25 C
Guwahati
Wednesday, April 17, 2024

Weather Assam Update: ভাল খবৰ! আহিব বৰষুণ, কমিব গৰম; অসমকে ধৰি দেশৰ এইসমূহ ৰাজ্যত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা… পিছে কেতিয়াৰ পৰা?

Weather Assam Update: উস বৰ গৰম! মাৰ্চৰ পৰা প্ৰচণ্ড গৰমত ভুগি থকা দেশৰ বহু অঞ্চল যোৱা কেইদিনমানৰ পৰা পাতলীয়া বৰষুণ দি থকাৰ বাবে যথেষ্ট সকাহ পাইছে। এতিয়া আৰু অধিক সকাহ পাব! কাৰণ আহিব বৰষুণ, কমিব গৰম।

Must Read

Weather Assam Update: উস বৰ গৰম! মাৰ্চৰ পৰা প্ৰচণ্ড গৰমত ভুগি থকা দেশৰ বহু অঞ্চল যোৱা কেইদিনমানৰ পৰা পাতলীয়া বৰষুণ দি থকাৰ বাবে যথেষ্ট সকাহ পাইছে। এতিয়া আৰু অধিক সকাহ পাব! কাৰণ আহিব বৰষুণ, কমিব গৰম।

বতৰ বিজ্ঞান বিভাগে (India Meteorological Department) আগন্তুক ৫ দিনৰ বাবে দেশৰ বহুতো ৰাজ্যত বৰষুণৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে (Weather Forecast By Imd Rainfall In Delhi Up 5 Days)। এই অনুসৰি, দিল্লীৰ পৰা অসমলৈ বহুতো ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত সৰ্বাধিক তাপমাত্ৰা হ্ৰাস হ’ব।

২৬ এপ্ৰিলৰ পৰা পশ্চিম হিমালয় অঞ্চলত আৰু ২৮ এপ্ৰিলৰ পৰা উত্তৰ-পশ্চিম ভাৰতৰ সমভূমিত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিল্লীত (Delhi) পৰৱৰ্তী ছয়ৰ পৰা সাত দিনৰ ভিতৰত আকাশ সাধাৰণতে ডাৱৰীয়া আৰু পাতল বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে

বতৰ বিজ্ঞান বিভাগে (Regional Meteorological Centre) জনোৱা অনুসৰি পুনৰ দিল্লীত (Delhi) পাতল বৰষুণ আৰু ডাৱৰীয়া পৰিস্থিতিৰ বাবে, তাপমাত্ৰা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই। পৰৱৰ্তী ছয়ৰ পৰা সাত দিনৰ বাবে তাপ প্ৰবাহৰ কোনো সম্ভাৱনা নাই।

আইএমডিয়ে (IMD) অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, পুডুচেৰী, কাৰাইকাল, কেৰালা আৰু মাহেৰ ভিতৰুৱা অংশত পৰৱৰ্তী পাঁচ দিনৰ বাবে বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে (Weather Assam Update)। ২৮ এপ্ৰিলৰ পৰা ১ মে’লৈ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ (Arunachal Pradesh), অসম (Assam), মেঘালয়ত (Meghalaya) আৰু ২৯ এপ্ৰিলত নাগালেণ্ড (Nagaland), মণিপুৰ (Manipur), মিজোৰাম (Mizoram) আৰু ত্ৰিপুৰাত (Tripura) ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

Photo: Google

লগতে পঢ়কঃ Madhya Pradesh Woman Killed By Stalker: ক’লে NO, মাৰি দিলে গুলী! বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ৰাস্তাৰ মাজতে ২২ বছৰীয়া ‘Pooja’ক গুলীয়াই হত্যা; তাৰ পিছত…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -