28 C
Guwahati
Sunday, May 5, 2024

Dhemaji Bomb Blast Verdict: এটা বিকট শব্দ, তাৰ পিছত ছিন্ন-বিচ্ছিন্ন দেহ! ২০০৪ৰ ধেমাজি বিস্ফোৰণ ৰহস্য হৈয়ে থাকি গ’ল; ন্যায় নাপালে বিস্ফোৰণত প্ৰাণ হেৰুওৱা ১৮ গৰাকী কণমানি শিশু-মহিলাই, কাৰণ প্ৰমাণৰ অভাৱত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা…

Dhemaji Bomb Blast Verdict By Gauhati High Court: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court) হতাশাজনক ৰায়দান!

Must Read

Dhemaji Bomb Blast Verdict By Gauhati High Court: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court) হতাশাজনক ৰায়দান!

২০০৪ চনৰ ১৫ আগষ্টত (August 15, 2004) ধেমাজি কলেজ পেৰেড গ্ৰাউণ্ডত সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে ৰায় (Explosion Dhemaji College Playground During Independence Day)

Dhemaji Bomb Blast Verdictকে

আদালতৰ এই ৰায়ৰ পিছতে হতাশগ্ৰস্ত কৰিছে বিস্ফোৰণত আহত-নিহত পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসীক। বিগত ১৯ বছৰে ধেমাজি বোমা বিস্ফোৰণত (Dhemaji Bomb Blast) জড়িতসকলক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব বুলি আশা কৰিছিল সমগ্ৰ ৰাজ্যবাসীয়ে।

Dhemaji Bomb Blast Verdict

কাৰণ এই ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল কণমানি শিশু-মহিলাসহ ১৮ গৰাকী লোকে (18 Women And Chlid Died In Blast)। আহত হৈছিল ৪০ গৰাকী লোক (40 Injured)। নিহত লোককেইগৰাকীৰ ভিতৰত ১২ৰ পৰা ১৪ বছৰ বয়সৰ শিশু আৰু তেওঁলোকৰ মাতৃ আছিল।

আহত-নিহত আটাইকেইগৰাকী লোকে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু তাতে এই ভয়ংকৰ বোমা বিস্ফোৰণ হৈছিল (Dhemaji Bomb Blast Verdict)

Dhemaji Bomb Blast Verdict

কিন্তু ইমান বছৰৰ শুনানিৰ পিছতো বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিস্ফোৰণত জড়িত আটাইকেইজন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰিলে (Gauhati High Court Acquits Accused In 2004 Dhemaji Bomb Blast Case)

অৰ্থাৎ এইসকল লোক বোমা বিস্ফোৰণৰ লগত জড়িত নাছিল বুলি শেষ ৰায় দিলে আদালতে (Dhemaji Bomb Blast Verdict)

Dhemaji Bomb Blast Verdict

আদালতৰ এই ৰায়দানে এতিয়া আচৰিত কৰি তুলিছে অসমবাসীক। কাৰণ সেই সময়ত ধেমাজিৰ এই বোমা বিস্ফোৰণে সকলোৰে হৃদয় কঁপাই তুলিছিল (Dhemaji Bomb Blast Verdict)

ধেমাজি পেৰেড গ্ৰাউণ্ডত খুব উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণত ৰক্তাক্ত হৈছিল পেৰেড গ্ৰাউণ্ড। ছিন্ন-বিচ্ছিন্ন হৈ পৰিছিল পেৰেড গ্ৰাউণ্ডত উপস্থিত থকা বহু ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ শৰীৰ।

অৱশ্যে ২০০৪ৰ এই বোমা বিস্ফোৰণৰ দায়িত্ব আলফাই লৈছিল (ULFA) Allegedly Triggered An Explosion)। এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰাত নিৰাপত্তাৰ ক্ষেত্ৰত কৰা হেমাহিৰ বাবে ধেমাজিৰ তদানীন্তন আৰক্ষী অধীক্ষক টি থানগৌ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আবু ছাফিয়ানক তাৎক্ষণিকভাৱে কৰা হৈছিল নিলম্বন।

এই ঘটনাৰ পিছতে ধেমাজিৰ উপায়ুক্তকো আন জিলালৈ বদলি কৰিছিল চৰকাৰে।

তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে (Lt CM Tarun Gogoi) এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে নিহতৰ পৰিয়ালক ৩ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন অৰ্থসাহায্যও ঘোষণা কৰিছিল।

এই নৃশংস কাণ্ডৰ ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছিল (Dhemaji Bomb Blast Verdict)

চিপিআইএমে ১৭ আগষ্ট ২০০৪ত গুৱাহাটীত ধেমাজি বিস্ফোৰণৰ প্ৰতিবাদত বিশাল ৰেলীও উলিয়াইছিল। ৰাজ্যজুৰি হোৱা প্ৰতিবাদ আৰু বিৰূপ প্ৰতিক্ৰিয়াৰ বাবে আলফাৰ সেনাধ্যক্ষই ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছিল।

সেই তেতিয়াৰে পৰা ধেমাজিৰ বোমা বিস্ফোৰণৰ ন্যায় বিচাৰি অব্যাহত আছে বিভিন্ন আন্দোলন। আদালতৰ মজিয়াতো বিগত ১৯ বছৰে চলিল তৰ্কযুদ্ধ তথা শুনানি।

দীঘলীয়া শুনানিৰ পিছত ২০১৯ চনৰ ৪ জুলাইত ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে (Dhemaji District And Sessions Court) বিস্ফোৰণৰ ঘটনাত ৬জন লোকক দোষী সাব্যস্ত কৰিছিল।

দীপাঞ্জলী গোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ ওৰফে লীলা খানক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছিল (Lower Court Had Pronounced A Life Sentence)। প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল (4 Years Of Imprisonment)

নিম্ন আদালতৰ ৰায়দানক প্রত্যাহ্বান জনাই হাই কৰ্টৰ দ্বাৰস্থ হৈছিল আবেদনকাৰী। বিগত ৪ বছৰ ধৰি ন্যায়ালয়ত হোৱা শুনানিৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।

অৰ্থাৎ ধেমাজি সত্ৰ ন্যায়াধীশে বোমা বিস্ফোৰণত জড়িত বুলি দোষী সাব্যস্ত কৰা ৬ অভিযুক্তক ক্লীনশ্বিট দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ক’ত, কেনেকৈ হৈছিল বোমা বিস্ফোৰণ (How To Dhemaji Bomb Blast)?

২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ (Independence Day Festivities) বাবে ধেমাজি মহাবিদ্যালয়ৰ পেৰেড স্থানত বহুতো লোক বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ মাতৃ গোট খাইছিল।

পুৱা ৯ বাজি ৩০ মিনিটত বোমা বিস্ফোৰিত হয়। ইয়াৰ ফলত ১৮ গৰাকী লোক নিহত হয় (18 Died) আৰু কেইবাজনো আহত হয়।

আৰক্ষীৰ মতে বোমাটো মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ কাষত সংস্থাপন কৰা হৈছিল আৰু ৰিম’ট কণ্ট্ৰলৰ সহায়ত বিস্ফোৰণ ঘটোৱা হৈছিল। যেতিয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰৱেশ দ্বাৰেৰে পাৰ হৈ গৈছিল তেতিয়া বোমাটো বিস্ফোৰণ হৈছিল।

বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ

আৰক্ষীৰ প্ৰাথমিক তদন্তত বিস্ফোৰণত সংযুক্ত অসম মুক্তি বাহিনী জড়িত আছে বুলি উল্লেখ কৰিছিল যদিও তেওঁলোকে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাছিল (ULFA Allegedly Triggered An Explosion In The Dhemaji College Playground)

বিস্ফোৰণৰ ৫ বছৰ পিছত ২০০৯ চনৰ ১৩ ডিচেম্বৰত সংযুক্ত অসম মুক্তি বাহিনীৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ইমেইলযোগে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে আৰু ৰাজহুৱাকৈ ক্ষমা খোজে।

অৱশেষত এই কথাটো স্পষ্ট হৈ পৰিল যে, ১৯ বছৰে এই বোমা বিস্ফোৰণৰ ৰহস্য উদঘাটন কৰাত ব্যৰ্থ হ’ল অসম আৰক্ষী তথা ন্যায়ালয় (Dhemaji Bomb Blast Verdict)

বিস্ফোৰণত আলফা জড়িত আছিল যদিও আলফাৰ হৈ কোনে ধেমাজি কলেজত বোমা সংস্থাপন কৰিছিল, ক’ৰ পৰা বোমা আনিছিল, কাৰ নিৰ্দেশত কোনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল, এই প্ৰশ্নবোৰ প্ৰশ্ন হৈয়ে থাকি গ’ল।

অৰ্থাৎ ন্যায় পোৱাৰ পৰা বঞ্চিত হ’ল কণ কণ শিশুৰ লগতে বিস্ফোৰণত নিহত আৰু আহত লোকসকল (Dhemaji Bomb Blast Verdict)।

বিস্ফোৰণৰ পিছত প্ৰতিক্ৰিয়া

সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ১৬ আগষ্ট দিনটোক প্ৰতি বছৰে বিস্ফোৰণত নিহত ব্যক্তিৰ স্মৃতিত “শোক দিৱস” পালন কৰাৰ ঘোষণা কৰিছিল।

ইয়াৰ লগতে তেওঁ বিস্ফোৰণত নিহতসকললৈ ৩ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকা এককালীন সাহায্য ঘোষণা কৰিছিল (Dhemaji Bomb Blast Verdict)

Photo: Google

লগতে পঢ়কঃ Mizoram Bridge Collapsed Update: কৰুণ! মিজোৰামত নিৰ্মীয়মান ৰে’লৱে দলং খহি ১৭জনৰ নহয় ৪০জন শ্ৰমিকৰ হৈছে মৃত্যু; ১৭জনৰ মৃতদেহ উদ্ধাৰ, উটি গ’ল বহুজন…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -