25 C
Guwahati
Sunday, May 19, 2024

Assam DGP GP Singh: “কেৱল আনন্দ মিশ্ৰৰে নহয়; ৰাজ্যৰ প্ৰতিগৰাকী SPৰে মুখত লাগিল তলা”- আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ গুৰুত্বপূৰ্ণ ঘোষণা

Assam DGP GP Singh: পাঠশালাত আজি DGP জি পি সিঙে সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে

Must Read

Assam DGP GP Singh: পাঠশালাত আজি DGP জি পি সিঙে সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কেৱল আনন্দ মিশ্ৰৰে নহয় (Anand Mishra), ৰাজ্যৰ প্ৰতিগৰাকী SP-এ কৰিব লাগিব মুখ বন্ধ।

অসমৰ কোনো জিলা আৰক্ষী অধীক্ষকে (SP) সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য দিব নোৱাৰিব। আৰক্ষীয়ে কি কৰিছে ৰাইজে সেয়া নিৰ্ধাৰণ কৰিব, আৰক্ষীয়ে নিজৰ কথা জনাব নালাগে। প্ৰত্যেক জিলাতে নিয়োগ কৰা হ’ব আৰক্ষীৰ বাবে মুখপাত্ৰ।

প্ৰয়োজন হ’লে সংবাদমেলেৰে মুখপাত্ৰই নিজৰ বক্তব্য ৰাখিব। তেওঁ নিজেও সংবাদমেল অবিহনে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখাৰ পৰা বিৰত থাকিব বুলি ঘোষণা আৰক্ষী সঞ্চালকপ্ৰধানৰ (Assam DGP GP Singh)

লগতে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি কয় যে- অহা সপ্তাহৰ ভিতৰতে জোনমণি ৰাভাৰ গোচৰ CBI-লৈ হস্তান্তৰ কৰা হ’ব বুলিও ঘোষণা আৰক্ষী সঞ্চালকপ্ৰধানৰ (Assam DGP GP Singh)

লগতে জি পি সিঙে কয় যে যিসকল আৰক্ষীৰ উপ-পৰিদৰ্শকে ১ জুনৰ ভিতৰত সম্পত্তিৰ হিচাপ দাখিল কৰা নাই, তেনে আৰক্ষীক থানা আৰু আৰক্ষী চকীত নিযুক্তি (Assam DGP GP Singh) নিদিবলৈ নিৰ্দেশ সঞ্চালকপ্ৰধানৰ।

ইতিমধ্যে ৯০ৰ পৰা ৯৫ শতাংশ আৰক্ষী উপ–পৰিদৰ্শকে হিচাপ দাখিল কৰা বুলি তেওঁ মন্তব্য কৰে।

Photo: Batori24

লগতে পঢ়কঃ Odisha Triple Train Accident: ওড়িশাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা ১০১জন লোকৰ মৃতদেহৰ “পৰিচয়” এতিয়াও ওলোৱা নাই; মৰ্গত পৰি ৰৈছে ক্ষত-বিক্ষত মৃতদেহবোৰ…চাই চিনিব নোৱাৰি!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -