31 C
Guwahati
Thursday, May 16, 2024

MPLAD Fund Scam: সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ গোচৰ; CM Vigilanceৰ জেৰাৰ সন্মুখীন হ’ব সাংসদ অজিত কুমাৰ ভূঞাৰ লগতে ৪ নিলম্বিত ACS বিষয়া!

ফেব্ৰুৱাৰী মাহত অজিত ভূঞাৰ (Rajya Sabha MP Ajit Kumar Bhuyan) সাংসদ পুঁজিৰ কেলেংকাৰী পোহৰলৈ আহিছিল (MPLAD Fund Scam)

Must Read

MPLAD Fund Scam: সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ গোচৰত চি এম ভিজিলেঞ্চৰ (CM Special Vigilance In Assam) জেৰাৰ সন্মুখীন হ’ব সাংসদ অজিত কুমাৰ ভূঞাৰ (Rajya Sabha MP Ajit Kumar Bhuyan) লগতে ৪ নিলম্বিত ACS বিষয়া (MPLAD Fund Scam)।

ইতিমধ্যে অজিত ভূঞা আৰু চাৰি ACS বিষয়ালৈ জাননী প্ৰেৰণ কৰা হৈছে। অভিযন্তাসহ ১৪জন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। তদাৰকী কোষৰ এজাহাৰত সন্নিৱিষ্ট সাংসদ অজিত ভূঞাৰ নামো।

জানিবলৈ দিয়া অনুসৰি, ACS বিষয়া কেইগৰাকীৰ MPLAD Fund কেলেংকাৰী গোচৰত সোধা-পোছাৰ বাবে আজিৰে পৰা চি এম ভিজিলেঞ্চত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ১৮ মাৰ্চত নিলম্বিত কৰা হৈছিল এই ৪ গৰাকী ACS বিষয়াক (MPLAD Fund Scam)

সূত্ৰ অনুসৰি, ৰাজ্যৰ বৰপেটাত পথ নিৰ্মাণৰ বাবে সাংসদ ভূঞাৰ সাংসদ নিধিৰ পৰা (MPLAD Fund Scam) এটা পুঁজি আৱণ্টিত কৰা হৈছিল। অৱশ্যে, ৭৫ শতাংশ কাম সম্পূৰ্ণ নকৰাকৈ বিল জাৰি কৰা হৈছিল।

এই কেলেংকাৰী তেতিয়াহে পোহৰলৈ আহে যেতিয়া মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষে এক তদন্ত চলাইছিল য’ত দেখা গৈছিল যে ৭৫ শতাংশ পথ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে চাৰিজন নিলম্বিত বিষয়াই বিধেয়কখনত স্বাক্ষৰ কৰিছিল (CM Vigilance For Questioning From Today Onwards In The MPLAD Fund Scam Case)

নিলম্বিত বিষয়কেইগৰাকী ক্ৰমে ACS শৰ্মিষ্ঠা বৰা (Sharmistha Borah), হেমন্ত দত্ত (Hemanta Kumar Dutta), মুনিন বৰদলৈ (Munindra Bordoloi), সুকন্যা বৰা (Sukanya Borah)। দিগন্ত কলিতা নামৰ সহকাৰী অভিযন্তা এজনো জড়িত থকাৰ অভিযোগ এই কেলেংকাৰীত। আন আঠজন নিৰ্মাণ সমিতিৰ সচিবৰো নাম আছে এজাহাৰত। সচিব কেইজন হ’ল বিশ্বজিত ডেকা, শংকৰ কলিতা, পাৰ্থ প্ৰতীম ডেকা, ভাস্কৰ দাস, জিতু কলিতা, কামিনী দাস, অতুল চন্দ্ৰ ডেকা। ঠিকাদাৰ অৰূপ কলিতাৰো নাম আছে এজাহাৰত।

ফেব্ৰুৱাৰী মাহত অজিত ভূঞাৰ (Rajya Sabha MP Ajit Kumar Bhuyan) সাংসদ পুঁজিৰ কেলেংকাৰী পোহৰলৈ আহিছিল (MPLAD Fund Scam)। ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ (CM Special Vigilance In Assam) তদন্ত। নিৰীক্ষণ কোষৰ তদন্তত পোহৰলৈ আহিছিল ১৪জন বিষয়াৰ নাম।

Photo: Google

লগতে পঢ়কঃ Shrinkhal Chaliha Arrested: বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ; চান্দাৰ নামত বলপূৰ্বক ধন সংগ্ৰহ কৰাৰ অভিযোগ, ঘৰৰ পৰা উঠাই লৈ আহে চলিহাক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -