35 C
Guwahati
Thursday, May 16, 2024

2 Murder Assam: নৃশংস! একেদিনাই ২টাকৈ ভয়ংকৰ হত্যাকাণ্ড; হত্যাকাৰী দুয়োজনে “ককায়েক”, পৃথক স্থান, কিন্তু ঘটনা একে…দুয়োটা ঘটনাতে ককায়েকে ভায়েকক ডিঙি কাটি কৰে হত্যা

2 Murder Assam: ৰাজ্যত একেদিনাই ২টাকৈ নৃশংস হত্যাকাণ্ডৰ ঘটনা। দুয়োটা ঘটনাতে ককায়েকে নৃশংসভাবে হত্যা কৰে সৰু ভায়েকক

Must Read

2 Murder Assam: ৰাজ্যত একেদিনাই ২টাকৈ নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা।

দুয়োটা ঘটনাতে ককায়েকে নৃশংসভাবে হত্যা কৰে সৰু ভায়েকক (Elder Brother Killed Small Brother)

2 Murder Assam

প্ৰথমটো হত্যাকাণ্ড সংঘটিত হৈছে দৰঙৰ খাৰুপেটীয়াত (Darrang Kharupetia)। খাৰুপেটীয়াত ১৩ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ডিঙি কাটি হত্যা কৰে কণমানি শিশুটিক (Neck Slit By Brother)

বুধবাৰে পুৱা ১০ বজাৰ পৰা নিখোজ হৈ আছিল শিশু হৰ্ষিত জৈন। ককায়েক নমন জৈনে সৰু ভায়েক হৰ্ষিত জৈনক হত্যা কৰাৰ সন্দেহ কৰে স্থানীয় ৰাইজে। খাৰুপেটীয়া আৰক্ষীয়ে (Kharupetia Police) আটক কৰে নমন জৈনক (2 Murder Assam)

হৰ্ষিত জৈনৰ হত্যাকাণ্ড সন্দৰ্ভত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি তালুকদাৰে কয় যে- এটা মোবাইলৰ টেম্পাৰ গ্লাছ ভঙাক লৈ কালিৰে পৰা দুই ভাইৰ মাজত কাজিয়া হৈ আছিল ৷

পিছত সৰু ভায়েকক চাইকেলত বহাই লৈ ককায়েকে খাৰুপেটীয়াৰ বিভিন্ন স্থানত ঘূৰি ফুৰা চিচিটিভি কেমেৰাত দেখা পাাইছিল ৷ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত৷

ইফালে দ্বিতীয়টো হত্যাকাণ্ডৰ (Second Murder) ঘটনা সংঘটিত হয় সোণাপুৰৰ (Sonapur) ভকোৱাগোগৰ লাংকুডুত। ককায়েকৰ দাৰ ঘাপত থিতাতে নিহত সৰু ভায়েক প্ৰদীপ মুৰাৰী।

সন্ধিয়াৰ ভাগত নিজ গৃহতে কিবা কথাত দুই ভাতৃৰ মাজত কাজিয়া সৃষ্টি হয় আৰু তাৰ ফলতে প্ৰদীপ মুৰাৰীক ভাতৃ লাইলা মুৰাৰীয়ে চোকা দাৰে ডিঙিত আঘাত কৰে (2 Murder Assam)

থিতাতে নিহত হয় সৰু ভাতৃ প্ৰদীপ মুৰাৰী। হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে লাইলা মুৰাৰী (2 Murder Assam)

ঘটনাস্থলী উপস্থিত হৈ সোণাপুৰ আৰক্ষীয়ে (Sonapur Police) ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

অৱশ্যে পিছত হত্যাকাৰী ককায়েক লাইলা মুৰাৰীয়ে আত্মসমৰ্পণ (Surrender) কৰে আৰক্ষীৰ ওচৰত।

Photo & Input: Batori24

লগতে পঢ়কঃ Tripura Rath Yatra Tragedy: খুবেই মৰ্মান্তিক! ৰথ যাত্ৰাৰ সময়ত ৰথৰ ৰছী টানি কেইবাজনো বিদ্যুৎস্পৃষ্ট; ২ শিশুসহ ৭জনৰ মৃত্যু, মৃতকৰ পৰিয়াললৈ ৪ লাখ, ৬০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হোৱা লোকক ২.৫০ লাখ, ৪০-৬০ শতাংশৰ ভিতৰত অগ্নিদগ্ধ হোৱা লোকক ৭৪ হাজাৰ ক্ষতিপূৰণ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -