29 C
Guwahati
Saturday, May 11, 2024

DGP On Junmoni Case: “CIDৰ কামক লৈ সন্দেহ নাই; কিন্তু ৰাইজৰ আবেগ আৰু নিৰপেক্ষতাৰ খাতিৰত এই কেছটো CBIক দিয়া হৈছে”- DGP জি পি সিং

DGP On Junmoni Case: যিমানে দিন গৈ আছে, সিমানে SI জোনমণিৰ মৃত্যুৰ ঘটনা ক্ৰমাৎ জটিল হৈ পৰিছে

Must Read

DGP On Junmoni Case: যিমানে দিন গৈ আছে, সিমানে SI জোনমণিৰ মৃত্যুৰ ঘটনা ক্ৰমাৎ জটিল হৈ পৰিছে (Junmoni Died Case Update)।

জোনমণি ৰাভাৰ ঘটনাটোত প্ৰতিদিনে কোনো নহয় কোনো লোক সাঙোৰ খায়ে আছে। যিমানে লোক সাঙোৰ খাইছে সিমানে এই ঘটনা গভীৰ ৰহস্যৰ মাজলৈ সোমাই গৈছে (DGP On Junmoni Case)

DGP On Junmoni Case

ভিন্ন দৃষ্টিকোণেৰে চৰ্চা চলিছে এই দুৰ্ঘটনাক লৈ। আনহাতে জোনমণি ৰাভাৰ (Junmoni Rabha) দুৰ্ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে নগাঁও (Nagaon) আৰু লখিমপুৰ জিলাৰ (Lakhimpur District) কেইবাগৰাকীও আৰক্ষী বিষয়াৰ নাম। জোনমণি ৰাভাৰ মাতৃয়ে শুকুৰবাৰে জখলাবন্ধা আৰক্ষী (Jakhalabandha Police) থানাত দাখিল কৰা এজাহাৰতো উল্লেখ আছে নগাঁৱৰ আৰক্ষী অধীক্ষক (Nagaon SP) সহ কেইবাগৰাকীও আৰক্ষী বিষয়াৰ নাম।

জোনমণি ৰাভাৰ এই ৰহস্যঘন মৃত্যুৰ তদন্ত প্ৰথমে CID-এ চলাই আছিল যদিও এতিয়া পৰিয়াল আৰু বিভিন্ন দল-সংগঠনৰ দাবীত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে CBIক।

ইফালে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে (DGP GP Singh) অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত (Assam Police Head Quarter) এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ কয় যে- “১৬ তাৰিখে মাজনিশা এটা খবৰ আহিছিল যে জোনমণিৰ ৰাভাৰ মৃত্যু ঘটিছে। প্ৰাথমিক অনুসন্ধানৰ ওপৰত ভিত্তিত কৰি এই গোচৰটো CIDক দিয়া হৈছিল। ৩দিন ধৰি এই গোচৰৰ তদন্ত CID-এ কৰিছিল।

শুকুৰবাৰে মুখ্যমন্ত্ৰীক (CM Himanta Biswa Sarma) সাক্ষাৎ কৰি ঘটনাক সম্পৰ্কত জনোৱা হৈছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল।

লগতে পঢ়কঃ Junmoni Died Update: সেই নিশা কি হৈছিল জোনমণিৰ সৈতে? “জোনমণিৰ দেহৰ ৰাজহাড় ভঙা আছে; মূৰৰ পাছফালে আছে আঘাত, আঁঠু, ভৰি আৰু কিলাকুটিটো আছে আঘাত”- জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট প্ৰকাশ…

তেওঁ লগতে কয় যে- “CIDৰ কাৰ্যক্ষমতাৰ ওপৰত কোনো সন্দেহ নাই। কিন্তু কেছটো CBIক দিয়াৰ সিদ্ধান্ত জনসাধাৰণৰ আবেগ আৰু নিৰপেক্ষতাৰ খাতিৰত লোৱা হৈছে।

দ্বিতীয়টো কাৰণ হ’ল আমাৰ এজন বিষয়া নিহত হৈছে, সেইবাবে নিৰপেক্ষ সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰাটো প্ৰয়োজন। আমি আশা কৰিছো CBI-এ স্বচ্ছ আৰু সঠিক তদন্ত কৰিব।’’

জি পি সিঙে কয় (DGP On Junmoni Case), ‘‘মই ডিজিপি হিচাপে সিদ্ধান্ত লৈছিলো যে আমাৰ হাতত এই ঘটনা সন্দৰ্ভত চাৰিটা গোচৰ আছে। নগাঁও থানাত (Nagaon Police) এটা, লখিমপুৰ থানাত (Lakhimpur Police) এটা আৰু জখলাবন্ধা থানাত (Jakhalabandha Police) দুটা গোচৰ ৰুজু হৈছিল। সমগ্ৰ গোচৰৰ তদন্ত চিবিআইক দিবলৈ অনুৰোধ জনাইছিলো। তাৰ উপৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মৰ্মে এই জিলা দুখনৰ সকলো আৰক্ষী বিষয়াসকলক বদলি কৰাৰ সিদ্ধান্ত লোৱা হয়।’’

লগতে পঢ়কঃ Junmoni Case: তদন্ত নে প্ৰমাণ নষ্টৰ চেষ্টা! জোনমণিৰ ভাতৃৰ অভিযোগ- “কি কি লৈ গৈছে কোনোধৰণৰ চিজাৰ লিষ্ট দিয়া নাই আৰক্ষীয়ে”; জোনমণিৰ ঘৰত চলা আৰক্ষীৰ অভিযান সঁচাকৈয়ে তদন্ত আছিল নে?

আনহাতে ইতিমধ্যে এই ঘটনাত নাম সাঙোৰ খাই পৰা বা নপৰা নগাঁও আৰু লখিমপুৰৰ কেইবাগৰাকীও আৰক্ষী বিষয়াক (Nagaon And Lakhimpur Police Officer Transfer) বদলি কৰা হৈছে। ৰিজাৰ্ভ ক্ল’জো কৰা হৈছে ৪ গৰাকীকৈ আৰক্ষী বিষয়াক (4 Police Officer “Reserve-Closed”)

শেহতীয়াকৈ এইবাৰ বদলি কৰা হ’ল দুয়োখন জিলাৰ আৰক্ষী অধীক্ষকক। নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই দাবী কৰা মতে, জোনমণিৰ দুৰ্ঘটনাৰ দিনা সন্ধিয়া আৰক্ষী অধীক্ষকগৰাকীয়ে মাতি পঠিয়াইছিল তেওঁক। আনহাতে ৰাতি প্ৰায় ডেৰমান বজাত আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বতে আৰক্ষীৰ এটা দল আহি জোনমণি ৰাভাৰ চৰকাৰী অৱাসত তালাচী চলাই লৈ গৈছিল প্ৰায় ৪ লাখ টকা (DGP On Junmoni Case)

এই সমগ্ৰ দাবীয়ে লীনা দলেৰ (Leena Doley) ওপৰতো এতিয়া সন্দেহৰ আঙুলি প্ৰখৰ কৰি তুলিছে।

আনহাতে, ৩০ দিনৰ ভিতৰত নকল সোণৰ বেহা উৎখাত কৰাৰ আশ্বাসো প্ৰদান কৰিলে ডিজিপি জি পি সিঙে (DGP On Junmoni Case)। লগতে আৰক্ষীক সকীয়নি দি কয়, অপৰাধজনিত কাৰ্যত জড়িত যিকোনো আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হ’ব মুখ্য কাৰ্যালয়। কাকো ৰেহাই দিয়া নহ’ব।

Photo: Facebook

লগতে পঢ়কঃ RBI Withdraw Rs 2000 Notes: আকৌ বিমুদ্ৰাকৰণ! বন্ধ হ’ব ২ হাজাৰ টকীয়া নোট; ২৩ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সলনি কৰিব পাৰিব এই নোটসমূহ, এই ঘোষণা RBIৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -