32 C
Guwahati
Saturday, May 18, 2024

Assam 2 Dacoity Case: সাৱধান! ৰাজ্যত এদিনতে দুটাকৈ ডকাইতি কাণ্ড! তাকো দুয়োটা কাণ্ড দিনৰ পোহৰতে সংঘটিত; প্ৰথমটোত লুটিলে ২০ লাখ আৰু আনটোত লুটিলে নগদ ধনসহ কাগজ-পত্ৰ

Assam 2 Dacoity Case: ৰাজ্যত আজিৰ দিনটোতে দুটাকৈ সংঘটিত হৈছে ভয়ংকৰ ডকাইতি কাণ্ড (Dacoity Case)

Must Read

Assam 2 Dacoity Case: ৰাজ্যত আজিৰ দিনটোতে দুটাকৈ সংঘটিত হৈছে ভয়ংকৰ ডকাইতি কাণ্ড (Dacoity Case)।

প্ৰথমটোত, গুৱাহাটীৰ ৰাজপথৰ সমীপত ৰখাই থোৱা ব’লৰো বাহনৰ আইনা ভাঙি লুটি নিলে নগদ ধনসহ নথি-পত্ৰ থকা বেগ। বেলতলা জয়ানগৰত (Beltola Jayanagar) সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা। ডকাইতি কাণ্ডৰ সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভিত।

উল্লেখযোগ্য যে, বেলতলাৰ মনোজ শৰ্মা নামৰ লোকজনে বাহনখন ৰখাই থৈ বজাৰ কৰিবলৈ যাওঁতেই সংঘটিত হয় এই ডকাইতিৰ ঘটনা। জয়ানগৰ ট্ৰেফিক পইণ্টত থকা আৰক্ষীৰ সন্মুখতেই এই ঘটনা সংঘটিত হোৱাত এতিয়া আচৰিত হৈছে ভুক্তভোগী লোকজন (Assam 2 Dacoity Case)

বেলতলা অঞ্চলত দীৰ্ঘদিনৰ পৰা ঘূৰি ফুৰা একাংশ অচিনাকি সন্দেহযুক্ত লোকৰ ওপৰত সন্দেহ মনোজ শৰ্মাৰ। সম্প্ৰতি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মনোজ শৰ্মা।

আনহাতে, বিশ্বনাথ চাৰিআলি (Biswanath Chariali) চহৰৰ মাজমজিয়াতো সংঘটিত হৈছে একেই ডকাইতিৰ ঘটনা। দিনৰ পোহৰতে দুৰ্বত্তই গাড়ীৰ গ্লাছ ভাঙি লৈ গ’ল প্ৰায় ২০ লাখ টকা (20 Lakhs Loot Dacoits)

উল্লেখ যে আজি দিনৰ প্ৰায় ১২.৩০ বজাত বিশ্বনাথ নগৰৰ পাভৈ পথত থকা বিষ্ণু প্ৰিয়া বজাৰৰ সন্মুখত এখন ছুইফ্ট গাড়ী ৰখাই গৰাকী গৈছিল কাষৰে হোটেলত চাহ খাবলৈ।

সেই সময়তে গাড়ীখনৰ গ্লাছ ভাঙি দুৰ্বত্তই লুটি নিলে গাড়ীৰ ভিতৰত এখন মোনাৰ পৰা প্ৰায় ২০ লাখ টকা (Assam 2 Dacoity Case)

ধূলি চাহ-বাগিচাৰ মেনেজাৰ আৰু ৩জন কৰ্মচাৰীয়ে টকাখিনি বেংকৰ পৰা উলিয়াই দুটা বেগত ভৰাই বাগিচালৈ লৈ গৈ আছিল, কিন্তু ভুক্তভোগীয়ে চাহ খাই উভতি আহি দেখা পাই গাড়ীখনত প্ৰায় ২০ লাখ টকাৰ বেগটো নাই।

তেতিয়াই হুৱাদুৱা লাগে। ইতিমধ্যে ঘটনাস্থলীত বিশ্বনাথ আৰক্ষীৰ (Biswanath Police) উচ্চ পদস্থ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Photo & Input: Batori24

লগতে পঢ়কঃ Rajasthan Minor Gangrape: ইয়াতকৈ নৃশংস আৰু একো নাই! দলবদ্ধ বলাৎকাৰৰ পিছত হত্যা কৰি ১৫ বছৰীয়া কিশোৰীক জ্বলাই দিলে “কয়লাৰ ভাটা”ত; এক হৃদয় কঁপোৱা ঘটনা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -