32 C
Guwahati
Sunday, May 19, 2024

Odisha Triple Train Accident Case: অভিশপ্ত ২ জুন! ওড়িশাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ২ ৰে’লৰ ইঞ্জিনিয়াৰসহ ৩জনক গ্ৰেপ্তাৰ, ২জুনত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ২৮৮জন লোকে

Odisha Triple Train Accident Case: ভাৰতীয় দণ্ডবিধি ৩০৪ৰ অধীনত তিনিওজনকে গ্ৰেপ্তাৰ কৰিছে চি বি আয়ে। এই অভিযোগত দোষী সাব্যস্ত হ'লে তিনিওৰে যাৱদজীৱন কাৰাদণ্ড হ'ব পাৰে।

Must Read

Odisha Triple Train Accident Case: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ (Odisha Triple Train Accident) সন্দৰ্ভত চি বি আয়ে তিনিগৰাকী ৰে’ল বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। 

২ জুনৰ দিনা বালাছোৰত সংঘটিত এই দুৰ্ঘটনাৰ সন্দৰ্ভত চি বি আয়ে (CBI) গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ছিনিয়ৰ চেকছন ইঞ্জিনিয়াৰ অৰুণ কুমাৰ মাহাতু, মঃ আমিৰ খান আৰু টেকনিছিয়ান পাপু কুমাৰ আছে (CBI Arrests 3 Railway Employees In Balasore Train Accident Case)।

লগতে পঢ়কঃ https://www.batori24.com/as/big-story/odisha-tragedy-update/15395/

ভাৰতীয় দণ্ডবিধি ৩০৪ৰ অধীনত তিনিওজনকে গ্ৰেপ্তাৰ কৰিছে চি বি আয়ে। এই অভিযোগত দোষী সাব্যস্ত হ’লে তিনিওৰে যাৱদজীৱন কাৰাদণ্ড হ’ব পাৰে।

উল্লেখ্য যে, এই দুৰ্ঘটনাত চি বি আইৰ তদন্তত এই তিনিওজন ৰে’ল বিষয়া কৰ্মচাৰীৰ অৱহেলা কথা পোহৰলৈ আহিছে।

উল্লেখ্য যে, এই ৰে’ল দুৰ্ঘটনাত অপৰাধী কাৰ্যকলাপ আৰু ষড়যন্ত্ৰ জড়িত থকাৰ সন্দেহত চি বি আয়ে অনুসন্ধান কৰিছিল (Odisha Triple Train Accident Case)। দুৰ্ঘটনাত ২৮৮ জন ৰে’ল যাত্ৰীৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ১১০০ গৰাকী লোক আহত হৈছিল।

Photo: Google

লগতে পঢ়ক: https://www.batori24.com/as/viral/richest-beggar-bharat-jain/1631

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -