32 C
Guwahati
Wednesday, May 15, 2024

Assam Arunachal Border Dispute: অসম-অৰুণাচল প্ৰদেশৰ মাজৰ দশক পুৰণি সীমা বিবাদ সমাপ্ত! পিছে অসমে কি পাব, অৰুণাচলে কি পাব?

Assam Arunachal Border Dispute: ৫১ বছৰীয়া সীমা বিবাদৰ অৱসান ঘটাই অৱশেষত বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ল অসম (Assam) আৰু অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) মাজত

Must Read

Assam Arunachal Border Dispute: ৫১ বছৰীয়া সীমা বিবাদৰ অৱসান ঘটাই অৱশেষত বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ল অসম (Assam) আৰু অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) মাজত। নতুন দিল্লীত (New Delhi) দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu) গৃহমন্ত্ৰী অমিত শ্বাহৰ (Home Minister Amit Shah) উপস্থিতিত স্বাক্ষৰ কৰে বুজাবুজি চুক্তি।

চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে এয়া দুয়োখন ৰাজ্যৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্য দুখনলৈ শান্তি কঢ়িয়াই অনাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Assam Arunachal Border Dispute
Assam Arunachal Border Dispute

বিগত ৫০ বছৰ ধৰি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমা বিবাদে (Assam Arunachal Border Dispute) ১২৩খন বিবাদিত গাঁৱৰ মাজত বিতৰ্কিত বিষয় হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এই গাঁওসমূহৰ ভিতৰত ২-৩খন গাঁৱৰ বাহিৰে বাকী সকলো গাঁৱৰ বুজাবুজিত উপনীত হৈছে, যিবোৰ বৰ্তমান জৰীপৰ অধীনত আছে।

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ২০২২ৰ ১৫ জুলাইত ‘নামছাই ঘোষণাপত্ৰ’ত চহী কৰি সীমা বিবাদৰ সমাধান উলিওৱাৰ সংকল্প লৈছিল (Assam Arunachal Border Dispute) আৰু তেতিয়াৰে পৰা দুয়োখন ৰাজ্যৰ মাজত এই সন্দৰ্ভত আলোচনা চলি আছিল। এতিয়া দুয়োখন ৰাজ্যই ১২৩খন গাঁৱৰ এই বিবাদ সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হোৱা এই চুক্তিৰ পিছত অমিত শ্বাহে কৈছিল যে (Assam Arunachal Border Dispute)– “অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰাটো অতি ডাঙৰ সাফল্য। আজি আমি উন্নত, শান্তিপূৰ্ণ আৰু সংঘাতমুক্ত উত্তৰ-পূব প্ৰতিষ্ঠাৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছোঁ।”

শ্বাহে লগতে কৈছিল- দুয়োৰাজ্যৰ ৮০০ কিলোমিটাৰ দীঘলীয়া আন্তঃৰাজ্যিক সীমান্তৰ দুয়োফালে থকা ১২৩খন বিতৰ্কিত গাঁও এনে এক সময়ত সমাধান কৰা হৈছে, যেতিয়া দেশখনে স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপন কৰি আছে।”
এই ১২৩খন গাঁও যি অৰুণাচল প্ৰদেশৰ ১২ খন জিলা আৰু অসমৰ ৮খন জিলালৈকে বিস্তৃত।

এই ১২৩ খন গাঁৱৰ ভিতৰত ৩৭খনক লৈ হোৱা বিবাদ (Assam Arunachal Border Dispute) ২০২২ৰ ১৫ জুলাইত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত হোৱা নামচাই ঘোষণাপত্ৰ স্বাক্ষৰৰ দ্বাৰা সমাধান কৰা হৈছিল, য’ত তেওঁলোকে তাৰ ওপৰত “নীতিগতভাৱে সন্মত” হৈছিল। এইটোৱে কাৰ্যকৰীভাৱে সমাধান কৰিবলগা বিবাদৰ সংখ্যা ৮৬ লৈ হ্ৰাস কৰিছিল।

বুজাবুজি চুক্তিৰ জৰিয়তে, আন ৩৪খন গাঁৱক লৈ হোৱা বিবাদ “সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান” কৰা হৈছে।

যি ৭১খন গাঁৱক লৈ সন্মত হৈছে সেইখনক লৈ তলত উল্লেখিত নিৰ্ণয় লোৱা হৈছে-

*অধিসূচনা কৰা সীমা অনুসৰি অৰুণাচল প্ৰদেশৰ এখন গাঁও অসমত অন্তৰ্ভুক্ত কৰা হ’ব।

*অধিসূচিত সীমা অনুসৰি অসমৰ ১০খন গাঁও অসমৰ সৈতে থাকিব।

*অধিসূচিত সীমা অনুসৰি অসমৰ ৬০ খন গাঁও অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰা হ’ব

বাকী থকা ৪৯ খন গাঁৱৰ সীমা অমীমাংসিত, আৰু বুজাবুজি চুক্তিত কোৱা হৈছে যে এইবোৰত আঞ্চলিক সমিতিয়ে “নিৰন্তৰ আলোচনাৰ জৰিয়তে” ছয় মাহৰ ভিতৰত সীমা চূড়ান্ত কৰিব।

আন তিনিখন গাঁও আংশিকভাৱে ডুলঙত Air Force’s Bombing Areaৰ ভিতৰত অৱস্থিত। বুজাবুজি চুক্তিত কোৱা হৈছে যে এই তিনিখন গাওঁ সম্পৰ্কীয় বিষয়টো অৰুণাচল প্ৰদেশে ভাৰত চৰকাৰ আৰু ভাৰতীয় বায়ু সেনাৰ সৈতে উত্থাপন কৰিব।

বুজাবুজি চুক্তি অনুসৰি, দুয়োখন ৰাজ্য চৰকাৰে সন্মত হৈছে যে ভৱিষ্যতে এই ১২৩খন গাঁৱৰ বাহিৰত কোনো নতুন গাঁও যোগ কৰা নহ’ব।

নামছাং টি ইষ্টেট অসমৰ সৈতে থাকিব।

সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অংশ অৰুণাচললৈ যাব।

অৰুণাচলক চেইজোচা (Seijosa) আৰু বেহালী বনাঞ্চলৰ (Behali Forests) এটা অংশ দিয়াৰ বিনিময়ত অসমে দিৰিঙত (Diring) ভূমি লাভ কৰিব।

Photo: Google

লগতে পঢ়কঃ Police Constable Dies: আত্মহত্যাই জানো শেষ উপায়! ছাৰ্ভিচ ৰাইফলেৰে মূৰত গুলীয়াই আত্মহত্যা কনিষ্টবলৰ, এই ঘটনা অসমৰে…হিয়া ঢাকুৰি কান্দোন পৰিয়ালৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -