22.7 C
Guwahati
Friday, March 29, 2024

অসম চৰকাৰৰ বিভিন্ন বিভাগ আৰু শীৰ্ষ এমএনচিৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.
আজি গুৱাহাটীৰ জনতা ভৱনত অনুষ্ঠিত হৈ যায় অসম চৰকাৰৰ বিভিন্ন বিভাগ আৰু শীৰ্ষ এমএনচিৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান। ৰাজ্যৰ দক্ষতা বিকাশ, শক্তি খণ্ড, পৰ্যটন আৰু আতিথ্য খণ্ডৰ সামগ্ৰিক উৎকৰ্ষ সাধন আৰু সম্ভাৱনাসমূহৰ সঠিক ব্যৱহাৰৰ লক্ষ্যৰে অনুষ্ঠিত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠান খনৰ শুভাৰম্ভ কৰে। অসম দক্ষতা বিকাশ অভিযানৰ সৈতে মাইক্ৰ’ছফ্ট, গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেড, এল এণ্ড টি আৰু হেল্থকেয়াৰ ছেক্টৰ স্কিল কাউঞ্চিল (HSSC)ৰে স্বাক্ষৰিত চুক্তিসমূহে অনাগত দিনত ৰাজ্যৰ যুৱচামৰ দক্ষতা বৃদ্ধি, নিয়োগযোগ্য, উপযুক্ত প্ৰশিক্ষণৰ বাবে পৰিকাঠামো নিৰ্মাণ আৰু নিৰ্মাণ খণ্ডৰ অধীনত গ্ৰীনফিল্ড প্ৰকল্পসমূহৰ ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

ইয়াৰোপৰি নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ বিভাগৰ সৈতে Naukri.com নামেৰে জনপ্ৰিয় ইনফ’ এজ (ইণ্ডিয়া) লিমিটেডৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ হয়। এই চুক্তিৰ জৰিয়তে ডিজিটেল মাধ্যমত নিজৰ প্ৰফাইলসমূহ অনলাইন মাধ্যমৰ জৰিয়তে নিয়োগ প্ৰদানকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ প্ৰদান কৰিব। তদুপৰি শক্তি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আজি নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বিকাশৰ লক্ষ্যৰে এছ জে ভি এন এল গ্ৰীন এনাৰ্জী লিমিটেডৰ সৈতে এখন বুজাবুজি চুক্তি পত্ৰত স্বাক্ষৰ কৰা হয়।

তদুপৰি অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড, ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয় আৰু টাটা কমিউনিটী ইনিচিয়েটিভ ট্ৰাষ্টৰ টাটা ষ্ট্ৰাইভ স্কিল ডেভেলপমেণ্টৰ সৈতে আতিথ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে উৎকৰ্ষ কেন্দ্ৰ বিকাশৰ লক্ষ্যৰে অন্য এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

আজি স্বাক্ষৰিত হোৱা চুক্তিসমূহে ৰাজ্যৰ সামগ্ৰিক বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক গঢ় দিয়া নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সহায় কৰিব।
এই অনুষ্ঠানত জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা আৰু সঞ্জয় কিষাণকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া আৰু অন্যান্য লোকসকল উপস্থিত থাকে।
- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -