29 C
Guwahati
Sunday, May 19, 2024

Shrinkhal Chaliha Arrested: বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ; চান্দাৰ নামত বলপূৰ্বক ধন সংগ্ৰহ কৰাৰ অভিযোগ, ঘৰৰ পৰা উঠাই লৈ আহে চলিহাক…

আৰক্ষীয়ে শৃংখল চলিহাক নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে (Shrinkhal Chaliha Arrested)। সোমবাৰে সন্ধিয়া চলিহাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছিল (Fir Against Shrinkhal Chaliha)

Must Read

Shrinkhal Chaliha Arrested: বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ নামত বলপূৰ্বকভাবে ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে (Bir Lachit Sena Leader Shrinkhal Chaliha Arrested For Demanding Donation For Socio-Cultural Event)।

অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) টুইটাৰযোগে এই কথা জনায়।

আৰক্ষীয়ে শৃংখল চলিহাক নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে (Shrinkhal Chaliha Arrested)। সোমবাৰে সন্ধিয়া চলিহাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছিল (Fir Against Shrinkhal Chaliha)। অভিযোগ অনুসৰি, চলিহাই বিহুৰ চান্দাৰ লগতে আছুতীয়াকৈ টেক্স নিদিয়াৰ বাবে ব্যৱসায়ী মাণিক চান্দ কেডিয়াৰ মুখত থুৱাইছিল। এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে থানাত জমা দিয়া হৈছিল (Shrinkhal Chaliha Arrested)

আৰক্ষীয়ে মঙলবাৰে পুৱা চলিহাক এই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে (Shrinkhal Chaliha Arrested)। শিৱসাগৰৰ ঘৰৰ পৰাই (Shrinkhal Chaliha Arrested From Sivasagar) তেওঁক আটক কৰি থানালৈ অনা হয়।

উল্লেখ্য, শিৱসাগৰ জিলাত অলপতে AJYCPৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক প্ৰহাৰ কৰা ঠিকাদাৰ নিৰ্মল ম’ৰক কেন্দ্ৰ কৰি ইতিমধ্যে জিলাখন উত্তাল হৈ আছিল। এই ঘটনাৰ বাবে শৃংখল চলিহায়ো ম’ৰক ধমকি দিছিল। চলিহাক ধমক দিয়া ঘটনাৰ বাবে ঘৰতে গৃহবন্দী কৰা হৈছিল। পিছত চলিহাৰ যোৱা ২৮ এপ্ৰিলত মাণিক চান্দ কেডিয়াক থুওৱাক লৈ গোচৰ ৰুজু হোৱাত তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, এক পুংখানুপুংখ তদন্ত কৰা হ’ব আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব (Shrinkhal Chaliha Arrested)

Photo: Google

লগতে পঢ়কঃ ANI Twitter Account Locked: টুইটাৰে লক কৰিলে ANIৰ একাউণ্ট; প্ৰথমে Gold Tick কাঢ়ি লৈছিল, আৰু আজি কৰিলে লক…পিছে কিয়?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -