26 C
Guwahati
Sunday, April 28, 2024

কম্পিউটাৰৰ ভুৱা প্ৰমাণ-পত্ৰৰে আৰক্ষীত নিযুক্তি! শতাধিক প্ৰাৰ্থীক CIDৰ জেৰা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

অসম আৰক্ষীৰ নিযুক্তিকৰণত পুনৰ খেলিমেলি। আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত প্ৰায় ১০০ প্ৰাৰ্থীক তলব CIDৰ ৷ প্ৰমাণপত্ৰ জালিয়াতি কৰা বহু প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল আৰক্ষীৰ নিযুক্তি পৰীক্ষা ৷

AB-UBৰ পৰীক্ষাত এই প্ৰমাণপত্ৰ জালিয়াতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৪১৪ জনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। ইয়াৰ ভিতৰত ২১জন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। চিআইডিয়ে ৫/২২ নম্বৰ গোচৰত তদন্ত চলাই আছে। চাকৰি লাভ কৰি অনুশীলন কৰি থকা বহু প্ৰাৰ্থীক এই মুহূৰ্তত উলুবাৰীৰ CID ৰ কাৰ্য্যলয়ত।আৰু বহু প্ৰাৰ্থী CID ৰ কাৰ্যালয়ত অহাৰ সম্ভাৱনা আছে। অসমৰ প্ৰতিটো প্ৰান্ততে বৰ্তমান চলি আছে CIDৰ অভিযান । বৰপেটা , বঙাইগাঁও , ধুবুৰী , নলবাৰী , নগাঁও , যোৰহাট , শিৱসাগৰ প্ৰতিখন জিলাতে বৰ্তমান CID ৰ অভিযান অব্যাহত আছে ।

অনলাইন যোগে ঘোষণা কৰা অসম আৰক্ষীৰ ফলাফল ২০২২ত এখন পিডিএফ ফাইলৰ ৰূপত মুকলি কৰা হৈছিল। অসম আৰক্ষীৰ এছআই, এবি আৰু ইউবি কনিষ্টবল ফলাফল ঘোষণাও এটা আনুষ্ঠানিক টুইটৰ জৰিয়তে কৰা হৈছিল। ২২ ছেপ্টেম্বৰ, ২০২২ তাৰিখে পুৱা ৯ বজাত খানাপাৰাৰ পশু চিকিৎসা ক্ষেত্ৰত প্ৰদান কৰা হৈছিল নিযুক্তি প্ৰমাণপত্ৰ ।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -