26 C
Guwahati
Sunday, May 19, 2024

কবৰস্থানতে জীৱন্ত হ’ল এটা মৃতদেহ, শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য।

Must Read

কবৰস্থানতে জীৱন্ত হ’ল এটা মৃতদেহ। এক অবিশ্বাস্য ঘটনাই জোকাৰিলে বঙাইগাঁও জিলা। জীৱন্তে পিতৃ গৃহত উপস্থিত হুনুফা খাতুন । শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। এই অবিশ্বাস্য ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত। ভাণ্ডাৰৰ হুনুফা খাতুন নামৰ এগৰাকী যুৱতীৰ ৮ বছৰ পূৰ্বে আব্দুল বাৰেক নামৰ এজন যুৱকৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। ঈদ উপলক্ষে হুনুফা খাতুনে পুত্ৰ আৰু স্বামীৰ লগত পিতৃ গৃহলৈ বুলি ফুৰিবলৈ গৈছিল। ১৩ জুলাইত পিতৃ গৃহৰ পৰা উভটি আহে হুনুফা খাতুনে। কিন্তু তাৰ পিছতে ১৪ জুলাই তাৰিখে লাগিল অথন্তৰ। পুত্ৰসহ হুনুফা খাতুন ১৪ জুলাই তাৰিখৰ পৰাই নিৰুদ্দেশ হয়। যাৰ ফলত পিতৃ আৰু স্বামী পৰিয়ালত এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়। হাহাকাৰ পৰিস্থিতিৰ মাজতে ১৮ জুলাই তাৰিখে কামৰূপ জিলাৰ নগৰবেৰাৰ জলজলী নৈত উদ্ধাৰ হয় এটা অৰ্ধগলিত মহিলাৰ মৃতদেহ। মৃতদেহটো হুনুফা খাতুনৰ বুলি দাবী কৰে পিতৃ পৰিয়ালে । মৰোনত্তৰ পৰীক্ষা কৰি ধৰ্মীয় ৰীতি নীতি মতে কবৰস্থ কৰে পৰিয়ালৰ লোকে। ইফালে মহিলা গৰাকীৰ পিতৃৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি অভয়াপুৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কৱৰস্ত কৰাৰ পিছতেই এক অদ্ভূত ঘটনাৰ সাক্ষী হ’ল সমগ্ৰ অঞ্চল। কৱৰস্ত কৰা হুনুফা খাতুন জীৱন্তে পুত্ৰসহ উপস্থিত হয় পিতৃ গৃহত । হঠাৎ এনেদৰে কবৰস্থ কৰা এটা মৃতদেহ জীৱন্ত হোৱাক লৈ তীব্ৰ চাঞ্চল্য সমগ্ৰ ভাণ্ডাৰা অঞ্চলত। মহিলা গৰাকী পিতৃ গৃহত উপস্থিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। বৰ্তমান মহিলাগৰাকী

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -