31 C
Guwahati
Saturday, May 18, 2024

Zubeen Garg News: মন কৰিছেনে এইবাৰ যে জুবিনে বিহু মঞ্চত ‘উত্‍পাত’ কৰা নাই? পিছে কিয় কৰা নাই, তাৰে উত্তৰ নিজেই দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে…

Zubeen Garg News: প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰায়খন বিহু মঞ্চত দেখা গ'ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক (Assam Heartthrob, Singer Zubeen Garg)। পিছে জুবিনক এইবাৰ বেলেগ ৰূপতহে দেখা গ'ল।

Must Read

Zubeen Garg News: প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰায়খন বিহু মঞ্চত দেখা গ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক (Assam Heartthrob, Singer Zubeen Garg)। পিছে জুবিনক এইবাৰ বেলেগ ৰূপতহে দেখা গ’ল। কাৰণ এইবাৰ জুবিনক প্ৰতিটো অনুষ্ঠানতে পূৰ্বতকৈ কিছু ব্যতিক্ৰমী ৰূপত। জুবিনৰ সলনি হোৱা এই ৰূপক লৈ চৰ্চাও হৈছে ছচিয়েল মিডিয়াত। কিন্তু কিয় সলনি হ’ল জুবিন গাৰ্গ (Singer Zubeen Garg), পূৰ্বৰ দৰে এইবাৰ কিয় জুবিনক উত্‍পতীয়া ৰূপত দেখা নগ’ল।

গানৰ ক্ষেত্ৰতো এইবাৰ যেন ব্যতিক্ৰম জুবিন। নিজৰ বহু পুৰণি গীতৰ লগতে বহু জনপ্ৰিয় গীত এইবাৰ বিহু মঞ্চত গাইছে জুবিনে। ‘পাখি’ ‘মায়া’কে ধৰি বহু পুৰণি এলবামৰ গীত, যিবোৰ গীতে মানুহৰ হৃদয় সাঁচ বহুৱাই গৈছিল, সেইবোৰ গীত পুনৰ মঞ্চত পৰিৱেশন কৰিছে অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীগৰাকীয়ে।

কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এইবাৰ বিহু মঞ্চত জুবিনৰ শান্ত-শিষ্ট ৰূপ। কোনো এখন বিহুৰ অনুষ্ঠানতে এইবাৰ দেখা যোৱা নাই উৎপতীয়া জুবিনক। কিন্তু কিয় এইটোৰ উত্তৰ দিলে খোদ জুবিন গাৰ্গে (Assam Heartthrob, Singer Zubeen Garg)

এক বিহু অনুষ্ঠানত ধেমালিৰ সুৰত জুবিনে কয়, ‘‘মোক‌ এইকেইদিন বহুতে সুধি আছে, দাদা উৎপাত নকৰা হ’ল নেকি? তেওঁ ক’লে উৎপাত কৰিম, শেষ হোৱা নাই। মোৰ আহিব লগা চিনেমাখনত মই এটা শান্ত চৰিত্ৰত থাকিম। গতিকে অলপ শান্ত হ’বলৈ চেষ্টা কৰিছো আপোনালোকৰ লগত। নতুন চিনেমাৰ কাম শেষ হ’লে মই আকৌ উৎপাত কৰিম।’’

Photo: Google

লগতে পঢ়কঃ Eid-ul-Fitr Wishes: কাইলৈ পৱিত্ৰ ঈদ; এই সুন্দৰ অসমীয়া, হিন্দী আৰু ইংৰাজী মেছেজেৰে নিজৰ বন্ধু-বান্ধৱী, প্ৰিয়জন আৰু পৰিয়ালক কওক ঈদ মোবাৰক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -