25 C
Guwahati
Monday, May 20, 2024

Sivasagar: বিজেপিৰ পালিনেতাৰ গুণ্ডাগিৰি! “বিজেপি”ৰ সভাত কাম নকৰাৰ বাবে স্বামী-স্ত্ৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ; কাপোৰ ফালি কাঠেৰে কোবাই মূৰ ফালি দিয়ে পত্নীৰ, পালিনেতা অংশুমান বৰাই কৰিলে এই কাণ্ড

Sivasagar In Assam: বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই স্বামী-স্ত্ৰীৰ শাৰীৰিকভাবে আক্ৰমণ বিজেপি নেতাৰ (Bjp Leader Attack Husband And Wife)

Must Read

Sivasagar In Assam: বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই স্বামী-স্ত্ৰীৰ শাৰীৰিকভাবে আক্ৰমণ বিজেপি নেতাৰ (Bjp Leader Attack Husband And Wife)।

শিৱসাগৰ জিলাৰ (Sivasagar) গৌৰীসাগৰ আৰক্ষী (Gaurisagar Police) থানাৰ অন্তৰ্গত চাৰিং কাকতি গাঁৱত সংঘটিত হৈছে এই ঘটনা।

অংশুমান বৰা নামৰ বিজেপি পালিনেতা জনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

Sivasagar
অংশুমান বৰা বিজেপিৰ পালিনেতা

উল্লেখ্য় আমগুৰি সমষ্টিৰ অধীনৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দুৰ্লভ চন্দ্ৰ গগৈ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হৈছিল বিজেপি মহাজনসম্পৰ্ক অভিযান (Sivasagar)

আৰু এই সভাত উপস্থিত নথকাৰ বাবেই চাৰিং কাকতি গাঁও নিবাসী টমাছ চাংমাই আৰু তেওঁৰ পত্নী পূৰ্ণিমা চাংমাইক অংশুমান বৰা নামৰ বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদকজনে শাৰীৰিকভাবে আক্ৰমণ কৰে (BJP Meeting)

আক্ৰমণত আহত পতি-পত্নীয়ে অভিযোগ কৰা অনুসৰি প্ৰতিবেশী অংশুমান বৰাই বিজেপি মহাজনসম্পৰ্ক অভিযানৰ সভাত কাম কৰি দিবৰ বাবে টমাছ আৰু পূৰ্ণিমা চাংমাইক নিৰ্দেশ দিছিল।

দিন হাজিৰা কৰা পতি-পত্নীয়ে কাম কৰিবলৈ অস্বীকাৰ কৰাত সেই নিশাই অংশুমান বৰা নামৰ বিজেপিৰ পালিনেতাজনে প্ৰথমে হাতেৰে আৰু তাৰ পিছত কাঠেৰে আক্ৰমণ কৰে।

টমাছ চাংমাইৰ পত্নী পূৰ্ণিমা চাংমাইক ঘৰৰ পৰা টানি চোচৰাই অনাৰ লগতে কাপোৰ কানি ফালি এডাল কাঠেৰে আক্ৰমণ কৰি মূৰ ফালি দিয়ে ।

আনহাতে টমাছ চাংমাইকো অংশুমান বৰা নামৰ পালিনেতা জনে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে (Bjp Leader Attack Husband And Wife At Sivasagar)

স্থানীয় লোকৰ তৎপৰতাত আহত পতি-পত্নীক চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে ঘটনা সংঘটিত কৰিয়েই অংশুমান বৰাই সেই স্থানৰ পৰা পলায়ন কৰে।

বিগত নিশাই ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী থানাত (Gaurisagar Police) এজাহাৰ দাখিল কৰা হয় যদিও বর্তমানলৈকে গৌৰীসাগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

Photo & Input: Batori24

লগতে পঢ়কঃ Tinsukia Horrific Murder: খুবেই ভয়ংকৰ! স্বামীয়ে “দা”ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পত্নীক; দাৰ ঘাপত “মুণ্ড” বেলেগত আৰু দেহ বেলেগত পৰি ৰয়…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -