28 C
Guwahati
Monday, May 20, 2024

মেট্ৰিকত প্ৰথম স্থান পোৱাৰ পাছত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাতো প্ৰথম স্থান দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

মেট্ৰিকত প্ৰথম স্থান পোৱাৰ পাছত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাতো প্ৰথম স্থান দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ।মই এজন ভাল মানুহ হ’ব বিচাৰোঁ যাতে মৃত্যুৰ পাছতো সমাজত দুজনে মোৰ নাম লয়- ধৃতিৰাজ বাস্তৱ কলিতা।

মই এজন ভাল মানুহ হ’ব বিচাৰোঁ যাতে মৃত্যুৰ পাছতো সমাজত দুজনে মোৰ নাম লয়। মেট্ৰিকত প্ৰথম স্থান পোৱাৰ পাছত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাতো প্ৰথম স্থান দখল কৰি মন্তব্য দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ।
পুনৰ উজলিল ধৃতিৰাজ। মেট্ৰিকত শীৰ্ষ স্থান লাভ কৰা ল’ৰাটোৱে পুনৰ হায়াৰ ছেকেণ্ডাৰীতো দখল কৰিলে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান। মুঠ ৪৯১ নম্বৰ লাভ কৰা দৰঙৰ ধৃতিৰাজ আৰু মাতৃৰ চকুত আনন্দৰ চকুপানী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ ঘৰত পুনৰ এবাৰ সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ।  দৰঙৰ দেওমৰনৈ এইছ এছ স্কুলৰ (Deomornoi Higher Secondary School) পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৪৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰে ধৃতিৰাজে।
ইফালে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰা ধৃতিৰাজে সংবাদ মাধ্যমৰ আগত কয় যে পৰীক্ষাত কেৱল স্থান লাভ কৰাৰ বাবেই পঢ়িব নালাগে, বৰং জ্ঞান আহৰণৰ বাবে পঢ়িব লাগে বুলি বিশ্বাস কৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ সফলতাক লৈ পুনৰ এবাৰ আজি গৌৰৱাম্বিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ তথা সমগ্ৰ অঞ্চল।
ভৱিষ্যতে আইআইটিৰ এগৰাকী অধ্যাপক হোৱাৰ সপোন দেখা ধৃতিৰাজে পৰৱৰ্তী সময়ত বিএছচি, তাৰ পিছত এমএছচি আৰু সুযোগ পালে বাহিৰত পিএছডি কৰাৰ আশা পুহি ৰাখিছে। পঢ়া শুনাৰ লগতে গীত-মাত চৰ্চা কৰা ধৃতিৰাজ বাস্তৱ কলিতা এজন ভাল কণ্ঠশিল্পীও৷

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -