30 C
Guwahati
Monday, April 29, 2024

Tripura Rath Yatra Tragedy: খুবেই মৰ্মান্তিক! ৰথ যাত্ৰাৰ সময়ত ৰথৰ ৰছী টানি কেইবাজনো বিদ্যুৎস্পৃষ্ট; ২ শিশুসহ ৭জনৰ মৃত্যু, মৃতকৰ পৰিয়াললৈ ৪ লাখ, ৬০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হোৱা লোকক ২.৫০ লাখ, ৪০-৬০ শতাংশৰ ভিতৰত অগ্নিদগ্ধ হোৱা লোকক ৭৪ হাজাৰ ক্ষতিপূৰণ

Tripura Rath Yatra Tragedy: বুধবাৰে বিয়লি ত্ৰিপুৰাৰ উনাকোটি জিলাৰ কুমাৰঘাটত (Tripura's Unakoti District) সংঘটিত হয় এক ভয়ংকৰ তথা কৰুণ ঘটনা

Must Read

Tripura Rath Yatra Tragedy: বুধবাৰে বিয়লি ত্ৰিপুৰাৰ উনাকোটি জিলাৰ কুমাৰঘাটত (Tripura’s Unakoti District) সংঘটিত হয় এক ভয়ংকৰ তথা কৰুণ ঘটনা (Horrific Inicident)।

বিশেষভাৱে নিৰ্মিত এখন ৰথত উঠি ৰথযাত্ৰা কৰি থকা সময়তে হঠাতে মৃত্যুমুখত পৰে প্ৰায় ৭জন লোক। স্থানীয় লোকে জনোৱা মতে, এই মৰ্মান্তিক দুৰ্ঘটনাত কমেও ৯জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ১৫গৰাকী (7 People Died And 16 Others Sustained Injuries After Being Electrocuted During The Ulta Rath Yatra)

জানিবলৈ দিয়া অনুসৰি, জগন্নাথ প্ৰভুৰ উল্টা ৰথযাত্ৰা উৎসৱত ব্যৱহাৰ কৰা ৰথখনৰ এটা লোহাৰ অংশ হঠাতে পথৰ ওপৰত থকা বিদ্যুতৰ তাঁৰত লাগে (Tripura Rath Yatra Tragedy)

তাৰ কিছু সময়ৰ পিছতে বহু কেইজন লোক বিদ্যুৎস্পৃষ্ট (Electrocuted) হৈ কৰুণ মৃত্যুক (Tragic Died) সাৱটি লয়। সকলোৰে সন্মুখত ঘটে এই ঘটনা। দৃশ্য ইমানেই ভয়ংকৰ আছিল যে বিদ্যুৎস্পৃষ্ট হোৱাৰ পিছত জ্বলি উঠে জুই।

লোমহৰ্ষক এই ঘটনাৰ পৰা ৰথৰ ৰছী টানি বহু লোক বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা ৰক্ষা পৰে যদিও ৰথত উঠি থকাসকলৰ প্ৰায়ভাগে প্ৰাণ হেৰুৱায় (Tripura Rath Yatra Tragedy)

Tripura Rath Yatra Tragedy

ইফালে এই শোকাৱহ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ (4 Lakh Compensation) দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

লগতে এই ঘটনাত ৬০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হোৱা লোকসকলক ২.৫০ লাখ টকা সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।

তদুপৰি ৪০ ৰ পৰা ৬০ শতাংশৰ ভিতৰত অগ্নিদগ্ধ হোৱা চিকিৎসাধীন লোকসকলক ৭৪ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সাহাই (Tripur Chief Minister Manik Saha) এই শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰি তাৎক্ষণিকভাৱে এই ক্ষতিপূৰণ তথা সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰে।

উল্লেখ্য যে, এই মৰ্মান্তিক ঘটনাত আন ১৬ গৰাকী ব্যক্তি গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল। এই শোকাৱহ ঘটনাই (Tragic Incident) ৰাজ্যজুৰি এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছিল।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্রী ড০ সাহাই (Chief Minister Manik Saha) তৎক্ষণাত ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যক্তিগতভাৱে পৰিস্থিতিৰ মূল্যায়ন কৰে।

তেওঁ এই ঘটনাত শোক প্ৰকাশ কৰি ঘটনাক কল্পনাতীত আখ্যা দিয়ে আৰু ত্ৰিপুৰাৰ ইতিহাসত এনে দুৰ্ভাগ্যজনক ঘটনা কেতিয়াও সংঘটিত হোৱা নাই বুলি মন্তব্য কৰে।

তেওঁ লগতে ফাতিক্ৰয় আৰু কুমাৰঘাট চিকিৎসালয় পৰিদৰ্শন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰে।

ইফালে এই দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও (PM Narendra Modi) শোক প্ৰকাশ কৰি নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা এক্স গ্ৰেচিয়া ঘোষণা (Rs. 2 lakh Ex-Gratia From PMNRF) কৰিছে। এক টুইট যোগে প্ৰধান কাৰ্যালয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জনাই আহতসকলৰ তৎকালীন আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটটোত লগতে প্ৰতিগৰাকী মৃতকৰ পৰিয়ালক ২ লাখ এক্স গ্ৰেচিয়া প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে (Tripura Rath Yatra Tragedy)। লগতে এই দুৰ্ঘটনাত আহতসকলৰ বাবে ৫০ হাজাৰ টকা সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।

Photo: Google

লগতে পঢ়কঃ Nalbari Sexual Harassment: নিলৰ্জ্জ! ৰক্ষকেই ল’লে ভক্ষকৰ ৰূপ; লকআপৰ ভিতৰতে যৌন নিৰ্যাতন কিশোৰীক, “উলংগ” কৰি ফটো তুলিলে আৰু ভিডিঅ’ কৰিলে এজন আৰক্ষী বিষয়াই…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -