29 C
Guwahati
Saturday, May 18, 2024

ধাৰাসাৰ বৰষুণৰ ফলত নেপালত ভূমিস্খলন সংঘটিতঃ ১৭ জন নিহত

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

যোৱা ২৪ ঘণ্টাত পশ্চিম নেপালত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত কমেও ১৭ জন লোকৰ মৃত্যু হয়।

যোৱা কেইদিনমানধৰি নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা সুদুৰপাচিম প্ৰদেশৰ আচাম জিলাৰ বিভিন্ন অংশত ভূমিস্খলন সংঘটিত হয়।

কাৰ্যকৰী মুখ্য জিলা বিষয়া দীপেশ ৰিজালৰ মতে, ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ (২৮১ মাইল) পশ্চিমে অৱস্থিত জিলাখনত ভূমিস্খলনত কমেও ১৭ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে।

ঘটনাত আঘাতপ্ৰাপ্ত এঘাৰজন লোকক চিকিৎসাৰ বাবে সুৰখেত জিলালৈ বিমানেৰে লৈ যোৱা হয়। ভূমিস্খলনত তিনিজন লোক সন্ধানহীন হৈছে বুলি জানিব পৰা গৈছে।

নেপাল আৰক্ষীৰ জোৱানসকলক একত্ৰিত কৰি সন্ধানহীন লোকসকলৰ সন্ধানৰ বাবে উদ্ধাৰ কাৰ্য্য অব্যাহত আছে।

হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে, বিষয়াজনে কয় যে প্ৰদেশৰ সাতখন জিলাক সংযোগ কৰা ভীমদত্ত ঘাইপথো দুৰ্যোগৰ ফলত ব্যাহত হৈছে।

ঘটনাবোৰৰ বাবে আচ্ছামত যোগাযোগ সেৱাও বিচ্ছিন হৈছে।নেপালৰ পাহাৰীয়া অঞ্চলত, বিশেষকৈ জুন আৰু ছেপ্টেম্বৰৰ মাজত সঘনাই বানপানী আৰু ভূমিস্খলন হয়।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -