25 C
Guwahati
Monday, May 20, 2024

Junmoni Rabhas Brother Hospitalized: অৱশেষত! SI জোনমণি ৰাভাৰ মৃত্যুৰ খবৰ নল’লে যদিও, ককায়েকৰ স্বাস্থ্যৰ বুজ লৈ চৰকাৰে দিলে ইমান টকা…এই সহায়ৰ আঁৰত আছে নেকি কিবা ৰহস্য!

Junmoni Rabhas Brother Hospitalized: SI জোনমণি ৰাভাৰ ৰহস্যজনকভাবে মৃত্যু হোৱা ঘটনাই এতিয়া ডেৰ মাহ অতিক্ৰম কৰিলে

Must Read

Junmoni Rabhas Brother Hospitalized: SI জোনমণি ৰাভাৰ ৰহস্যজনকভাবে মৃত্যু হোৱা ঘটনাই এতিয়া ডেৰ মাহ অতিক্ৰম কৰিলে।

বৰ্তমানলৈও জোনমণিৰ মৃত্যুৰ তদন্ত চলিয়েই আছে।

এতিয়াও সেই ৰহস্য ফাদিল হোৱাই নাই যে জোনমণিৰ মৃত্যু পথ দুৰ্ঘটনা আছিল নে পৰিকল্পিত হত্যাকাণ্ড আছিল (Junmoni Rabha Died In Horrific Road Accident)

Junmoni Rabhas Brother Hospitalized

সেই সময়ত জোনমণিৰ মৃত্যুৰ ঘটনাই যদিও বাতৰিৰ শিৰোনাম দখল কৰিছিল কিন্তু এতিয়া সেই খবৰ যেন নাইকিয়া হৈ পৰিল।

জোনমণিৰ মৃত্যুৰ পিছত চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল। কেৱল এয়াই নহয় জোনমণিৰ আদ্যশ্ৰাদ্ধৰ দিনাও তেওঁৰ ঘৰলৈ এপাক যাবলৈ যেন সময় নহ’ল চৰকাৰৰ।

লগতে পঢ়কঃ Junmoni Rabha Adya Shraddha: আজি SI জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ; ৰাভা জনগোষ্ঠীয় নীতি-নিয়মেৰে আদ্যশ্ৰাদ্ধ সমাপন, ৩১ মে’ত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ

আনকি পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা নাছিল কোনোধৰণৰ সাহাৰ্য।

পিছে প্ৰয়াত SI জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ (Junmoni Rabhas Brother Karuna Rabha) স্বাস্থ্যৰ খবৰ ল’বলৈ হঠাৎ ক’ৰ পৰা সময় উলিয়ালে অসম চৰকাৰৰ প্ৰতিনিধিসকলে (Junmoni Rabhas Brother Hospitalized)

কেৱল খবৰ লোৱাই নহয় জোনমণি ৰাভাৰ অসুস্থ ককায়েকৰ চিকিৎসাৰ বাবে সাহায্যও প্ৰদান কৰিলে (Junmoni Rabhas Brother Hospitalized)। হেল্থ চিটি হাস্পতাললৈ (Health City Hospital) গৈ নিজ হাতেৰে মন্ত্ৰী পিযুষ হাজৰিকাই (Minister Pijush Hazarika) জোনমণি ৰাভাৰ পৰিয়ালক দিলে ২ লাখ টকা (2 Lakhs Donation)

মন্ত্ৰী পিযুষ হাজৰিকাৰ লগত গৈছিল দিগন্ত কলিতাও (Diganta Kalita)

Junmoni Rabhas Brother Hospitalized

বিগত কেইবা মাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল জোনমণি ৰাভাৰ অসুস্থ ককায়েক কৰুণা ৰাভা।

পিছে সচেতন মহলত এই সন্দৰ্ভত বিভিন্নধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে, সেই সময়ত খবৰ ল’বলৈ সময় নোহোৱা অসম চৰকাৰৰ প্ৰতিনিধিসকলৰ এতিয়া কৰ পৰা সময় ওলাল, ওলাল টকা (Junmoni Rabhas Brother Hospitalized)

এই সহায়ৰ আঁৰত আছে নেকি কিবা ৰহস্য?

উল্লেখ্য ১৫ মে’ত জখলাবন্ধা সৰুভগীয়াত (Sarubhagia Jakhalabandha) ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু ঘটিছিল (Junmoni Rabha Died In Horrific Road Accident)। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ মাৰুতি বাহনৰ (Container Truck Colided With Maruti Car)

পিছ পৰিয়ালে দাবী কৰিছিল যে জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাই, পৰিকল্পিতভাবে হত্যা কৰা হৈছে (Junmoni Rabha Died Case)

ইয়াৰ পিছতে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CIDৰ পৰা CBIক অৰ্পণ কৰা হয়। ডিজিপিৰ অনুৰোধত মুখ্যমন্ত্ৰীয়ে তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে।

Photo: Batori24

লগতে পঢ়কঃ Vastu Tips For Morning: পুৱা শুই উঠিয়েই কৰক এইকেইটা কাম; মানি চলক এইবোৰ বাস্তু টিপছ, সংসাৰত আহিব সুখ-শান্তি, নহ’ব কেতিয়াও টকাৰ অভাৱ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -