জাঙুৰ খাই উঠিছে জনসাধাৰণ। ইফালে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে বিৰোধী দলৰ লগতে ছাত্ৰ সংগঠনসমূহ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সৰ্বস্তৰৰ লোকে। এইবাৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মন্তব্য ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন ৰাইজক অপেক্ষা কৰিবলৈ আহ্বান জনাই কয় যে, ‘মূল্য বৃদ্ধি হৈছে, সেয়া আমিও মানিছো। কিন্তু কিছুদিন অপেক্ষা কৰক। মোদীৰ ওপৰত বিশ্বাস ৰাখক। কিন্তু কেতিয়া মূল্য হ্ৰাস পাব সেয়া এই মুহূৰ্ততে ক’ব নোৱাৰিম।’

 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -