25 C
Guwahati
Monday, May 20, 2024

Rang Gharক বিকৃত কৰিলে নেকি? প্ৰধানমন্ত্ৰী মোডীৰ MannKiBaatৰ বাবে ঐতিহাসিক ৰং ঘৰক লেজাৰ লাইটেৰে দিলে নতুন ৰূপ, তাৰ পিছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া- ‘ৰংঘৰত এইবোৰ কিয়?’

Rang Ghar Narendra Modi MannKiBaat: বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ #MannKiBaatৰ বাবে ধৰ্মীয় সৃষ্টিশীলতা প্ৰদৰ্শন কৰি ঐতিহাসিক ৰং ঘৰক 'বিকৃত' কৰিলে নেকি?

Must Read

Rang Ghar Narendra Modi MannKiBaat: বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ #MannKiBaatৰ বাবে ধৰ্মীয় সৃষ্টিশীলতা প্ৰদৰ্শন কৰি ঐতিহাসিক ৰং ঘৰক ‘বিকৃত’ কৰিলে নেকি?

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা All India Radioত প্ৰচাৰণ হ’বলগীয়া ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড (100th episode of ‘Mann Ki Baat) সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিজেপিয়ে (BJP) এই প্ৰাপ্তিৰ উদযাপন কৰিবলৈ এটা জনসম্পৰ্ক কাৰ্যসূচীৰ অধীনত দেশ আৰু বিদেশত ৪ লাখ স্থানৰ আয়োজন কৰা হৈছে।

যাৰ বাবে, অসমৰ ৰং ঘৰো (Rang Ghar) এই বিশাল অনুষ্ঠানটোৰ উপলক্ষে গণ প্ৰচাৰ কাৰ্যসূচীৰ অংশ হয় (On The Occasion Of Prime Minister Narendra Modi’s Completion Of The 100th Episode Of ‘Mann Ki Baat’ Which Will Be Aired On All India Radio On Sunday)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড চোৱাৰ বাবে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত ব্যাপক প্ৰস্তুতি (100 episodes of Mann Ki Baat)। শুকুৰবাবে সন্ধিয়া ৭ বজাৰ পৰা অসমৰ ঐতিহাসিক ৰং ঘৰক ডিজিটেল প্ৰজেক্টৰৰ সহায়ত লেজাৰ লাইট লগায়।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত তথা পুৰাতত্ব বিভাগৰ সহযোগত ৰংঘৰত বিশেষ আয়োজন কৰা হৈছে। দেশৰ মুঠ ১৩টা প্ৰাচীন কীৰ্তিচিহ্নৰ চৌহদত ‘মন কী বাত’ৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত আছে ৰংঘৰৰ চৌহদো (Assam’s Ranghar Is Also Part Of The Mass Outreach Program)

ইপিনে ঐতিহাসিক ৰংঘৰক (Rang Ghar) যোৱানিশা প্ৰজেক্টৰৰ সহায়ত দিয়া হয় নতুন ৰূপ। ৰং-বিৰঙী আলোকসজ্জা দেখা গ’ল ৰংঘৰত। যাক লৈ এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। কোনোৱে যদি শলাগিছে, কোনোৱে কৰিছে সমালোচনা। এনেধৰণৰ আলোকসজ্জাৰে ৰংঘৰক বিকৃত ৰূপ দিয়া বুলিও অভিযোগ কৰিছে একাংশই।

ৰংঘৰক (Rang Ghar) এনেদৰে বিকৃত কৰাক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ছচিয়েল মিডিয়াত (Sivasagar Mla Akhil Gogoi Reaction) প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

অখিল গগৈয়ে লিখিছে – ‘‘ৰংঘৰত এইবোৰ কিয়? মই আজি শিৱসাগৰত নাই। কিন্তু বহুজনে ফোন কৰি আৰু ৱাটচএপত জনাইছে যে প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ “মন কী বাত” কাৰ্যসূচীৰ বাবে ৰংঘৰ চৌহদত কিছু নিৰ্মাণ গঢ়ি তোলা হৈছে আৰু প্ৰজেক্টৰৰ জৰিয়তে ৰংঘৰটোত ধৰ্মীয় চিহ্নৰ প্ৰতিফলন ঘটোৱা হৈছে। সকলোৱে এই কাণ্ড আপত্তিজনক বুলি মোক অভিযোগ দিছে। মই নিজ চকুৰে দেখা নাই; কিন্তু ৰংঘৰৰ দৰে জাতীয় সম্পদ এটাত চৰকাৰে জাতিৰ স্বাভিমানত আঘাত পৰা কোনো কাম নকৰা ভাল। মই সংশ্লিষ্ট সকলো পক্ষক জাতিৰ স্বাভিমানত হাত নিদিবলৈ আহ্বান জনালো।’’

Photo: Akhil Gogoi Facebook

লগতে পঢ়কঃ Kaziranga Horrific Road Accident: কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা বলেৰ’ পিকআপ ভানৰ, থিতাতে ২জনে হেৰুৱালে প্ৰাণ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -