31 C
Guwahati
Tuesday, May 14, 2024

DNLA To Sign MoU With Assam Govt: অসমৰ বনাঞ্চলত অস্ত্ৰ লৈ জনজাতীয় উগ্ৰপন্থী সংগঠন আৰু নাথাকিব; DNLA-ৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ, উগ্ৰপন্থীসকলৰ বাবে আছে বিশেষ পেকেজ…

DNLA To Sign MoU With Assam Govt In New Delhi: অসমৰ অন্যতম উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ সৈতে অসম চৰকাৰে সম্পন্ন কৰিলে শান্তি চুক্তি।

Must Read

DNLA To Sign MoU With Assam Govt In New Delhi: অসমৰ অন্যতম উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী (DNLA)ৰ সৈতে অসম চৰকাৰে সম্পন্ন কৰিলে শান্তি চুক্তি (Memorandum of Understanding)।

বৃহস্পতিবাৰে নতুন দিল্লীস্থিত (New Delhi) কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ (Union Home Minister Amit Shah) উপস্থিতিত সংগঠনটোৱে চুক্তি (MoU) স্বাক্ষৰ কৰে (DNLA To Sign MoU With Assam Govt In New Delhi Thursday)।

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু DNLAৰ মাজত ত্ৰিপাক্ষিক চুক্তি (MoU) স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে এই দিনটোক অসম তথা উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে। লগতে তেওঁ কয় যে, ঐতিহাসিক শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে অসমৰ বনাঞ্চলত অস্ত্ৰ লৈ কোনো জনজাতীয় উগ্ৰপন্থী সংগঠন নাথাকিব (DNLA To Sign MoU With Assam Govt)

তেওঁ কয়, “এই চুক্তিৰ জৰিয়তে আজি অসমৰ পৰা জনজাতীয় বিদ্ৰোহী সংগঠনৰ অন্ত পৰিল। আজি DNLA আৰু DPSC-ৰ লগত চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে সকলো জনজাতীয় বিদ্ৰোহী সংগঠন মূলসুঁতিলৈ ঘূৰি আহি অসম আৰু ভাৰতৰ উন্নয়ন প্ৰক্ৰিয়াত চামিল হ’ল”।

ইফালে এই চুক্তিৰ জৰিয়তে অসম চৰকাৰৰ দ্বাৰা এখন ডিমাছা কল্যাণ পৰিষদ গঠন কৰিব বুলিও মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

ডিমাছা (Dima Hasao) লোকসকলৰ উন্নয়ন আৰু শান্তিৰ কথা চিন্তা কৰি দুয়োটা সংগঠনে কৰা ত্ৰিপাক্ষিক চুক্তিৰ বাবে আনন্দ প্ৰকাশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে (DNLA To Sign MoU With Assam Govt)। শ্বাহে লগতে কয় যে মোদী চৰকাৰে অসমক হিংসামুক্ত, বিদ্ৰোহমুক্ত আৰু উন্নয়নমুখী কৰি তুলিবলৈ কাম কৰি আহিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উগ্ৰপন্থী সংগঠনটোক (DNLA) হিংসা পৰিহাৰ কৰিবলৈ, অস্ত্ৰ-শস্ত্ৰ নাৰাখিবলৈ, সংগঠন আৰু শিবিৰ ভংগ কৰিবলৈ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কামত যোগ দিবলৈ আহ্বান জনায়। DNLAৰ আত্মসমৰ্পণ কৰা উগ্ৰপন্থীসকলৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা ৫০০ কোটি টকাৰ আৰ্থিক পেকেজো ঘোষণা কৰে।

ইফালে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় (CM Himanta Biswa Sarma)যে- “আজিৰ পৰা অসমত কোনো জনজাতীয় উগ্ৰপন্থী সংগঠন নাথাকিব। সকলোৱে মূলসুঁতিলৈ ওভতি আহিছে।” শান্তি চুক্তিৰ পূৰ্বে DNLAই ইতিমধ্যে কিছু অস্ত্ৰ জমা কৰি ৰাখিছে আৰু বাকীখিনি অনাগত দিনত আত্মসমৰ্পণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

চুক্তি স্বাক্ষৰ কাৰ্যসূচীত অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাসহ (CM Himanta Biswa Sarma) উপস্থিত থাকে DNLAৰ প্ৰায় সংখ্যক শীৰ্ষ নেতা।

Photo: Google

লগতে পঢ়কঃ Weather Assam Update: ভাল খবৰ! আহিব বৰষুণ, কমিব গৰম; অসমকে ধৰি দেশৰ এইসমূহ ৰাজ্যত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা… পিছে কেতিয়াৰ পৰা?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -