28 C
Guwahati
Friday, May 17, 2024

অসমীয়া ছবি ‘Black N White’ চালে নে? যদি চোৱা নাই চিনেমাহললৈ আৰু যাব নালাগে, মাত্ৰ ১০০ টকাতে ঘৰতে বহি চাওক এই OTT প্লেটফৰ্মটোত…

ডক্তৰ বেজবৰুৱাৰ পিছতে যোৱা ২৪ ফেব্ৰুৱাৰীত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিছিল আন এখন অসমীয়া ছবি (Assamese Movie) ‘Black N White’। ৰবি শৰ্মা (Ravi Sarma) অভিনীত এইখন Action And Suspense ধৰ্মী ছবি

Must Read

ডক্তৰ বেজবৰুৱাৰ পিছতে যোৱা ২৪ ফেব্ৰুৱাৰীত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিছিল আন এখন অসমীয়া ছবি (Assamese Movie) ‘Black N White’। ৰবি শৰ্মা (Ravi Sarma) অভিনীত এইখন Action And Suspense ধৰ্মী ছবি।

ছবিগৃহত এসপ্তাহ চলাৰ পিছতে ছবিগৃহৰ পৰা ব্লেক এণ্ড হোৱাইটক (Black N White) আঁতৰাবলৈ বাধ্য হ’ল ছবিখনৰ সৈতে জড়িত কলা-কুশলীয়ে। গুৱাহাটী প্ৰেছ ক্লাৱত (Guwahati Press Club) এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰাৰ লগতে কিছু আক্ষেপো ব্যক্ত কৰিলে অভিনেতা ৰবি শৰ্মাই (Actor Ravi Sarma)

বহু ছবিগৃহই ব্লেক এণ্ড হোৱাইটক (Assamese Movie Black N White) ভাল শ্লট প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ৰবি শৰ্মাই কয় যে যিসমূহ ছবিগৃহই ছবিখনত ভাল শ্লট প্ৰদান কৰিছে, তাত উপাৰ্জন ভাল হৈছে।

ৰাজ্যৰ ৫০টা ছবিগৃহত বিগত এটা সপ্তাহত ছবিখনে প্ৰায় ৯ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলিও জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে। আনহাতে ব্লেক এণ্ড হোৱাইটৰ মুক্তিৰ পিছতেই ছবিখনক লৈ আন আন কলা-কুশলীয়ে আগ্ৰহ ব্যক্ত নকৰা বুলি মন্তব্য কৰিছিল ৰবি শৰ্মাই। বিগত ২-৩ বছৰত কলা-কুশলীসকলৰ মাজত বিভাজন পৰিলক্ষিত হৈছে।

কিন্তু ছবিখনক ছবি গৃহৰ পৰা আঁতৰালেও দৰ্শকে OTT প্লেটফৰ্মত এই ছবিখন উপভোগ কৰিব পাৰিব বুলি জনায় ৰবি শৰ্মাই। CND Play নামৰ অসমীয়া OTT প্লেটফৰ্মটোত মাত্ৰ ১০০ টকাৰ বিনিময়ত দৰ্শকে ছবিখন উপভোগ কৰিব পাৰিব বুলি প্ৰকাশ কৰে অভিনেতা ৰবি শর্মাই।

Photo: Google

লগতে পঢ়কঃ Lifestyle Tips: ভুলতেও এই ৰঙৰ জোতা-চেণ্ডেল (Footwear) নিপিন্ধিব; নহ’লে দুৰ্ভাগ্যই কেতিয়াও পিছ এৰা নিদিব, হ’ব ধনৰ অভাৱ! আহক জানো কি ৰং?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -